বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

চেলেঞ্জ ক’ভিড-১৯ প্ৰতিযোগিতাত (চি৩) অংশগ্ৰহণ কৰিবলৈ উদ্ভাৱনী মানসিকতাৰ নাগৰিকক আহ্বান এনআইএফৰ

লক্-ডাউনৰ সময়ছোৱাত ঘৰতে থাকি পুষ্টিৰ বাবে স্বাস্থ্যসন্মত খাদ্য আৰু পুষ্টিৰ বাবে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে উপায়সমূহ আহ্বান কৰা হৈছে

‘‘এই পদক্ষেপে সজাগতা প্ৰদান কৰাই নহয় বৰঞ্চ সমাজৰ এক বৃহৎ অংশক সমাধান প্ৰদান আৰু প্ৰণয়নৰ সৈতেও জড়িত কৰোৱাব’’- অধ্যাপক আশুতোষ শৰ্মা, সচিব, ডিএছটি

प्रविष्टि तिथि: 04 APR 2020 5:16PM by PIB Guwahati

ক’ৰনা মহামাৰীৰ বাবে দেশে বৃহৎ সংকটৰ সন্মুখীন হোৱাৰ সময়তে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এক স্বায়ত্বশাসিত প্ৰতিষ্ঠান নেচনেল ইন’ভেচন ফাউণ্ডেচন-ইণ্ডিয়া (এনআইএফ)ই চেলেঞ্জ ক’ভিড-১৯ প্ৰতিযোগিতা (চি৩)শীৰ্ষক এক প্ৰতিযোগিতাৰ জৰিয়তে নাগৰিকসকলক উদ্ভাৱনী উপায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷

সকলো আগ্ৰহী উদ্ভাৱকক ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ তেওঁলোকৰ সৃজনীশীল উপায়সমূহৰ সৈতে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে৷

তাৰোপৰি লক্-ডাউনৰ সময়ছোৱাত জনসাধাৰণে ঘৰতে থাকি পুষ্টিৰ বাবে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবেও উপায় আহ্বান কৰা হৈছে৷

এই সন্দৰ্ভত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয় যে এনআইএফৰ এই পদক্ষেপ দ্বাৰা সজাগতা বৃদ্ধি হ’ব আৰু জনসাধাৰণৰ বৃহৎ অংশও ইয়াত জড়িত হ’ব পাৰিব৷ উদ্ভাৱনৰ উপায়সমূহ  campaign@nifindia.org  আৰু http://nif.org.in/challenge-covid-19-competitionলৈ নিজৰ নাম, বয়স, শিক্ষা, জীৱিকা, ঠিকনা, যোগাযোগ নম্বৰ আৰু ইমেইলৰ সৈতে প্ৰেৰণ কৰিব পাৰিব৷

(অধিক তথ্যৰ বাবে যোগাযোগ কৰকঃ শ্ৰী তুষাৰ গাৰ্গ, tusharg@nifindia.org, ফোনঃ ৯৬৩২৭৭৬৭৮০)

 

*****

KGS/(DST)/MANN


(रिलीज़ आईडी: 1611140) आगंतुक पटल : 209
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada