ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্য্যালয়

ঘৰতে বনোৱা মাস্কে দূৰ কৰিব অভাৱ

সহজ ব্যৱহাৰযোগ্য আৰু পুনৰ ব্যৱহাৰৰ বাবেও উপযুক্ত

Posted On: 02 APR 2020 12:40PM by PIB Guwahati

মুখ ঢাকিবলৈ ব্যৱহাৰ কৰা মাস্ক বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি? ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা কাৰ্যালয়ে আপোনাৰ বাবে এক উদ্ভাৱনী সমাধান লৈ আহিছে৷ সেয়া হ’ল—ঘৰতে বনোৱা মাস্ক৷ প্ৰাথমিক স্তৰত এয়া সেইসকল ব্যক্তিৰ বাবে চিন্তা কৰা হৈছে, যিসকলে মাস্ক পিন্ধিব বিচাৰে, কিন্তু ইয়াক সংগ্ৰহ কৰিব পৰা নাই৷ তেওঁলোকে পুনৰ ব্যৱহাৰযোগ্য আৰু ধুৱ পৰা এইধৰণৰ মাস্ক ঘৰতে নিৰ্মাণ কৰি ল’ব পাৰে৷”—চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা কাৰ্যালয়ৰ জেষ্ঠ উপদেষ্টা ড০ শৈলজা বৈদ্যই এইদৰে কয়৷

ফেচ মাস্ক আৰু হেণ্ড ছেনিটাইজাৰৰ অভাৱ সম্পূৰ্ণ স্বাভাৱিক৷ ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা ইয়াৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্যালয়ে ঘৰতে বনাব পৰা মাস্কৰ মেনুৱেল জাৰি কৰিছে৷ প্ৰস্তাৱিত ডিজাইনৰ মুখ্য দিশসমূহ হ’ল—সামগ্ৰী সংগ্ৰহত সহজলভ্যতা, ঘৰতে নিৰ্মাণ কৰিবলৈ সহজ, ব্যৱহাৰৰ বাবে সহজ আৰু পুনৰ ব্যৱহাৰযোগ্য৷

বহু স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ আগবঢ়াইছে যে মাস্ক পৰিধান কৰিলে সংক্ৰমণৰ আশংকা বহুখিনি হ্ৰাস হয়৷ প্ৰস্তাৱিত মেনুৱেলসমূহ এনজিঅ’ অথবা ব্যক্তিয়ে নিজাকৈ ব্যৱহাৰ কৰি মাস্ক তৈয়াৰ কৰিব পাৰে আৰু দেশত সৃষ্টি হোৱা মাস্কৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে৷

প্ৰ’টেকটিভ মাস্কৰ ব্যৱহাৰে ক’ৰোনা ভাইৰাছ দেহত প্ৰৱেশৰ সম্ভাৱনা হ্ৰাস কৰে৷ পাব মেড এনালাইছেছত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, যদি ৫০% জনসংখ্যাই মাস্ক পৰিধান কৰে, তেন্তে মাত্ৰ ৫০% জনসংখ্যাকহে ভাইৰাছে আক্ৰান্ত কৰিব পাৰে৷ যেতিয়া ৮০% জনসংখ্যাই মাস্ক পৰিধান কৰে, তেতিয়া পৰ্যাযক্ৰমে ভাইৰাছৰ প্ৰাদূৰ্ভাৱ হ্ৰাস হ’ব৷ অধিক ঘনত্বৰ জনবসতি থকা স্থানত জনসাধাৰণে বিশেষভাৱে মাস্ক পৰিধান কৰা উচিত৷

যোৱা ১৯ মাৰ্চ,২০২০ত বিজ্ঞান আৰু প্ৰযুক্তি কমিটি গঠন কৰা হয়৷ নিটি আয়োগৰ সদস্য অধ্যাপক বিনোদ পল আৰু ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা অধ্যাপক কে. বিজয় ৰাঘৱনৰ যুটীয়া অধ্যক্ষতাত গঠিত কমিটিখন বিজ্ঞান এজেন্সী, বিজ্ঞানী, উদ্যোগ আৰু ৰেগুলেট’ৰী ব’ডীৰ মাজত সমন্বয় গঢ়িবলৈ দায়বদ্ধ৷ ছাৰ্ছ-ক’ভ-২ ভাইৰাছ আৰু ক’ভিড-১৯ ৰোগ সম্পৰ্কীয় গৱেষণা আৰু উদ্ভাৱনৰ দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো এই কমিটি দায়বদ্ধ৷

ঘৰতে মাস্ক বনোৱা আৰু ব্যৱহাৰ সন্দৰ্ভত সবিশেষ মেনুৱেল ডাউনলোড কৰিবলৈ ভিজিট কৰক http://bit.ly/DIYMasksCorona

 

*****

KGS/(DST-India Science Wire)/MS



(Release ID: 1610229) Visitor Counter : 139