বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ন’ভেল ক’ৰনা ভাইৰাছৰ বিষয়ে আমি কি জানো আৰু কি জনাটো প্ৰয়োজন
Posted On:
01 APR 2020 1:30PM by PIB Guwahati
ন’ভেল ক’ৰনা ভাইৰাছৰ বিষয়ে ছ’চিয়েল মিডিয়া, হোৱাটছ এপ আৰু ইণ্টাৰনেটৰ মাধ্যমেৰে বিভিন্ন কথা বিয়পি পৰিছে৷ ইয়াৰে কিছুমান সত্য আৰু আনবোৰ ভিত্তিহীন৷ যি সময়ত ক’ৰনা ভাইৰাছে মহামাৰীৰ ৰূপত সমগ্ৰ বিশ্বতে সহস্ৰাধিকৰ প্ৰাণ কাঢ়ি নিছে, সেয়ে ইয়াৰ সৈতে জড়িত কিছুমান অপৰিহাৰ্য তথ্যৰ বিষয়ে জনাটো আৱশ্যক৷ বিজ্ঞান প্ৰসাৰৰ এজন জ্যেষ্ঠ বিজ্ঞানী ড০ টি ভি ভেংকটাশ্বৰনে বিভিন্ন গৱেষণাৰ অন্তত আমাক এই কথাখিনি জানিবলৈ দিছে৷
সংক্ৰমণঃ ভাইৰাছে ডিঙি আৰু হাঁওফাঁওৰ উপকলা কোষিকাসমূহত সংক্ৰমিত কৰে৷ ছাৰ্চ-কিঅ’ভি-২ মানৱ কোষিকাসমূহৰ সংস্পৰ্শলৈ অহাৰ পিছত এচিই২ ৰিচেপ্টৰৰ সৈতে বন্ধ হৈ পৰে যাক প্ৰায়ে ডিঙি আৰু হাঁওফাঁওত পোৱা যায়৷ আনহাতে ছালৰ সংস্পৰ্শলৈ অহাৰ পিছত এই ভাইৰাছে ক্ষতি সাধন কৰিব নোৱাৰে কাৰণ বাহিৰৰ ছালত তাৰ সম্পৰ্ক এচিই২ৰ সৈতে নহয়৷ এই ভাইৰাছে নাক, চকু আৰু মুখেৰে শৰীৰৰ ভিতৰলৈ প্ৰবেশ কৰে৷ আমাৰ হাত ইয়াৰ মুখ্য বাহক হ’ব পাৰে যি আমাৰ মুখ, নাক আৰু চকুলৈ ভাইৰাছ প্ৰেৰণ কৰিব পাৰে৷ যিমানবাৰ সম্ভৱ ২০ ছেকেণ্ডলৈ চাবোন, পানীৰে হাত ধোৱাটো অতিশয় আৱশ্যক৷
সংক্ৰমণৰ সময়সীমাঃ এই পৰ্যন্ত সম্পূৰ্ণকৈ গম পোৱা হোৱা নাই যে কিমান সময়লৈ ই আনক সংক্ৰমিত কৰিব পাৰে৷ কিন্তু এতিয়া এই সময়সীমা ১৪ দিন বুলি মানি লোৱা হৈছে৷ সংক্ৰমিত ব্যক্তিক চিকিৎসালয়ত পৃথকে ৰাখি আৰু লক্-ডাউনৰ জৰিয়তে এই সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি৷
কোনে কৰিব পাৰে সংক্ৰমণঃ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত যিকোনো ব্যক্তিয়ে লক্ষণ প্ৰকট হোৱাৰ পূৰ্বেই আনক সংক্ৰমিত কৰিব পাৰে৷ সংক্ৰমণৰ সম্পূৰ্ণ সময়ছোৱাত ভাইৰাছবিধ সংক্ৰমিত ব্যক্তিৰ লেলাউতি, থু আৰু মলত থাকিব পাৰে৷
আমি কিদৰে সংক্ৰমিত কৰিব পাৰোঃ সংক্ৰমণ দ্ৰৱ কণাৰ মাধ্যমেৰে হয়৷ ইয়াৰ বাবে অতিকমেও ছফুটৰ কম দূৰত্বৰ সম্পৰ্কৰ আৱশ্যকতা হয়৷ এই কাৰণতে সাৰ্বজনিক স্থানসমূহত ১.৫ মিটাৰৰ দূৰত্ব বৰ্তাই ৰখাটো প্ৰয়োজন৷ ফোন, দুৱাৰৰ হেণ্ডেল আদিৰ জৰিয়তে ভাইৰাছৰ সংবহন হ’ব পাৰে কিন্তু ইয়াৰ অধিক তথ্য এই মুহূৰ্তত আমাৰ ওচৰত নাই৷ সেইবাবে এই স্থানসমূহ ছেনিটাইজ কৰাটো আৱশ্যক৷
ভাইৰাছ ক’ৰ পৰা আহিলঃ এয়া অৱশ্যেই বাদুলীৰ চুপ খোৱাৰ পৰা হোৱা নাই৷ যেতিয়া খাদ্য উতলোৱা হয় তেতিয়া ভাইৰাছ নষ্ট হয়৷ প্ৰাথমিক অৱস্থাত ছাৰ্চ-কিঅ’ভি-২ ভাইৰাছ বাদুলীৰ পৰা মানুহলৈ সংবহন হোৱা বুলি ভবা হৈছিল৷ কিন্তু অলপতে হোৱা এক অধ্যয়নত এয়া গম পোৱা গৈছে যে মানুহৰ শৰীৰলৈ এই ভাইৰাছ যোৱাৰ পূৰ্বে কোনো মধ্যস্থ প্ৰজাতিৰ তালৈ যাব লাগিছিল৷ আন এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে যে ছাৰ্চ-চিঅ’ভি-২ ভাইৰাছৰ এটা বংশ ৰোগ বিয়পাৰ পূৰ্বে মানুহৰ শৰীৰত আছিল৷
ছাৰ্চ-চিঅ’ভি২ কেতিয়া পোহৰলৈ আহিলঃ ডিচেম্বৰ ২০১৯ৰ পূৰ্বে ছাৰ্চ-চিঅ’ভি২ৰ কোনো তথ্য পোহৰলৈ অহা নাছিল৷ প্ৰাৰম্ভিক জিনোমিক বিশ্লেষণত এই তথ্য পোহৰলৈ আহিছে যে ছাৰ্চ-চিঅ’ভি-২ৰ পূৰ্বে মানৱ সংক্ৰমণৰ পৰিঘটনা অক্টোবৰৰ মাজৰ পৰা ডিচেম্বৰ ২০১৯ৰ মাজত দেখা দিছিল৷ ইয়াক অৰ্থ হ’ল যে প্ৰাথমিক জুন’টিক (zoonotic) পৰিঘটনা আৰু আৰু মানুহৰ মাজৰ ইয়াৰ বিস্তৃতিৰ সময়সীমাৰ বিষয়ে কোনো তথ্য নাই৷
ই পশুকো সংক্ৰমিত কৰিব পাৰেনেঃ আণৱিক মডেলিঙৰ পৰা এয়া গম পোৱা হৈছে যে ছাৰ্চ-চিঅ’ভি-২য়ে মানুহৰ উপৰিও বাদুলী, চিভেট, বান্দৰ আৰু গাহৰিৰ কোষক প্ৰভাৱিত কৰিব পাৰে৷ কিন্তু ই ঘৰচীয়া প্ৰাণীক সংক্ৰমিত নকৰে৷ কণী অথবা অন্য পল্ট্ৰী উৎপাদন ভক্ষণ কৰিলে এই সংক্ৰমণ নহয়৷
কোনোবাই দ্বিতীয়বাৰলৈ সংক্ৰমিত হ’ব পাৰেনেঃ এবাৰ আক্ৰান্ত হোৱাৰ পিছত বহু লোকৰ শৰীৰত এই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বিকশিত হয়৷ এই পৰ্যন্ত দ্বিতীয়বাৰলৈ আক্ৰান্ত হোৱাৰ প্ৰমাণ পোৱা নাই৷
কিমান গুৰুতৰ এই ৰোগঃ ক’ভিড-১৯ মৃত্যুৰ শাস্তি নহয়৷ ইয়াৰ অধিকাংশ (৮১%) পৰিঘটনাই লঘূ, প্ৰায় ১৫% ই চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় আৰু ৫%ক সাৱধানে চোৱাচিতা কৰিবলগীয়া হয়৷ অধিকাংশ লোকেই চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন নাই৷
কোন সবাতোকৈ অধিক সংবেদনশীলঃ স্বাস্থ্যসেৱা কৰ্মীসকল এই ভাইৰাছৰ প্ৰতি অধিক সংবেদনশীল হয়৷ লোম্বাৰ্ডী, ইটালীত প্ৰায় ২০% স্বাস্থ্যকৰ্মী চিকিৎসা প্ৰদান কৰি সংক্ৰমিত হৈছে৷ বিশেষকৈ ৬০ বছৰত কৈ অধিক বয়সৰ লোক যাৰ হৃদৰোগ, উচ্চ ৰক্তচাপ, মধুমেহ, শ্বাস-প্ৰশ্বাসসম্বন্ধীয় ৰোগ আছে, তেওঁলোকৰ ক্ষতিশংকা সৰ্বাধিক৷
মৃত্যুৰ কাৰণ কিঃ অধিকাংশ মৃত্যু শ্বসন তন্ত্ৰ বিকল হোৱাৰ ফলত অথবা শ্বসন তন্ত্ৰৰ সৈতে জড়িত হৃদয় সম্বন্ধীয় অন্য সংযুক্ত প্ৰভাৱৰ ফলত হয়৷
ভাইৰাছ গাখীৰৰ পেকেট অথবা বাতৰিকাকতৰ দ্বাৰা বিয়পিব পাৰে নেকিঃ ছাৰ্চ-চিঅ’ভি-২ প্লাষ্টিক আৰু ষ্টেইনলেছ ষ্টীলত ৩ দিনলৈ সক্ৰিয় হৈ থাকে৷ সেয়ে গাখীৰৰ পেকেটটো উপযুক্ত ধৰণে ধুই লোৱাটো আৱশ্যক৷
ই বতাহত বিয়পিব পাৰে নেকিঃ বতাহত ই কেৱল ২.৭ ঘণ্টা সক্ৰিয় হৈ থাকে৷
গৰম অথবা বাৰিষাত ইয়াৰ পৰা ৰক্ষা পৰিব পাৰি নেকিঃ তাপমান আৰু আদ্ৰতা বৃদ্ধিৰ সৈতে ইয়াৰ সংবহন হ্ৰাস হোৱাৰ কোনো সঠিক প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই৷
*****
KGS(DST/DBT- (India Science Wire))/MANN
(Release ID: 1610022)
Visitor Counter : 10942