কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ সময়ত আইন মানি চলা কোম্পানী আৰু সীমিত পৰিমাণত পৰিশোধ কৰিবলৈ থকা অংশীদাৰসকলক সকাহ দিবৰ বাবে কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰদ্বাৰা “কোম্পানীৰ নতুন আৰম্ভণি আঁচনি,২০২০” ৰ সূচনা আৰু “সীমিত দেয় ধনৰ নিষ্পত্তি আঁচনি,২০২০”ৰ সংশোধন

Posted On: 30 MAR 2020 9:11PM by PIB Guwahati

’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ সময়ত আইন মানি চলা কোম্পানী আৰু সীমিত পৰিমাণত পৰিশোধ কৰিবলৈ থকা অংশীদাৰসকলক সকাহ দিবৰ বাবে ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে “কোম্পানীৰ নতুন আৰম্ভণি আঁচনি,২০২০” ৰ সূচনা কৰাৰ লগতে “সীমিত দেয় ধনৰ নিষ্পত্তি আঁচনি,২০২০” খনো সংশোধিত ৰূপত প্ৰকাশ কৰিছে যি প্ৰথমবাৰৰ বাবে কোম্পানী আৰু এল এল পি দুয়োটাকে যিমানেই পুৰণি নহওক, পৰি থকা কোনো ধৰণৰ যাৱতীয় নথি-পত্ৰৰ লগত জড়িত কাম কৰি সম্পূৰ্ণ নতুনকৈ আইনগতভাৱে নিজৰ পৰিচয় গঢ়িবলৈ সুবিধা দিব।

এই নতুন আৰম্ভণি আঁচনি আৰু সীমিত দেয় ধনৰ নিষ্পত্তি আঁচনিয়ে ক’ভিড-১৯ ৰ দ্বাৰা সৃষ্ট  ৰাজহুৱা স্বাস্থ্য সমস্যাৰপৰা আইনগতভাৱে দিব লগীয়া ধনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা অনাহুত বোজা বহু পৰিমাণে হ্ৰাস কৰিব। দুয়োটা আঁচনিৰে আটাইতকৈ মনকৰিবলগীয়া সুবিধাটো হৈছে পহিলা এপ্ৰিল ২০২০ ৰ পৰা ৩০ ছেপ্তেম্বৰ ২০২০ লৈকে এই আঁচনি চলি থকা সময়খিনিত এবাৰৰ বাবে কোনো কোম্পানী বা এল এল পি য়ে নিৰ্ধাৰিত তাৰিখৰ পিছত নথি জমা দিলেও অতিৰিক্ত কোনো মাচুল দিব নালাগে।

দুয়োটা আঁচনিৰ জৰিয়তে কৰ্পোৰেটক কোম্পানী আইন ২০১৩ আৰু এল এল পি আইন ২০০৮ ৰ অধীনত দিব লগীয়া বিভিন্ন নথি-পত্ৰ জমা দিবৰ বাবে অধিক সময় দিয়া হৈছে যাৰ ফলত তেওঁলোকৰ, বিশেষকৈ বহুদিনৰ পৰা দেয় ধন পৰিশোধ নকৰাকৈ থকা সকলৰ আৰ্থিক বোজা বহু পৰিমাণে লাঘৱ হৈছে আৰু এক নতুন আৰম্ভণি কৰিবলৈ সুযোগ পাইছে। দুয়োটা আঁচনিতে বিভিন্ন সভা আদিৰ পৰা ৰেহাই দিয়াৰ কথা উল্লেখ আছে আৰু কোনোধৰণৰ নথি-পত্ৰ জমা দিয়াত পলম হোৱা সকলৰ বাবে জমা দিয়াৰ সময়সীমা বঢ়াই দিয়াৰ লগতে তাৰ বাবে আগতে যদি কোনোধৰণৰ জৰিমনা বিহা আছিল, সেইসমূহৰো ৰেহাই বিচাৰি সংশ্লিষ্ট আঞ্চলিক সঞ্চালকক আবেদন কৰাৰ সুবিধা দিয়া হৈছে।  

অৱশ্যে, এই ৰেহাইৰ সুবিধা কেৱল এমচিএ২১ ত পলমকৈ জমা দিয়া সকলৰ বাবেহে প্ৰযোজ্য, কোনো গুৰুতৰ আইন অমান্যকাৰীৰ ক্ষেত্ৰত ই প্ৰযোজ্য নহয়। 

দুয়োটা আঁচনিৰ সবিশেষ তথ্য ৩০.০৩.২০২০ তাৰিখে কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা জাননীত উল্লেখ আছে।    

 

****

RM/KMN/PRK



(Release ID: 1609792) Visitor Counter : 140