জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

টীম ট্ৰাইফেড বন ধন ইণ্ডিয়াই ঘৰৰ পৰা কাম কৰি লাভ কৰিছে সফলতা

Posted On: 29 MAR 2020 7:03PM by PIB Guwahati

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ সংস্থা ট্ৰাইফেডে দেশৰ ২৭ খন ৰাজ্যত কাম কৰি থকা ৫০০ ৰো অধিক বিষয়াৰ সহযোগত দলে ৱেবিনৰ  মাধ্যমেৰে ইজনে সিজনৰ সৈতে সংযোজিত হৈ  ঘৰৰ পৰাই কম্পিউটাৰত কাম কৰি অবিশ্বাস্য সফলতা লাভ কৰিছে

সকলো বাধা অতিক্ৰমি দেশৰ ১৬ খন আই আই টি আৰু আই আই এমত জনজাতীয় উদ্যোগীসকলক প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে সকলো জনজাতীয় লোকৰ বাবে প্ৰযুক্তিশীৰ্ষক এক আঁচনি বিগত ১৯ মাৰ্চ ২০২০ তাৰিখে আৰম্ভ কৰা হৈছিল। এই আঁচনি গাওঁত বসবাস কৰা প্ৰায় ৩.৫ লাখ জনজাতীয় উদ্যোগীক আই আই টি আৰু আই আই এমৰ লেখীয়া বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠানৰ সৈতে সংযোজিত হোৱাৰ সুযোগ প্ৰদান কৰিব।

সমবেত ৫০ লাখ জনজাতীয় লোকৰ ভৱিষ্যতৰ যোগাযোগৰ মাধ্যম জিআইএছ ভিত্তিক ট্ৰাইফেড বন ধন বিগত ২৭ মাৰ্চ, ২০২০ তাৰিখে ২৭ খন অংশগ্ৰহণকাৰী ৰাজ্যৰ দলৰ সৈতে পৰীক্ষাৰ বাবে অনলাইনযোগে মুকলি কৰা হৈছে। উল্লেখ্য যে ট্ৰাইফেডে প্ৰতিদিনে অন্ততঃ ২ খনকৈ বৈঠকৰ আয়োজন কৰিছে আৰু দলটোৱে অতি ক্ষীপ্ৰতাৰে অংশীদাৰসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। বিগত ২৯ ফেব্ৰুৱাৰী তাৰিখে বিগত বৰ্ষটোত ট্ৰাইবছ ইণ্ডিয়াৰ বিক্ৰী সংখ্যা প্ৰায় ৩০ শতাংশ বৃদ্ধি হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াত ১.৫০ লাখ জনজাতীয় কাৰিকৰী কৰ্মী তথা শিল্পীক জীৱিকা প্ৰদান কৰিছে। এনে পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বাবে লক-ডাউন এক বিষম পৰিস্থিতি হৈ পৰা নাই।

 

ট্ৰাইফেডে দেশৰ ২২ খন ৰাজ্যত সৰ্বমুঠ ১২০৫ টা বন ধন কেন্দ্ৰ স্থাপনৰ কাম সম্পূৰ্ণ কৰি তুলিছে, ইয়াত উদ্যোগশীলতাক উদ্বুদ্ধ কৰিবৰ বাবে ২৯ ফেব্ৰুৱাৰী পৰ্যন্ত ৩ লাখ ৭০ হাজাৰ জনজাতীয় লোকক সংস্থাপন প্ৰদান কৰা হৈছে। যিটো এই ৬০০ কেন্দ্ৰৰ বাবে ধাৰ্য কৰি ৰখা নিৰ্ধাৰিত লক্ষ্যৰ দুগুণ। এই কেন্দ্ৰবোৰত প্ৰাৰম্ভিক প্ৰয়াসক আৰু অধিক শক্তিশালী কৰি তোলা হৈছে, যিয়ে জনজাতীয় ষ্টাৰ্ট-আপৰ গুণগত মানদণ্ড আৰু সেইবোৰৰ প্ৰদৰ্শন উন্নত কৰি তোলা দেখা গৈছে।

টীম বন ধন ইণ্ডিয়াৰ সৈতে ২৭ মাৰ্চত এক ৱেব প্লেটফৰ্মৰ মাধ্যমেৰে সংযোগ স্থাপন কৰা হৈছিল, যাতে তেওঁলোকে নিজ নিজ কামবোৰ সম্পাদন কৰিব পাৰে। সাম্প্ৰতিক সংকটপূৰ্ণ পৰিস্থিতিত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে সমস্যাৰ সমূখীন হৈ থকা জনজাতীয় লোকসকলক সাহায্য প্ৰদান কৰিবৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা এক প্ৰস্তাৱ সাজু কৰি তোলা হৈছে, ত চৰকাৰৰ দ্বাৰা এনে লোকসকললৈ অনুদান প্ৰদান কৰাৰ দিশটো উত্থাপন কৰা হৈছে।

ট্ৰাইফেডৰ ছচিয়েল মিডিয়া দল আৰু ট্ৰাইবছ ডট কম টীমে দেশৰ সামাজিক ৰূপত প্ৰভাৱী আৰু উপযোগী বাৰ্তা উপলব্ধ কৰোৱাৰ বাবে দিনে নিশাই অহৰহ কাম কৰি আছে। ট্ৰাইফেডৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোকে তিনিদিনত এই বাৰ্তা ২.৫ মিলিয়ন লোকলৈ উপলব্ধ কৰাবলৈ সক্ষম হৈছে।

এই সময়খিনিতেই ১০,০০০ জনজাতীয় সামগ্ৰীৰে ট্ৰাইবেল ইণ্ডিয়া ই কমাৰ্চ পোৰ্টেলটোক পুনৰ এক নতুন ৰূপত সজাই নতুনকৈ মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। শীঘ্ৰেই এক নতুন সজ্জাৰে ৱেবছাইটটো দেখা পোৱা যাব। ট্ৰাইফেডৰ কামবোৰত ক্ষীপ্ৰতা প্ৰদান তথা আগুৱাই যোৱাৰ বাবে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ১০৫ কোটি টকা আৰু এমএছএমইয়ে ১৭ কোটি টকা আগবঢ়োৱাৰ বাবে দুয়োটা দপ্তৰকে ট্ৰাইফেডে ধন্যবাদ জনাইছে। টীম ট্ৰাইফেডে শীঘ্ৰেই এনেধৰণৰ জনজাতীয় কাৰিকৰী শিল্পীসকলৰ বাবে এক পোৰ্টেল প্ৰস্তুত কৰিব, যিটোৰ অতি শীঘ্ৰেই প্ৰয়োজন হব।


*****

 

NB/SK/MoTA/29.03.2020/RD


(Release ID: 1609283) Visitor Counter : 141