ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

কৰ্মচাৰীৰ প্ৰশিক্ষণ মন্ত্ৰালয়ৰ স্মাৰকপত্ৰ

प्रविष्टि तिथि: 28 MAR 2020 8:21PM by PIB Guwahati

কৰ্মচাৰীৰ প্ৰশিক্ষণ বিভাগে শেহতীয়াভাৱে জাৰি কৰা এক চৰকাৰী বিজ্ঞপ্তিত সকলো মন্ত্ৰালয় তথা বিভাগক  কৰ্মচাৰীসকলক অত্যাৱশ্যকীয় সেৱাৰ বাবে উপস্থিত থাকিবলৈ প্ৰস্তুত কৰা ৰোষ্টাৰৰ সময়ত ‘বিশেষভাৱে সক্ষ’ম বা দিব্যাংগ’ কৰ্মচাৰীসকলক এই ক্ষেত্ৰত ৰেহাই প্ৰদানৰ বিষয়টো ধ্যান দিবলৈ নিৰ্দেশ দিয়া হৈছে৷

উল্লেখ্য যে পূৰ্বৰ বিজ্ঞপ্তিত বিভাগটোৱে তাক্ষণিকভাৱে ২১ দিনীয়া লকডাউন মানিবলৈ নিৰ্দেশ জাৰি কৰাৰ লগতে প্ৰতিটো বিভাগৰ মুৰব্বীসকলক সংশ্লিষ্ট বিভাগৰ ভিতৰতে অতিৰিক্ত সেৱা চলাই যাব পৰাকৈ ‘অত্যাৱশ্যকীয়’ কৰ্মচাৰীসকলৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ জনোৱা হৈছিল৷

ইফালে, ক’ভিড-১৯ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২০১৯-২০২০ বৰ্ষৰ কেন্দ্ৰীয় সেৱাৰ গ্ৰুপ ‘এ’ পৰ্যায়ৰ বিষয়াসকলৰ বাৰ্ষিক কাম-কাজ মুল্যাংকন প্ৰতিবেদন(এপিএআৰ) দাখিল কৰাৰ সময় বৃদ্ধি কৰাৰ সন্দৰ্ভতো এক বিজ্ঞপ্তি জাৰি কৰিছিল৷ সেই হিচাপে পূৰ্বৰ সূচীত সকলো বিষয়াৰ খালী এপিএআৰ বিতৰণ কৰাৰ দিন ৩১ মাৰ্চ ধাৰ্য কৰা হৈছিল যদিও বৰ্তমান এই তাৰিখ ৩১ মে’ লৈ সংশোধনেৰে বৃদ্ধি কৰা হৈছে৷

একেদৰে, এগৰাকী বিষয়াই ৰিপ’ৰ্টিং অফিচাৰ(আৰঅ’)ক স্ব-মুল্যাংকন প্ৰতিবদেন দাখিলৰ তাৰিখ ১৫ এপ্ৰিল ধাৰ্য কৰা হৈছিল, যদিও বৰ্তমান সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে৷

অৱশ্যে, বহু বিষয়া-কৰ্মচাৰীক ঘৰৰ পৰাই কাম অব্যাহত ৰখাৰ লগতে টেলিফোন আৰু ইলেক্ট্ৰনিক মাধ্যমত যোগাযোগ ৰাখিবলৈ কোৱা হৈছে৷ প্ৰয়োজন সাপেক্ষে তেওঁলোকক কামলৈ আহিবলৈও জনোৱা হৈছে৷

*****

VG/SNC


(रिलीज़ आईडी: 1608950) आगंतुक पटल : 218
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Tamil , Telugu