কৃষি মন্ত্ৰালয়

লকডাউনৰ সময়ত কৃষি তথা আনুষংগিক সেৱাক ৰেহাই

শস্য চপোৱাতো নাথাকে বাধা, সুনিশ্চিত হ’ব প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যোগান

প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীক কৃতজ্ঞতা জনালে কেন্দ্ৰীয় কৃষি মন্ত্ৰী টোমৰে

কৃষকৰ উদ্বেগৰ প্ৰতি মোদী চৰকাৰৰ সঁহাৰি, সংশোধিত নিৰ্দেশনা জাৰি গৃহমন্ত্ৰালয়ৰ

Posted On: 28 MAR 2020 1:44PM by PIB Guwahati

ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা লকডাউনৰ সময়ত যাতে কৃষি তথা আনুষংগিক সেৱাত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে এই ক্ষেত্ৰসমূহত ৰেহাই দিয়া হৈছে৷ ইয়াৰ ফলত শস্য চপোৱাত কোনো ধৰণৰ বাধা নাথাকে৷ কেন্দ্ৰীয় কৃষি আৰু কৃষক  কল্যান, তথা গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ টোমৰে এই নিৰ্দেশনাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা জনায়৷

 

শ্ৰী টোমৰে বিগত সময়ছোৱাত কৃষকৰ সৈতে জড়িত প্ৰতিটো বিষয় ধাৰাবাহিকভাৱে নিৰীক্ষণ কৰি আহিছে৷ তেওঁক জনোৱা হয় যে এই বন্ধৰ সময়ছোৱাত কৃষকসকলে শস্য চপোৱাৰ লগতে বজাৰলৈ তেওঁলোকৰ সামগ্ৰী সৰবৰাহত অসুবিধাৰ সন্মুখীন হৈছে৷ কৃষকসকলৰ লগতে কৃষিৰ সৈতে জড়িত সংগঠনৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ গুৰু্ত্ব বিবেচনা কৰি কৃষক তথা ইয়াৰ সৈতে জড়িত সমূদায়ৰ স্বাৰ্থত এই ফলপ্ৰসূ সমাধান দিয়ে৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে দেশজুৰি ঘোষণা কৰা লকডাউনৰ বিষয়ে ২৪ আৰু ২৫ মাৰ্চত জাৰি কৰা ৪০-/২০২০-ডিএম-আই() শীৰ্ষক নিৰ্দেশত ৰাষ্ট্ৰীয় কাৰ্যকৰী কমিটীৰ অধ্যক্ষৰ দ্বাৰা দুৰ্যোগ ব্যৱস্থাপনা অধিনিয়মৰ অনুচ্ছেদ ১০() অধীনত প্ৰদান কৰি ক্ষমতা অনুসৰি নিৰ্দেশনাৰ ভিত্তিত এতিয়া দ্বিতীয় পৰিশিষ্ট জাৰি কৰা হৈছে৷ এই পৰিশিষ্টত ২১ দিনীয়া লকডাউনত দুৰ্যোগ ব্যৱস্থাপনা অধিনিয়মৰ অধীনত কৃষি তথা ইয়াৰ সৈতে জড়িত সামগ্ৰী, সেৱা আৰু কাম-কাজক ৰেহাই দিয়া হৈছে৷

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি লকডাউনৰ সময়ত এমএছপি পৰিচালনাকে ধৰি কৃষিজাত সামগ্ৰী উপাদনত জড়িত এজেন্সি; ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ ভিত্তিত কৃষিজাত সামগ্ৰীৰ বজাৰ কমিটীৰ দ্বাৰা পৰিচালিত বজাৰ; খেতি পথাৰত কৃষিকাৰ্য কৰা কৃষক আৰু কৃষি শ্ৰমিক; কৃষি সঁজুলি লাভ কৰাৰ বাবে কাষ্টম হায়াৰিং চেণ্টাৰ(চিএছচি); সাৰ, কীটনাশক তথা বীজৰ নিৰ্মাণ তথা পেকেজিং বিভাগ আৰু শস্য চপোৱা তথা ৰোপনৰ সৈতে জড়িত কৃষি তথা উদ্যানৰ কামত ব্যৱহৃত যন্ত্ৰপাতিৰ অন্তঃ তথা আন্তঃৰাজ্যিক অনা-নিয়াতো ৰেহাই দিয়া হৈছে৷

লকডাউনৰ সময়ত সাধাৰণ জনতা তথা কৃষকসকলে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ভাৰত চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংশ্লিষ্ট মন্ত্ৰালয় তথা বিভাগ আৰু বিষয়াসকললৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে৷

*****

APS/PK/MS/DB



(Release ID: 1608886) Visitor Counter : 184