উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ কাৰ্যকৰীভাৱে ৰোধ কৰিবলৈ বিত্তীয় ব্যৱধান হ্ৰাস কৰাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ২৫ কোটি টকা প্ৰদান কৰিব ড’নাৰ মন্ত্ৰালয়েঃ ড° জিতেন্দ্ৰ সিং

Posted On: 27 MAR 2020 6:28PM by PIB Guwahati

উত্তৰ পূব উন্নয়ন (ডোনাৰ) কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে খতিয়ান লবলৈ ডনাৰ মন্ত্ৰালয় আৰু উত্তৰ পূব পৰিষদ (এনইচি)ৰ বিষয়ববীয়াৰ সৈতে ভিডিঅকনফাৰেন্সযোগে বৈঠকত মিলিত হয়৷

এই বৈঠকখনত ডনাৰ মন্ত্ৰালয়ৰ সচিব, এমডনাৰৰ অতিৰিক্ত সচিব, এনইচিৰ সচিব, এমডনাৰ আৰু এনইচিৰ অন্যান্য জ্যেষ্ঠ বিষয়ববীয়াও উপস্থিত আছিল৷ বৈঠকৰ আৰম্ভণিতে মন্ত্ৰালয়ৰ সকলো কাম ১০০%ই ই-অফিচযোগে সম্পন্ন হৈছে বুলি ড° জিতেন্দ্ৰ সিঙক জানিবলৈ দিয়া হয়৷

মন্ত্ৰালয়ে কয় যে উত্তৰ পূৰ্বাঞ্চললৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা কাৰ্গবিমানৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে৷ এনইচিৰ সচিবে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ খতিয়ান গ্ৰহণ কৰি মন্ত্ৰালয়ক অৱগত কৰিবলৈ কোৱা হৈছে যাতে কেন্দ্ৰীয় মন্ত্ৰালয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷

বৈঠকখনত মন্ত্ৰালয়/এনইচিয়ে কভিড-১৯ৰ প্ৰাদুৰ্ভাৱ কাৰ্যকৰীভাৱে ৰোধ কৰিবলৈ বিত্তীয় ব্যৱধান হ্ৰাস কৰাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ২৫ কোটি টকা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ প্ৰদান কৰিবলগীয়া এই পুঁজি অন্যান্য সাহায্যমূলক পুঁজিৰ অতিৰিক্ত হব বুলি প্ৰকাশ কৰা হয়৷

******

VG/SNC/MANN



(Release ID: 1608807) Visitor Counter : 182


Read this release in: English , Hindi , Bengali , Telugu