গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ক প্ৰত্যাহ্বান জনাবলৈ ২১ দিনীয়া ৰাষ্ট্ৰজোৰা লক্-ডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান অব্যাহত ৰাখিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰী কৰিলে এছঅ’পি

Posted On: 26 MAR 2020 10:13PM by PIB Guwahati

ক’ৰনা ভাইৰাছৰ প্ৰকোপৰ বিৰুদ্ধে যুঁজিবলৈ ২১ দিনীয়া ৰাষ্ট্ৰজোৰা লক্-ডাউনৰ সময়ছোৱাত জনসাধাৰণে সন্মুখীন হ’বলগীয়া সমস্যাৰ পৰা সকাহ প্ৰদান কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান অব্যাহত ৰখাৰ বাবে আজি এক মানসম্পন্ন সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি)জাৰী কৰে৷ কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় কুমাল ভাল্লাই সকলো ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশসমূহলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকক লক্-ডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ আহ্বান জনায়৷ ইয়াৰ বাবে এছঅ’পিত ই-কমাৰ্চ সেৱা নিৰৱচ্ছিন্ন ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে সামাজিক দুৰত্ব কঠোৰভাৱে পালন কৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ হোম-ডেলিভাৰীৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে৷ এছঅ’পিত কোৱা হৈছে যে যোগান শৃংখলাত আৱশ্যকীয় কৰ্মচাৰী অথবা লোকক ই-পাছ বা স্থানীয় প্ৰশাসনৰ দ্বাৰা জাৰী কৰা আন প্ৰকাৰৰ প্ৰমাণপত্ৰৰ আধাৰত অহা-যোৱা কৰাৰ অনুমতি প্ৰদান কৰা হ’ব৷ ইয়াৰ বাবে তেওঁলোকে বৈধ ফটো পৰিচয় পত্ৰ দেখুৱাব লাগিব৷ অসংগঠিত খণ্ডৰ ক্ষেত্ৰত আৱশ্যকীয় সামগ্ৰীসমূহৰ যোগানত জড়িত লোকসমূহক স্থানীয় প্ৰশাসনৰ অনুমোদন/অধিকাৰ পত্ৰৰ জৰিয়তে অনুমতি প্ৰদান কৰা হ’ব পাৰে৷ এছঅ’পিত অন্য দিশসমূহৰ উপৰিও এয়াও কোৱা গৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগানৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহে নিয়মিতৰূপত কৰ্মচাৰীসকলৰ স্বাস্থ্যৰ পৰীক্ষা কৰিব আৰু তেওঁলোকক যথোচিত সুৰক্ষাত্মক উপকৰণ প্ৰদান কৰিব৷

 

এছঅ’পি তথ্য

*****

VG/SNC/VM/MANN



(Release ID: 1608584) Visitor Counter : 195


Read this release in: English , Hindi , Bengali , Gujarati