প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী মোদী আৰু কাটাৰৰ আমিৰৰ মাজত টেলিফোনিক বাৰ্তালাপ
Posted On:
26 MAR 2020 10:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাটাৰৰ আমিৰ মহমান্য শ্বেইখ তামিম বিন হামাড অল থানিৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷
নেতা দুগৰাকীয়ে ক’ভিড-১৯য়ে সৃষ্টি কৰা গোলকীয় মহামাৰীৰ শেহতীয়া স্থিতি আৰু ইয়াৰ সমাজিক-অৰ্থনৈতিক প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰে৷ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ নিজ নিজ দেশে গ্ৰহণ কৰা সজাগতামূলক ব্যৱস্থাসমূহক লৈও তেওঁলোকে মতবিনিময় কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে শেহতীয়াকৈ ছাৰ্ক ৰাষ্ট্ৰসমূহে ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণ কৰা আৰু আজি দিনৰ ভাগত জি-২০ নেতাসকলৰ সৈতে ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত হোৱাৰ কথা মহামান্য আমিৰক অৱগত কৰায়৷
দুয়োগৰাকী নেতাই আশা প্ৰকাশ কৰে যে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰভাৱিত সকলো দেশে গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ সোনকালে ফলপ্ৰসু হৈ উঠিব৷ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সমন্বয় আৰু তথ্যৰ আদান-প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে৷
প্ৰধানমন্ত্ৰীয়ে কাটাৰত বাস কৰা আৰু কাম কৰি থকা ভাৰতীয় নাগৰিকসকলৰ কল্যাণৰ বাবে ব্যক্তিগতভাৱে গুৰুত্ব আৰোপ কৰাৰ বাবে মহামান্য শ্বেইখ তামিম বিন হামাড অল থানিক ধন্যবাদ জ্ঞাপন কৰে৷ মহামান্য আমিৰে প্ৰধানমন্ত্ৰী মোদীক নিশ্চয়তা প্ৰদান কৰে যে কাটাৰত সকলো ভাৰতীয় লোকৰ সুৰক্ষিত আৰু নিৰাপদ৷
প্ৰধানমন্ত্ৰী আৰু মহামান্য আমিৰে সাম্প্ৰতিক পৰিস্থিতিক লৈ নিয়মীয়া যোগাযোগ আৰু আলাপ-আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হয়৷
***
VRRK/AK/MS
(Release ID: 1608474)
Visitor Counter : 144