প্ৰতিৰক্ষা মন্ত্ৰালয়

লক্-ডাউনৰ প্ৰথমটো দিনঃ ইৰাণৰ পৰা সেনাই উদ্ধাৰ কৰিলে ২৭৭ গৰাকীক, মুখ্যালয়ত কাম কৰাসকলক ঘৰৰ পৰাই কাম কৰা আদেশ

Posted On: 25 MAR 2020 6:54PM by PIB Guwahati

২১ দিনীয়া লক্-ডাউনৰ প্ৰথম দিনটোত সেনাই ইৰাণৰ পৰা ২৭৭জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে৷ উদ্ধাৰ কৰা লোকসকলক যোধপুৰত ৰখা হৈছে য’ত ২৭৩ গৰাকী তীৰ্থযাত্ৰী আছে৷ ইয়াৰ ভিতৰত ১৪৯ গৰাকী মহিলা আৰু ৬টা শিশু আছে৷ উদ্ধাৰ কৰা লোকসকলক দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে যোধপুৰ বিমানবন্দৰলৈ অনা হয় য’ত তেওঁলোকৰ থাৰ্মেল পৰীক্ষণ কৰা হয়৷ ইয়াৰ পিছত তেওঁলোকক চিকিৎসা শিবিৰলৈ অনা হয় য’ত তেওঁলোকক আচুতীয়াকৈ ৰখাৰ উপৰিও মানসিক তথা শাৰীৰিক স্বাস্থ্যও পৰীক্ষা কৰা হয়৷

সৈন্য বিভাগে মুখ্যালয়ত সকলো কাৰ্যালয় বন্ধ কৰিছে৷ বিশ্বজনীন লক্-ডাউনে কাৰ্যালয়ৰ কামক প্ৰভাৱান্বিত কৰিছে আৰু কামৰ পৰিমাণো হ্ৰাস কৰিছে য’ত আন্তৰ্জাতিক সহযোগ, প্ৰশিক্ষণ কাৰ্যসূচী, পোষ্টিং, পাঠ্যক্ৰম, ডিউটি হাউচ আদিৰ দৰে গতিবিধিসমূহো অন্তৰ্ভুক্ত আছে৷ গুৰুত্বপূৰ্ণ নিযুক্তি আৰু বিভাগৰ ৪০ শতাংশ কাম ঘৰৰ পৰাই সম্পন্ন কৰা হৈছে৷ জৰুৰীকালীন সেৱাৰ কৰ্মচাৰী যেনে বিষয়া, চিকিৎসা সেৱাৰ সৈতে জড়িত কৰ্মী, চালক, ৰান্ধনি আৰু অন্য সহায়ক কৰ্মচাৰীসকলে নিয়মিতভাৱে নিজৰ কাম কৰি আছে৷

বৰ্তমানে সেনাই ইৰাণ, ইটালী আৰু মালয়ছিয়াৰ পৰা উদ্ধাৰ কৰি অনা লোকৰ বাবে মানেছৰ, জয়ছালমেৰ আৰু যোধপুৰত চিকিৎসা আন্তঃগাঁথনি স্থাপন কৰিছে৷ সকলো প্ৰ’টকল সম্পূৰ্ণ কৰাৰ পিছত চীনৰ য়ুহান আৰু জাপানৰ পৰা উদ্ধাৰ কৰি অনা লোকসকলক মুকলি কৰি দিয়া হৈছে৷ উদ্ধাৰ কৰা ১,২০০ত কৈও অধিক লোকৰ উপৰিও চিকিৎসা কৰ্মী আৰু বিমান চালকসকলকো নিৰীক্ষণ কৰা হৈছে৷ তেওঁলোকৰ ভিতৰত ক’ভিড-১৯ৰ এটা ধনাত্মক পৰিঘটনা পৰিলক্ষিত হৈছে৷ ইয়াত ভাৰতীয় বায়ু সেনাৰ হিন্ডনত পোৱা অন্য পৰিঘটনা নাই৷

উপৰোক্তসমূহৰ উপৰিও ঝাঁচী, বিন্নাগুড়ী আৰু গয়াতো চিকিৎসা সেৱাৰ প্ৰস্তুতি কৰা হৈছে য’ত ১৬০০ লোকৰ চিকিৎসাৰ সুবিধা আছে৷ ইয়াত অতিৰিক্ত সামৰ্থৰ ব্যৱস্থা কৰা হোৱা নাই৷

ভাৰতীয় সেনাই বৰ্তমান আৰু ভৱিষ্যতৰ সকলো ধৰণৰ প্ৰত্যাহ্বান মোকাবিলা কৰিব পৰাকৈ সষ্টম হৈ উঠিছে৷

 

 

******

Col Aman Anand/MANN



(Release ID: 1608295) Visitor Counter : 122