গৃহ মন্ত্ৰালয়

ভাৰত চৰকাৰে দেশত ক’ভিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে লক্-ডাউনৰ আদেশ জাৰী কৰিছে

Posted On: 24 MAR 2020 9:10PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীয়ে বিভিন্ন দেশক আক্ৰান্ত কৰিছে আৰু বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক ‘মহামাৰী’ হিচাপে অভিহিত কৰিছে৷

২. ভাৰত চৰকাৰে আন্তৰ্জাতিক ভ্ৰমণত নিষেধাজ্ঞা জাৰী কৰাকে আৰম্ভ কৰি  জনসাধাৰণৰ বাবে পৰামৰ্শৱলী প্ৰস্তুত, আচুতীয়া সুবিধাৰ ব্যৱস্থা, আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ চিনাক্তকৰণ আৰু বিভিন্ন সামাজিক দূৰত্ব পৰিমাপৰ বাবে বিভিন্ন সক্ৰিয় প্ৰতিৰোধাত্মক ব্যৱস্থা গ্ৰহণ কৰিছে৷ এই ভাইৰাছবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহলৈ বিভিন্ন পৰামৰ্শৱলী প্ৰদান কৰা হৈছে৷ চৰকাৰে অস্থায়ীভাৱে মেট্ৰ’ আৰু ৰে’ল সেৱা লগতে ঘৰুৱা বিমান সেৱাও বাতিল কৰিছে৷

৩. সমগ্ৰ পৰিস্থিতি মাননীয় প্ৰধানমন্ত্ৰীয়ে স্বয়ং নিৰীক্ষণ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে ভাইৰাছবিধৰ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ লগতে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগত ভিডিঅ’ কনফাৰেন্সিঙৰ সহায়ত বৈঠকতো মিলিত হৈছে৷

৪. বিশ্বৰ বিভিন্ন দেশৰ বিশ্বজনীন অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে এই মহামাৰী প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্বই উত্তম পন্থা বুলি পৰামৰ্শ প্ৰদান কৰিছে৷

৫. ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহে গ্ৰহণ কৰা সঠিক নিৰ্দেশনাৰ পিছতো বিভিন্ন কাৰণত ইয়াৰ উদ্দেশ্য পূৰ্তিত বাধাৰ সন্মুখীন হোৱা হৈছে৷ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এনডিএমএ) দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ আইনৰ অনুচ্ছেদ ৬(২)(১)ৰ অধীনত ২৪.০৩.২০২০ তাৰিখে এক নিৰ্দেশ জাৰী কৰিছে আৰু এই নিৰ্দেশনা দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহৰ প্ৰশাসনক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে৷

৬. এনডিএমৰ সেই নিৰ্দেশৰ অনুপালনস্বৰূপে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (এমএইচএ) দুৰ্যোগ ব্যৱ্স্থাপনা আইনৰ অনুচ্ছেদ ১০(২০ (১)ৰ অধীনত ২৪.০৩.২০২০ তাৰিখে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহৰ প্ৰশাসনক উদ্দেশ্যি দেশত দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ নিশ্চিতিৰ বাবে এক নিৰ্দেশনা জাৰী কৰিছে৷ এই নিৰ্দেশনা ২৫.০৩.২০২০ তাৰিখৰ পৰা আগন্তুক ২১ দিনলৈ সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব৷

৭. ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগ আৰু ৰাজ্য চৰকাৰ/কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনক এই নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ এই নিৰ্দেশনাৰ প্ৰণয়নৰ ব্যৱস্থাপনা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিৰীক্ষণ কৰিব৷

 

*********



(Release ID: 1608001) Visitor Counter : 283