স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ সন্দৰ্ভত আপডেটঃ সংশোধিত ভ্ৰমণ পৰামৰ্শৱলী

Posted On: 03 MAR 2020 1:31PM by PIB Guwahati

ক’ভিড-১৯ৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ পৰামৰ্শৱলীসমূহৰ লগতে নিম্নোক্ত পৰামৰ্শৱলীসমূহো তৎকালীন প্ৰণয়নৰ বাবে জাৰী কৰা হৈছেঃ

১. ইটালী, ইৰাণ, দক্ষিণ কোৰিয়া, জাপানৰ নাগৰিকসকলক ০৩.০৩.২০২০ অথবা ইয়াৰ পিছত জাৰী কৰা সকলো নিয়মিত (ষ্টীকাৰ) ভিছা/ই-ভিছা (জাপান আৰু দক্ষিণ কোৰিয়াৰ বাবে ভিঅ’এসহিতে) আৰু যিসকলে এই পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা নাই, সেইসমূহ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে৷ যিসকলে কিছুমান বাধ্যতামূলক পৰিস্থিতিৰ বাবে ভাৰতলৈ আহিব বিচাৰিছে তেওঁলোকে নিকটৱৰ্তী ভাৰতীয় দূতাৱাস/বাণিজ্যিক দূতাৱাসৰ পৰা নতুন ভিছা ল’ব পাৰে৷

২. চীন গণৰাজ্যৰ নাদৰিকসকলক ০৫.০২.২০২০ অথবা তাৰ পূৰ্বে প্ৰদান কৰা নিয়মিত (ষ্টীকাৰ)ভিছা/ই-ভিছাক পূৰ্বেই বাতিল কৰা হৈছে৷ এয়া প্ৰযোজ্য হৈ থাকিব৷ যিসকলে কিছুমান বাধ্যতামূলক পৰিস্থিতিৰ বাবে ভাৰতলৈ আহিব বিচাৰিছে তেওঁলোকে নিকটৱৰ্তী ভাৰতীয় দূতাৱাস/বাণিজ্যিক দূতাৱাসৰ পৰা নতুন ভিছা ল’ব পাৰে৷

৩. চীন, ইৰাণ, ইটালী, দক্ষিণ কোৰিয়া আৰু জাপানৰ ০১.০২.২০২০ অথবা ইয়াৰ পিছত যাত্ৰা কৰা সকলো বিদেশী নাগৰিক, যিসকলক সকলো নিয়মিত (ষ্টীকাৰ)ভিছা/ই-ভিছা প্ৰদান কৰা হৈছে আৰু যিসকলে এই পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা নাই, সেইসমূহ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে৷ যিসকলে কিছুমান বাধ্যতামূলক পৰিস্থিতিৰ বাবে ভাৰতলৈ আহিব বিচাৰিছে তেওঁলোকে নিকটৱৰ্তী ভাৰতীয় দূতাৱাস/বাণিজ্যিক দূতাৱাসৰ পৰা নতুন ভিছা ল’ব পাৰে৷

৪. কূটনৈতিজ্ঞ, ৰাষ্ট্ৰসংঘ আৰু অন্য আন্তৰ্জাতিক সংস্থাৰ বিষয়া, অ’চিআই কাৰ্ডধাৰক আৰু উপৰোক্ত দেশৰ বৈমানিক দলক প্ৰৱেশ সম্বন্ধীয় এনে প্ৰতিবন্ধকৰ পৰা ৰেহাই দিয়া হৈছে৷ কিন্তু তেওঁলোকৰ বাবে চিকিৎসা নিৰীক্ষণ অনিবাৰ্য৷

৫. যিকোনো বন্দৰৰ পৰা ভাৰতত প্ৰৱেশ কৰা সকলো আন্তৰ্জাতিক উৰণৰ যাত্ৰীসকলে নিজৰ বিষয়ে সম্পূৰ্ণ তথ্য (নিজৰ ব্যক্তিগত বিৱৰণ অথবা ফোন নম্বৰ আৰু ভাৰতত নিজৰ ঠিকনাসহিতে) আৰু যাত্ৰা বিৱৰণ বন্দৰৰ স্বাস্থ্য বিষয়া আৰু ইমিগ্ৰেচন বিষয়াক প্ৰদান কৰাটো আৱশ্যক৷

৬. প্ৰতিবন্ধকৰ উপৰিও চীন, দক্ষিণ কোৰিয়া, জাপান, ইৰাণ, ইটালী, হংকং, মেকাউ, ভিয়েটনাম, মালয়ছিয়া, ইণ্ডোনেছিয়া, নেপাল, থাইলেণ্ড, ছিংগাপুৰ আৰু টাইৱানৰ পৰা প্ৰত্যক্ষ অথবা পৰোক্ষৰূপত অহা যাত্ৰী (বিদেশী আৰু ভাৰতীয়)সকলে প্ৰৱেশৰ সময়ত চিকিৎসা নিৰীক্ষণৰ মাজেৰে পাৰ হ’ব লাগিব৷

৭. ভাৰতীয় নাগৰিকসকলক চীন, ইৰাণ, কোৰিয়া গণৰাজ্য, ইটালীলৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে আৰু তেওঁলোকক ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত দেশসমূহলৈ অনাৱশ্যক ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে৷

***

*****

MV/MANN



(Release ID: 1607070) Visitor Counter : 199