স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ন’ভেল ক’ৰোনা ভাইৰাছ(ক’ভিড-১৯)ৰ শেহতীয়া খবৰঃ নতুন ভ্ৰমণ নিৰ্দেশনা

Posted On: 26 FEB 2020 12:47PM by PIB Guwahati

বিভিন্ন দেশত ভিড-১৯ক লৈ সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ইতিমধ্যে জাৰি কৰা ভ্ৰমণ নিৰ্দেশনাসমূহৰ বাহিৰে নিম্নোক্ত অতিৰিক্ত নিৰ্দেশনাসমূহ জাৰি কৰা হৈছেঃ

. কোৰিয়া গণৰাজ্য, ইৰান আৰু ইটালীলৈ অনা-অপৰিহাৰ্য ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ ভাৰতীয়সকলক আহ্বান জনোৱা হৈছে৷

. কোৰিয়া গণৰাজ্য, ইৰান আৰু ইটালীৰ পৰা অহা অথবা ১০ ফেব্ৰুৱাৰী,২০২০ৰ ভিতৰত এইধৰণৰ দেশ ভ্ৰমণ কৰা লোকসকলক ভাৰতত উপস্থিত হোৱাৰ পিছত ১৪দিনৰ বাবে পৃথকে ৰখাৰ ব্যৱস্থা কৰা ব৷

. যিকোনো কাৰিকৰী প্ৰশ্নৰ বাবে আপোনালোকে স্বাস্থ্য মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ ২৪ ঘণ্টীয়া হেল্পলাইন নম্বৰ +৯১-১১-২৩৯৭৮০৪৬ অথবা ncov2019[at]gmail[dot]com. ইমেইল কৰিব পাৰে৷

*****

MV/MS



(Release ID: 1607031) Visitor Counter : 105


Read this release in: English , Urdu , Hindi , Tamil