প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ন’ভেল ক’ৰোনা ভাইৰাছৰ স্থিতি সন্দৰ্ভত বিভাগীয় মন্ত্ৰালয়ৰ সৈতে পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 07 MAR 2020 5:17PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ মাৰ্চ ২০২০ তাৰিখ শনিবাৰে পুৱা ১১.৩০ বজাত ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯)ৰ স্থিতি সন্দৰ্ভত আৰু ইয়াৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি তাৰ ওপৰত এই পৰ্যন্ত বিভিন্ন মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত পৰ্যালোচনা কৰে। এই পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড. হৰ্ষবৰ্ধন, কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী ড. এছ জয়শংকৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কৰমাৰ চৌবে, কেবিনেট সচিব ৰাজীৱ গৌবা, নিটি আয়োগৰ সদস্য ড. বিনোদ কে. পাল আৰু প্ৰতিৰক্ষা বিভাগৰ চীফ অৱ ডিফেন্স জেনেৰেল বিপিন ৰাৱতো উপস্থিত থাকে। এই বৈঠককালত স্বাস্থ্য, ঔষধি, নগৰ, বিমান সেৱা, বিদেশ মন্ত্ৰালয়, স্বাস্থ্য অনুসন্ধান, গৃহ, বন্দৰ আদি মন্ত্ৰালয়ৰো সচিব তথা উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবে ক’ভিড – ১৯ ৰ পৰা হাত সাৰিবলৈ কৰা প্ৰস্তুতি আৰু প্ৰতিক্ৰিয়া সম্বন্ধে বৰ্তমান পৰিস্থিতি আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় তথা অন্য সহায়ক মন্ত্ৰালয়সমূহৰ দ্বাৰা কৰা বিভিন্ন পদক্ষেপৰো এক সুন্দৰ প্ৰেজেণ্টেশ্যন উপস্থাপন কৰে। এই প্ৰস্তুতিক্ষেত্ৰত প্ৰৱেশদ্বাৰ আৰু সমুদায়ৰ নিৰীক্ষণ প্ৰয়োগশালাৰ সহায়তা, চিকিৎসালয়ৰ প্ৰস্তুতি, লজিষ্টিক্স আৰু প্ৰসাৰ আদিৰ লেখীয়া দিশবোৰৰ ওপৰত বিশেষ জোৰ দিয়া হৈছে।

ঔষধি বিভাগৰ সচিবে ভাৰতত ব্যৱহাৰৰ বাবে ঔষধ, এক্টিভ ফাৰ্মাচিউটিকেলছ ইনগ্ৰেডিয়েণ্টছ (এপিআই) আৰু অন্যান্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত থকাৰ কথা উল্লেখ কৰে।

বৈঠকৰ সময়ঠোৱাত সকলোবোৰ বিমানবন্দৰ, জাহাজ বন্দৰ আৰু সীমান্ত ক্ৰছিংবোৰত ধাৰাবাহিকভাৱে সতৰ্কতাৰ প্ৰয়োজনীয়তা সম্বন্ধীয় বিষয়বোৰৰ উপৰিও প্ৰ’ট’কল অনুসৰি ৰাজহুৱা ক্ষেত্ৰসমূহত বিশেষভাৱে তদাৰকী তথা নিৰীক্ষণ কৰাৰ বিষয়েও আলোচনা কৰা হয়, তদুপৰি ৰোগীসকলক আছুতীয়াকৈ ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিচনাৰ উপলব্ধতা সুনিশ্চিত কৰাৰ দৰে বিষয়ো এই পৰ্যালোচনা বৈঠকত আলোচনা কৰা হয়। ড. হৰ্ষবৰ্ধনে সময় থাকোতেই সকলোবোৰ ৰাজ্যৰ লগতে প্ৰভাৱী সমন্বয়েৰে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। নিটি আয়োগৰ সদস্যগৰাকীয়ে ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে সামৰ্থ্য বৃদ্ধি কৰাৰ ওপৰত জোৰ দিয়ে, লগতে ইৰাণৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰাৰ বাবে লাভ কৰা অনুৰোধৰ ওপৰতো আলোকপাত কৰে।

মাননীয় প্ৰধানমন্ত্ৰীয়ে এই পৰ্যন্ত সম্পন্ন হোৱা কাম বা পদক্ষেপৰ বাবে আটাইকেইটা বিভিগকে প্ৰসংশা কৰি কয় যে ভাৰতে এনে এক সাম্ভাৱ্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সকলো সময়তে সাজু হৈ থাকিব লাগিব। আটাইকেইটা বিভাগেই পৰস্পৰে পৰস্পৰৰ মাজত সুসমন্বয় ৰাখি কাম কৰিব লাগিব আৰু সমুদায়বোৰৰ মাজত এই ৰোগবিধ সংক্ৰান্তত সজাগতা সৃষ্টি কৰিব লাগিব, লগতে যাৱতীয় সকলোধৰণৰ সাৱধানতা অৱলম্বন কৰিবও লাগিব বুলিও কয় তেওঁ। বিশ্বৰ বিভিন্ন প্ৰান্তত কোভিড – ১৯ৰ পৰা ৰক্ষা পাবৰ বাবে গ্ৰহণ কৰা বিভিন্ন অত্যুত্তম পদ্ধতিবোৰ চিনাক্ত কৰা আৰু সেইবোৰৰ উপলব্ধতা ভাৰততো সুনিশ্চিত কৰাৰ বাবে উৎসাহ যোগায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশেষজ্ঞসকলৰ পৰামৰ্শ তথা মতামতৰ ভিত্তিতহে জনসাধাৰণক পৰামৰ্শ প্ৰদান কৰিব লাগে যে যথাসম্ভৱ ৰাজহুৱা অনুষ্ঠান আদিত ভাগ লোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ লগতে কৰণীয় আৰু অকৰণীয়বোৰৰ বিষয়েও সজাগতা সৃষ্টি কৰিব লাগে। প্ৰধানমন্ত্ৰীয়ে এই ৰোগৰ সংক্ৰমণৰ পৰিস্থিতিত ৰোগীসকলক আছুতীয়াকৈ ৰখা আৰু তেওঁলোকক ব্যাপকভাৱে শুশ্ৰূষা কৰিবৰ বাবে যাৱতীয় সুবিধা উপলব্ধ কৰিবৰ বাবে পৰ্যাপ্ত স্থান চিনাক্ত কৰাৰ কাম তৎকালীনভাৱে আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। তেওঁ বিষয়াসকলক ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয়সকলক শীঘ্ৰেই পৰীক্ষা কৰাৰ লগতে তেওঁলোকক ইৰাণৰ পৰা উলিয়াই অনাৰ বাবে পৰিকল্পনা যুগুত কৰাৰো নিৰ্দেশ দিয়ে। ৰাজহুৱা স্বাস্থ্যৰ দৃষ্টিকোণেৰে এই সংক্ৰামক ৰোগৰ ব্যৱস্থাপনা কৰিবৰ বাবে প্ৰথমৰে পৰা বিস্তৃত পৰিকল্পনা যুগুত কৰা আৰু সময়সাপেক্ষে প্ৰতিক্ৰিয়া প্ৰকাশৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে তেওঁ।

****

MV/RD



(Release ID: 1606852) Visitor Counter : 84