প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাইলৈ নাৰী শক্তি পুৰস্কাৰ বিজয়ীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
Posted On:
07 MAR 2020 12:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ লোকমান্য মাৰ্গত নাৰী শক্তি পুৰস্কাৰ বিজয়ীসকলৰ সৈতে মত বিনিময় কৰিব৷
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্ট কাইলৈ একাংশ কীৰ্তিমান মহিলাই পৰিচালনা কৰিব৷#SheInspiresUs.
ৰাষ্ট্ৰপতি ভৱনত এক অনুষ্ঠানত কাইলৈ পুৱা ৰাষ্ট্ৰপতিয়ে নাৰী শক্তি পুৰস্কাৰসমূহ প্ৰদান কৰিব৷
একাংশ ব্যক্তি, গোট, প্ৰতিষ্ঠানক তেওঁলোকে মহিলা, বিশেষকৈ পিছপৰা আৰু প্ৰান্তীয় মহিলাৰ সবলীকৰণৰ বাবে কৰা কেতবোৰ ব্যতিক্ৰমী কামৰ স্বীকৃতি স্বৰূপে এই ৰাষ্ট্ৰীয় পুৰস্কাৰ বছৰি প্ৰদান কৰা হয়৷
*****
VRRK/KP/DB
(Release ID: 1605798)
Visitor Counter : 89