কেবিনেট
অসামৰিক বিমান পৰিবহণত বৈদেশিক প্ৰত্যক্ষ বিনিয়োগত কেবিনেটৰ অনুমোদন প্ৰদান
Posted On:
04 MAR 2020 4:11PM by PIB Guwahati
মেচাৰ্ছ এয়াৰ ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলৰ দ্বাৰা বৈদেশিক বিনিয়োগ ১০০%ৰ বাবে অনুমোদন প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে স্বয়ংক্ৰিয় পথৰ অধীনত বৈদেশিক বিনিয়োগ বৃদ্ধি কৰিবলৈ এফডিআইৰ প্ৰসাৰণৰ সংশোধনীত অনুমোদন প্ৰদান কৰে৷
বৰ্তমানৰ এফডিআই নীতি অনুসৰি সূচীভুক্ত বায়ু পৰিবহণ সেৱা/ঘৰুৱা সূচীভুক্ত যাত্ৰীবাহী এয়াৰলাইনত ১০০% এফডিআই অনুমতিযোগ্য৷ কিন্তু প্ৰবাসী ভাৰতীয়সকলৰ ১০০% এফডিআই সূচীভূক্ত বায়ু পৰিবহণ সেৱা/ঘৰুৱা সূচীভুক্ত যাত্ৰীবাহী এয়াৰলাইনৰ অধীনত অনুমতিযোগ্য৷ কিন্তু চৰ্ত এয়াই যে বিমান নিয়ম ১৯৩৭ অনুসৰি পৰ্যাপ্ত মালিকীস্বত্ব তথা প্ৰভাৱী নিয়ন্ত্ৰণ (এছঅ’ইচি) ভাৰতীয় নাগৰিকৰ অধীনস্থ হ’ব৷
মেচাৰ্ছ এয়াৰ ইণ্ডিয়া লিমিটেডৰ বাবে বিদ্যমান নীতি অনুসৰি মেচাৰ্ছ এয়াৰ ইণ্ডিয়া লিমিটেডত প্ৰত্যক্ষ অথবা পৰোক্ষ হিচাপে ৪৯%তকৈ অধিক বৈদেশিক বিনিয়োগৰ অনুমতি নাই আৰু সেয়া এই চৰ্তৰ ওপৰত আধাৰিত যাতে মেচাৰ্ছ এয়াৰ ইণ্ডিয়া লিমিটেডৰ পৰ্যাপ্ত মালিকীস্বত্ব তথা প্ৰভাৱী নিয়ন্ত্ৰণ ভাৰতীয় নাগৰিকৰ অধীনত থাকে৷ সেইবাবে সূচীভুক্ত বিমান পৰিবহণ সেৱা/ঘৰুৱা সূচীভুক্ত যাত্ৰীবাহী এয়াৰলাইনৰ বাবে স্বয়ংচালিত পথৰ অধীনত ১০০% এফডিআইৰ অনুমতি হোৱাৰ পিছতো মেচাৰ্ছ এয়াৰ ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰত এয়া কেৱল ৪৯%তেই সীমাৱদ্ধ হৈ ৰৈছে৷
লাভঃ
ভাৰত চৰকাৰৰ দ্বাৰা মেচাৰ্ছ এয়াৰ ইণ্ডিয়া লিমিটেডৰ ১০০% প্ৰস্তাৱিত কৌশলী বিনিয়োগৰ সন্দৰ্ভত মেচাৰ্ছ এয়াৰ ইণ্ডিয়া লিমিটেডত চৰকাৰৰ কোনো অৱশিষ্ট অংশীদাৰীত্ব নাথাকিব আৰু এয়া সম্পূৰ্ণৰূপে স্বশাসিত হৈ পৰিব৷ সেইবাবে এয়া নিৰ্ণয় লোৱা হৈছে যে এম/এছ এয়াৰ ইণ্ডিয়া লিমিটেডত বৈদেশিক বিনিয়োগৰ জৰিয়তে সেইসমূহক অন্য সূচীভুক্ত বিমান উদ্যোগৰ শ্ৰেণীৰ সমপৰ্যায়লৈ অনা হ’ব৷
এফডিআই নীতিত এই সংশোধনৰ জৰিয়তে মেচাৰ্ছ এয়াৰ ইণ্ডিয়া লিমিটেডত অন্য সূচীভুক্ত এয়াৰলাইন অপাৰেটৰৰ অনুৰূপ বৈদেশিক বিনিয়োগৰ অনুমতি লাভ হ’ব৷ অৰ্থাৎ মেচাৰ্ছ এয়াৰ ইণ্ডিয়া লিমিটেডত সেই প্ৰবাসী ভাৰতীয়সকলেও ১০০% বৈদেশিক বিনিয়োগৰ অনুমতি লাভ কৰিব৷
এফডিআই নীতিত উপৰোক্ত সংশোধনীৰ উদ্দেশ্য হ’ল দেশত ব্যৱসায়িক সুগমতা উপলব্ধ কৰোৱাৰ বাবে এফডিআই নীতিৰ উদাৰীকৰণ তথা সৰলীকৰণ কৰা হ’ব৷ ইয়াৰ জৰিয়তে সবাতোকৈ অধিক এফডিআইৰ পথ প্ৰশস্ত হ’ব যাৰ জৰিয়তে বিনিয়োগ, আয় আৰু কৰ্ম সংস্থাপন বৃদ্ধিৰ সৱলীকৰণ হ’ব৷
পৃষ্ঠভূমিঃ
এফডিআই হ’ল আৰ্থিক বিকাশ এক মুখ্য বাহকস্বৰূপ আৰু ই দেশৰ আৰ্থিক বিকাশৰ বাবে অ-ঋণ বিত্তপোষণৰ এক স্ৰোতৰ দৰে কাম কৰে৷ দেশত বৃহৎ পৰিমাণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে এফডিআই নীতিৰ নিৰন্তৰে সমীক্ষা কৰা হয়৷ চৰকাৰে বিনিয়োগকাৰীৰ অনুকূলে এফডিআই নীতি প্ৰস্তুত কৰিছে যাৰ অধীনত অধিকতম ক্ষেত্ৰত স্ব-চালিত পথত ১০০% এফডিআইৰ অনুমতি প্ৰদান কৰা হৈছে৷ ভাৰতক এক আকৰ্ষণীয় বিনিয়োগকাৰীৰ গন্তব্যস্থল হিচাপে নিৰ্মাণ কৰিবলৈ অলপতে বিভিন্ন ক্ষেত্ৰত এফডিআই নীতিৰ ব্যৱস্থাপনা যথেষ্ট উদাৰীকৰণ কৰা হৈছে৷ এই ক্ষেত্ৰসমূহৰ ভিতৰত প্ৰতিৰক্ষা, নিৰ্মাণ তথা বিকাশ, ব্যৱসায়, ঔষধি, বিদ্যুৎ যোগান, বীমা, পেঞ্চন, অন্য বিত্তীয় সেৱা, সম্পত্তি পুনৰ্গঠন উদ্যোগ, সম্প্ৰচাৰ, একক ব্ৰেণ্ড খুচুৰা ব্যৱসায়, কয়লা খনন, ডিজিটেল মিডিয়া আদিও অন্তৰ্ভুক্ত কৰা হৈছে৷
******
VRRK/AK/MANN
(Release ID: 1605313)
Visitor Counter : 132