কেবিনেট

নতুন এনআইটিসমূহৰ স্থায়ী প্ৰাংগন স্থাপনৰ সংশোধিত সাম্ভাৱ্য মূল্যত কেবিনেটৰ অনুমোদন

Posted On: 22 JAN 2020 3:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ২০২১-২০২২ৰ বাবে নতুন এনআইটিসমূহৰ স্থায়ী প্ৰাংগন স্থাপনৰ বাবে মুঠ ৪৩৭১.৯০ কোটি টকাৰ সংশোধিত আৱণ্টনত অনুমোদন জনাইছে৷

এই এনআইটিসমূহ ২০০৯ চনত স্থাপিত হৈছিল আৰু ২০১০-২০২২ শিক্ষাবৰ্ষৰ বাবে অস্থায়ী প্ৰাংগন সীমিত পৰিমাণৰ আন্তঃগাঁথনিৰ সৈতে কাৰ্যকৰী হৈছিল৷ উক্ত অনুমোদনৰ জৰিয়তে এই এনআইটিসমূহ ৩১ মাৰ্চ ২০২২ তাৰিখৰ পৰা সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠিব৷ এই প্ৰাংগনসমূহৰ মুঠ শিক্ষাৰ্থী সামৰ্থৰ সংখ্যা হল ৬৩২০ গৰাকী৷

 

**********

VRRK/SC/MANN


(Release ID: 1600771) Visitor Counter : 109