প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ওমানৰ নৱ নিৰ্বাচিত ছুলতান এইচ এম ছায়ীজ হাইথাম বিন তাৰিক আল ছায়ীদক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 12 JAN 2020 9:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওমানৰ নৱ নিৰ্বাচিত ছুলতান এইচ এম ছায়ীদ হাইথাম বিন তাৰিক আল ছায়ীদক অভিনন্দন জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে অভিনন্দনসূচক বাৰ্তাত এইদৰে কয়, ‘‘মই ওমানৰ নৱ নিৰ্বাচিত ছুলতান এইচ এম ছায়ীদ হাইথাম বিন তাৰিক আল ছায়ীদক অভিনন্দন জনাইছো৷ তেওঁৰ নেতৃত্বত ওমানে উন্নতিৰ পথত অগ্ৰসৰ হৈ বিশ্ব শান্তিত অৰিহণা প্ৰদান কৰিব পাৰিব বুলি মই দৃঢ় বিশ্বাসী৷

ওমানৰ সৈতে ভাৰতৰ সম্পৰ্ক দীৰ্ঘদিনীয়া৷ এইচ এম ছায়ীদৰ সৈতে আমাৰ কৌশলগত সহযোগিতা সম্প্ৰসাৰিত কৰাত হাতে হাতে ধৰি আগবাঢ়িব পাৰিম বুলি আমি আশা প্ৰকাশ কৰিছো৷’’

***

VRRK/VJ/MANN



(Release ID: 1599922) Visitor Counter : 74