প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰিলে থুগলক আলোচনীৰ ৫০তম বাৰ্ষিকীত
তামিলনাডুৰ উত্থানত প্ৰভূত অৱদান আগবঢ়োৱা বুলি মন্তব্য প্ৰদান
प्रविष्टि तिथि:
14 JAN 2020 9:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে চেন্নাইত অনুষ্ঠিত তামিল আলোচনী থুগলকৰ ৫০তম বাৰ্ষিকীত অংশগ্ৰহণ কৰে৷ উপস্থিত ব্যক্তিসকলক সম্বোধি প্ৰধানমন্ত্ৰীয়ে বিগত ৫০ বছৰ ধৰি আলোচনীখনে প্ৰদৰ্শিত কৰি অহা সাফল্যৰ ধাৰাক প্ৰশংসা কৰে৷ আলোচনীখনৰ প্ৰতিষ্ঠাতা চো ৰামাস্বামীৰ দেহাৱসানত তেওঁ শোকো প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে আলোচনীখন সত্য, বৌদ্ধিক তৰ্ক আৰু ব্যংগ সাহিত্যৰ ওপৰত প্ৰতিষ্ঠিত বুলি উল্লেখ কৰে৷
তামিলনাডুৰ গতিশীলতা
তামিলনাডুৰ গতিশীলতাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনে শতিকাজুৰি দেশক পথ প্ৰদৰ্শিত কৰি আহিছে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘তামিলনাডুৰ গতিশীলতা তথা ইয়াৰ জনসাধাৰণে মোক আচৰিত কৰি তোলে৷ তামিলনাডুয়ে শতিকাজুৰি দেশক পথ প্ৰদৰ্শিত কৰি আহিছে৷ ইয়াত সামাজিক সংস্কাৰৰ সৈতে অৰ্থনৈতিক সংস্কাৰো সুন্দৰভাৱে খাপ খাই পৰিছে৷ এই ভূমি বিশ্বৰ সবাতোকৈ প্ৰাচীন ভাষাৰ গৃহভূমি৷ যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত মই ৰাষ্ট্ৰসংঘৰ ভাষণত তামিল ভাষাত কেইশাৰীমান বাক্য উপস্থাপন কৰিবলৈ সক্ষম হৈছিলো৷’’
তামিলনাডুৰ বাবে প্ৰতিৰক্ষা কৰিডৰ
ৰাজ্যখনৰ বিকাশৰ ধাৰাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ যেনে দুটা প্ৰতিৰক্ষা কৰিডৰৰ ভিতৰত এটা তামিলনাডুত স্থাপন কৰিবলৈ ওলাইছে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘বিগত কেইটামান বৰ্ষ ধৰি তামিলনাডুত বিকাশৰ গতি দ্ৰুত হৈছে৷ প্ৰতিৰক্ষা কৰিডৰ স্থাপনৰ দৰে অভিলাসী আঁচনি গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত তাৰে এটা কৰিডৰ আমি তামিলনাডুত স্থাপন কৰিবলৈ ওলাইছো৷ এই কৰিডৰে ৰাজ্যখনলৈ অধিক উদ্যোগৰ স্ৰোত সম্ভৱ কৰি তোলাৰ লগতে তামিল যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ সুযোগো লাভ কৰিব৷’’
বস্ত্ৰ আৰু ফিচাৰীখণ্ডৰ প্ৰসাৰণ
প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বস্ত্ৰখণ্ডৰ আধুনিকীকৰণৰ বাবে বিশেষ প্ৰয়াস কৰা হৈছে৷ বস্ত্ৰখণ্ডক তামিলনাডুৰ বিকাশৰ অন্যতম উৎস বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বস্ত্ৰখণ্ডৰ আধুনিকীকৰণৰ বাবে ৰাষ্ট্ৰীয় হস্ততাঁত বিকাশ কাৰ্যসূচীৰ অধীনত বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে৷ দুটা মেগা হস্ততাঁত ক্লাষ্টাৰ স্থাপন কৰা হ’ব আৰু লগতে যান্ত্ৰিক আধুনিকীকৰণৰ বাবে সংসাধনো আৱণ্টিত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷
শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিচাৰীখণ্ডৰ প্ৰসাৰণৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে৷ তেওঁ কয় যে প্ৰযুক্তি, বিত্তীয় সাহায্য তথা মানৱ সম্পদৰ জৰিয়তে ফিচাৰীখণ্ডৰ বিকাশৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ কিছুদিন পূৰ্বে তামিলনাডুৰ মাছমৰীয়াসকলক গভীৰ সাগৰৰ মাছ ধৰা নাও আৰু ট্ৰেন্সপ’ণ্ডাৰ্ছো বিতৰণ কৰা বুলি তেওঁ উল্লেখ কৰে৷ মাছমৰীয়াসকলেও এতিয়াৰে পৰা কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা লাভ কৰাৰ লগতে নাওসমূহৰো আধুনিকীকৰণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷
পৰ্যটনৰ প্ৰসাৰণ
প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণক আগন্তুক দুবছৰৰ ভিতৰত ভাৰতৰ যিকোনো ১৫টা স্থান ভ্ৰমণ কৰিবলৈ আহ্বান জনায়৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘যোৱা পাঁচ বছৰত ভাৰতত বিদেশী পৰ্যটকৰ সংখ্যা উল্লেখযোগ্য ধৰণে বৃদ্ধি পাইছে৷ ফলত পৰ্যটনৰ পৰা বৈদেশিক মুদ্ৰাও উপাৰ্জন হৈছে৷ আপোনালোকে এই কথা জানি সুখী হ’ব যে তামিলনাডুয়ে কেন্দ্ৰীয় চৰকাৰৰ স্বদেশ দৰ্শন আৰু প্ৰসাদ আঁচনিৰ অধীনত বিশেষভাৱে উপকৃত হৈছে৷ চেন্নাইৰ পৰা কন্যাকুমাৰী, কাঞ্চীপুৰম আৰু ভেল্লানকালিলৈ সাগৰীয় উপকূলক পৰ্যটন অনুকূল হিচাপে নিৰ্মাণ কৰা হ’ব৷’’
নতুন ভাৰত-নতুন দশক
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভাৰতে নতুন দশকত প্ৰৱেশ কৰাৰ মুহূৰ্তত ভাৰতৰ জনসাধাৰণে দেশক বিকাশৰ নতুন উচ্চতাত অৱৰোহণ কৰোৱাব৷ মই সদায়েই বিশ্বাস কৰোঁ: আমাৰ সভ্যতা বিকশিত হোৱাৰ মূলতে দুটা কাৰণ আছে৷ প্ৰথমটো হ’ল দেশৰ ঐক্যতা, বৈচিত্ৰতা আৰু ভ্ৰাতৃত্ববোধৰ উদযাপন৷ আৰু দ্বিতীয়টো হ’ল ভাৰতৰ জনসাধাৰণৰ সদিচ্ছা আৰু উৎসাহ৷ যেতিয়া ভাৰতে কিবা এটা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়া কোনো শক্তিয়েই তেওঁলোকক স্তব্ধ কৰিব নোৱাৰে৷’’
এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ ভূমিকাক প্ৰশংসা কৰি কয় যে সংবাদ মাধ্যমে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতিটো মহৎ পদক্ষেপ যেনে স্বচ্ছতা, এবাৰ ব্যৱহৃত প্লাষ্টিকৰ বৰ্জন আদি আঁচনিসমূহক দেশৰ জনসাধাৰণৰ মাজলৈ লৈ গৈছে৷ আগন্তুক সময়তো এই উদ্দীপনা যাতে বৰ্তি থাকে তাৰবাবে প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷
****
VRRK/VJ/MANN
(रिलीज़ आईडी: 1599919)
आगंतुक पटल : 120