প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইৰাণৰ বৈদেশিক মন্ত্ৰী ড০ জাভেদ জাৰিফে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক

Posted On: 15 JAN 2020 6:15PM by PIB Guwahati

ৰায়ছিনা ডায়ল’গ ২০২০ত অংশগ্ৰহণৰ বাবে অহা ইৰাণৰ বৈদেশিক মন্ত্ৰী ড মহম্মদ জাভেদ জাৰিফে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি সাক্ষাৎ কৰে৷

ভাৰতলৈ অহা ড জাৰিফক স্বাগতম জনাই প্ৰধানমন্ত্ৰীয়ে ২০১৯ বৰ্ষত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পাৰ্শ্বৱৰ্তী সময়ত অনুষ্ঠিত হোৱা বৈঠকৰ বিষয়ে স্মৰণ কৰে৷ ইৰাণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক পূৰ্বতকৈও অধিক দৃঢ় কৰাৰ সপক্ষে প্ৰধানমন্ত্ৰীয়ে মতপোষণ কৰে৷ চাবাহাৰ প্ৰকল্পত ইৰাণে আগবঢ়োৱা সহযোগিতাৰ বাবে তেওঁ ধন্যবাদ প্ৰকাশ কৰে৷

***

VRRK/AK/MANN



(Release ID: 1599820) Visitor Counter : 73