প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছিংগাপুৰৰ জেষ্ঠ মন্ত্ৰী সামাজিক নীতি বিভাগৰ সমন্বয়ক মন্ত্ৰী থাৰমন শ্বানমুগাৰত্নমৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

Posted On: 06 JAN 2020 5:00PM by PIB Guwahati

ছিংগাপুৰৰ জেষ্ঠ মন্ত্ৰী সামাজিক নীতি বিভাগৰ সমন্বয়ক মন্ত্ৰী থাৰমন শ্বানমুগাৰত্নমে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰীমান শ্বানমুগাৰত্নমক ভাৰতলৈ আদৰণি জনায় আৰু নৱবৰ্ষ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে শ্বানমুগাৰত্নমৰ মাধ্যমেৰে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰীমান লী ছিয়েন লঙলৈও নতুন বছৰৰ শুভকামনা জনায়৷

প্ৰধানমন্ত্ৰী আৰু শ্বানমুগাৰত্নমে দ্বিপাক্ষিক সম্পৰ্কৰ দ্ৰুত গতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁলোকে অৰ্থনৈতিক সহযোগিতা সন্দৰ্ভত পাৰস্পৰিক লাভালাভৰ কেইবাটাও বিষয় আলোচনা কৰে৷ ইয়াৰ ভিতৰত অন্যতম আছিল—আন্তঃগাথনি, দক্ষতা, ভাৰত-ছিংগাপুৰ ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি(চিইচিএ)আৰু ডিজিটেল অৰ্থনীতি৷ শ্ৰীমান শ্বানমুগাৰত্নমে ভাৰতত সামাজিক পৰিৱৰ্তন আৰু ডিজিটেল অৰ্থনীতিৰ উদগণিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বক ভূয়সী প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ছিংগাপুৰৰ মাজত আন্তঃগাথনি, পৰ্যটন, ডিজিটেল লেনদেন ব্যৱস্থা, নতুন উদ্ভাৱন আৰু প্ৰশাসন ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে৷

*************

VRRK/VJ/BM/MS



(Release ID: 1599113) Visitor Counter : 71