প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কিৰ্লোষ্কাৰ ব্ৰাদাৰ্ছ লিমিটেডৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্রীৰ
কেবিএলৰ শতবৰ্ষৰ স্মাৰক ডাক টিকট উন্মোচন
এই শতিকা ভাৰতীয় উদ্যোগপতিসকলৰঃ প্ৰধানমন্ত্ৰী
সংস্কাৰৰ অভিপ্রায়, সততা বজাই ৰাখি কর্মসম্পাদন তথা গতিশীলতাৰে পৰিৱৰ্তনৰ লক্ষ্যত আগুৱাই যোৱাৰ প্ৰচেষ্টাত গুৰুত্ব দিয়া হৈছে বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 06 JAN 2020 8:23PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান কিৰ্লোষ্কাৰ ব্ৰাদাৰ্ছ লিমিটেডৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ তেওঁ প্ৰতিষ্ঠানটোৰ শতবর্ষ সম্পূৰ্ণ হোৱা উপলক্ষে এটা ডাক টিকট উন্মোচন কৰে৷ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাতা প্ৰয়াত লক্ষ্মণৰাও কিৰ্লোষ্কাৰৰ আত্মজীৱনীমূলকযান্ত্রিক কি যাত্রাশীৰ্ষক গ্ৰন্থৰ হিন্দী সংস্কৰণো উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে৷

 

কিৰ্লোষ্কাৰ ব্ৰাদাৰ্ছ লিমিটেডৰ শতবার্ষিকী উপলক্ষে প্ৰতিষ্ঠানটোৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাই প্ৰধানমন্ত্রীয়ে কয় যে নতুন নতুন ক্ষেত্রত ব্যৱসায়-বাণিজ্য সম্প্ৰসাৰণৰ ক্ষতিশংকা গ্ৰহণৰ মানসিকতাই প্ৰত্যেক ভাৰতীয় উদ্যোগপতিৰ পৰিচয় বহন কৰে৷ ভাৰতীয় উদ্যোগপতিসকলে দেশৰ সৰ্বাংগীন উন্নয়নত যেনেকৈ ব্যাকুল, সিমানেই সাফল্য আৰু সক্ষমতাৰো পৰিচয় দিবলৈ আগ্ৰহী৷

 

প্ৰধানমন্ত্রীয়ে কয়,আজি আমি যেতিয়া এক নতুন বছৰত, এক নতুন শতিকাত প্ৰৱেশ কৰিছো, তেতিয়া এইকথা কোৱাত কোনো দ্বিধাবোধ নকৰো যে এই দশকটো ভাৰতীয় উদ্যোগপতিৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে

 

প্ৰধানমন্ত্রীয়ে কয় যে দেশৰ জনসাধাৰণৰ প্ৰকৃত শক্তিৰ পৰিচয় তেতিয়াই পোৱা যায়, যেতিয়া চৰকাৰে দেশ, দেশবাসী আৰু উদ্যোগপতিসকলৰ বাবে বাধা নহৈ বৰঞ্চ অংশীদাৰ হৈ উঠে।


প্ৰধানমন্ত্রীয়ে কয় যে  বিগত বছৰসমূহৰসংস্কাৰৰ অভিপ্রায়, সততা বজাই ৰাখি কর্মসম্পাদন তথা গতিশীলতাৰে পৰিৱৰ্তনৰ লক্ষ্যত আগুৱাই যোৱাৰ প্ৰচেষ্টাত গুৰুত্ব দিয়া হৈছে।আমাৰ প্ৰচেষ্টাই আছিল বৃত্তিগত তথা নির্দিষ্ট প্ৰণালী অনুসৰণ কৰি সুপ্ৰশাসন গঢ়ি তোলা। বিগত পাঁচ বছৰত দেশত এনে এক অনুকূল পৰিৱেশ গঢ় লৈ উঠিছে, সততা আৰু স্বচ্ছতা বজাই ৰাখি কাম কৰা সম্ভৱ এই মানসিকতাবোৰ ডাঙৰ লক্ষ্য নির্ধাৰণ আৰু সময়সীমা মানি সেয়া পূৰণত দেশক সাহস যোগাইছে বুলিও তেওঁ মন্তব্য আগবঢ়ায়৷

 

প্ৰধানমন্ত্রীয়ে কয় যে ২০১৮-১৯ বিত্তীয়বর্ষত ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেছ বা ইউপিআই ব্যৱস্থাৰ জৰিয়তে প্রায় লাখ কোটি টকাৰ লেনদেন হৈছে। চলতি বিত্তীয় বৰ্ষৰ ডিচেম্বৰলৈকে ইউপিআই ব্যৱস্থাৰ জৰিয়তে বিত্তীয় লেনদেনৰ পৰিমাণ প্রায় ১৫ লাখ কোটি টকা। প্ৰধানমন্ত্ৰীয়ে কয়, এই বিপুল পৰিমাণ ডিজিটেল লেনদেনৰ পৰাই আপোনালোকে অনুমান কৰিব পাৰিছে, দেশত কিমান ক্ষীপ্ৰতাৰে ডিজিটেল প্ৰক্রিয়াৰ ক্ষেত্ৰত সুদৃঢ় হৈ উঠিছে৷  তেওঁ লগতে কয় কালি উজ্জ্বলা যোজনাৰ পাঁচ বছৰ সম্পূৰ্ণ হৈছে। এই সংখ্যা আমাৰ সকলোৰে বাবেই সন্তুষ্টিৰ যে সমগ্ৰ দেশত ৩৬ কোটিতকৈ অধিক এলইডি বাল্ব বিতৰণ কৰা হৈছে।


মেক ইন ইণ্ডিয়া কাৰ্যসূচী ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠানসমূহৰ বাবে প্রেৰণাৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতিটো ক্ষেত্ৰতে মই সাফল্যৰ কাহিনী শুনিব বিচাৰো৷

***

VRRK/VJ/DB


(ৰিলিজ আই ডি : 1599107) অতিথি কক্ষ : 92