প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


বায়ু প্ৰদূষণ প্ৰতিৰোধৰ উপায় বিচাৰি পঞ্জাব, হাৰিয়ানা আৰু দিল্লীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবৰ উচ্চ পৰ্যায়ৰ বৈঠক

কেবিনেট সচিব এই ৰাজ্য কেইখনৰ পৰিস্থিত দৈনিক পৰ্যবেক্ষণ কৰিব৷ ৰাজ্যসমূহৰ পৰিস্থিতি নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিয়া হৈছে

Posted On: 03 NOV 2019 7:05PM by PIB Guwahati

বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবে আজি পঞ্জাৱ, হাৰিয়ানা আৰু দিল্লী চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ নতুন দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত শেহতীয়াকৈ অতিমাত্ৰা বায়ু প্ৰদূষণে জনস্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠকৰ আহ্বান জনোৱা হৈছিল৷

বৈঠকত কৃষি পথাৰত নড়া জ্বলোৱা, নিৰ্মাণ কাৰ্য, আৱৰ্জনা জ্বলোৱা, উদ্যোগ আৰু বাহনৰ ফলত সৃষ্টি হোৱা প্ৰদূষণৰ বিষয়ে পৰ্যালোচনা কৰা হয়৷ ইয়াত সিদ্ধান্ত লোৱা হয় যে কেবিনেট সচিব শ্ৰী ৰাজীৱ গুৱাবাই এই তিনিখন ৰাজ্যৰ পৰিস্থিতি দৈনিক নিৰীক্ষণ কৰিব৷ ৰাজ্যিক মুখ্য সচিবক জিলাসমূহৰ পৰিস্থিত ২৪ঘণ্টাই নিৰীক্ষণ কৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে৷

কেন্দ্ৰই লগতে ওচৰ-চুবুৰীয়া ৰাজ্যসমূহক জ্বলোৱা কাৰ্য আৰু ধূলিৰ স্তৰ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে৷ ৰাজ্য তিনিখনৰ মুখ্য সচিবে পৰিস্থিতি উন্নত কৰিবলৈ তেওঁলোকে হাতত লোৱা পদক্ষেপৰ বিষয়ে সবিশেষ উল্লেখ কৰে৷

উল্লেখ্য যে, বায়ু প্ৰদূষণৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত প্ৰায় ৩০০টা দলক নিয়োগ কৰা হৈছে৷ তেওঁলোকৰ প্ৰধান লক্ষ্য হ’ল ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ ৭টা ঔদ্যোগিক ক্লাষ্টাৰ আৰু গুৰুত্বপূৰ্ণ ট্ৰেফিক ক’ৰিডৰ৷ পঞ্জাব আৰু হাৰিয়ানাতো অনুৰূপ ব্যৱস্থা হাতত লোৱা হৈছে৷

 

প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবে যোৱা ২৪ অক্টোবৰত আয়োজন কৰা বৈঠকৰে আজি আছিল পৰৱৰ্তী অংশ৷ ৰাজ্যসমূহে নিশ্চয়তা দিছে যে তেওঁলোকে যথাসম্ভৱ সোনকালে বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব৷ ২০১৯ৰ ৪ অক্টোবৰত কেবিনেট সচিবৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ পিছৰে পৰা কেন্দ্ৰই এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ধাৰাবাহিকভাৱে বৈঠকত মিলিত হৈ আছে৷

KSD/SNC/RP/MI/MS



(Release ID: 1590554) Visitor Counter : 133