প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ নেতাসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

Posted On: 25 SEP 2019 3:45AM by PIB Guwahati

ৰাষ্ট্ৰসংঘৰ ৭৪সংখ্যক সাধাৰণ পৰিষদৰ অধিৱেশনৰ সমান্তৰালকৈ ২৪ ছেপ্তেম্বৰত নিউয়ৰ্কত ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ উন্নয়নশীল ৰাষ্ট্ৰৰ নেতাপ্ৰধানৰ বৈঠক(পিএছআইডিএছ) অনুষ্ঠিত হয়৷ বৈঠকত ফিজি, কিৰিবাটি গণৰাজ্য, মাৰ্শ্বাল দ্বীপপুঞ্জ গণৰাজ্য, মাইক্ৰ’নেছিয়া, নাউৰু গণৰাজ্য, পালাউ গণৰাজ্য, পাপুৱা নিউ গিনিয়াৰ স্বতন্ত্ৰ ৰাষ্ট্ৰ, ছামোৱা, ছ’লোম’ন দ্বীপপুঞ্জ, টংগা, টাভুলা আৰু ভানুউটু গণৰাজ্যৰ মূৰব্বীসকল উপস্থিত থাকে৷

এক্ট ইষ্ট পলিচীৰ ক্ৰমাগত প্ৰসাৰৰ সমান্তৰালকৈ প্ৰশান্ত মহাসাগৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক দৃঢ় হৈছে৷ ফলস্বৰূপে কৰ্ম-ভিত্তিক ‘ভাৰত-প্ৰশান্ত মহাসাগৰ দ্বীপপুঞ্জ সহযোগিতা ফ’ৰাম’ স্থাপন হয়৷ ফ’ৰামৰ প্ৰথম আৰু দ্বিতীয় সংস্কৰণ ফিজি(২০১৫) আৰু জয়পুৰ(২০১৬)ত অনুষ্ঠিত হয়৷ এফআইপিআইচিৰ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰশান্ত মহাসাগৰ দ্বীপপুঞ্জৰ ৰাষ্ট্ৰসমূহৰ ঘনিষ্ঠ সহযোগী হ’বলৈ ভাৰতৰ ইচ্ছাৰ কথা স্পষ্টভাৱে উল্লেখ কৰে৷ তেওঁলোকৰ উন্নয়নমূলক কৰ্মসূচীক আগুৱাই নিবলৈ ভাৰতে ঘনিষ্ঠতাৰে কাম কৰিবলৈ সাজু বুলিও প্ৰধানমন্ত্ৰীয়ে দেশসমূহক জানিবলৈ দিয়ে৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনৰ আজৰি সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে ‘ভাৰত-প্ৰশান্ত মহাসাগৰ দ্বীপপুঞ্জ সহযোগিতা ফ’ৰাম’ৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়৷

নেতাসকলে বিভিন্ন বিকাশমূলক অভিজ্ঞতা মত-বিনিময় কৰাকে ধৰি কেইবাটাও বিষয়ত বিস্তৃতভাৱে আলোচনা কৰে৷ ইয়াৰ ভিতৰত অন্যতম বিষয়সমূহ আছিল—পুনৰ নবীকৰণযোগ্য শক্তি খণ্ডত সহযোগিতা বৃদ্ধি, নতুনকৈ মুকলি হোৱা ‘দুৰ্যোগ প্ৰতিৰোধ আন্তঃগাথনিৰ বাবে মৈত্ৰী’ত যোগ দিয়া, সক্ষমতা বৃদ্ধি, ভাৰত-ৰাষ্ট্ৰসংঘ উন্নয়নমূলক অংশীদাৰ পুঁজিৰ অধীনত প্ৰকল্প ৰূপায়ন আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ ক্ষুদ্ৰ উন্নয়নমূলক ৰাষ্ট্ৰৰ সহযোগিতাৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণ৷

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ সমবিভাজিত মূল্যবোধ আৰু ভৱিষ্যতৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷ তেওঁ জনসাধাৰণৰ জীৱনধাৰণৰ মান উন্নত কৰিবলৈ আৰু তেওঁলোকক সৱল কৰিবলৈ তথা অসমতা দূৰ কৰিবলৈ উন্নয়নমূলক নীতিসমূহ সৰ্বব্যাপী আৰু বহনক্ষম হোৱাৰ ক্ষেত্ৰত জোৰ দিয়ে৷ তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত ভাৰত সমানে সংকল্পবদ্ধ আৰু পিএছআইডিক তেওঁলোকৰ উন্নয়নমূলক লক্ষ্য অৰ্জনৰ ক্ষেত্ৰত ভাৰতে উন্নয়নমূলক আৰু প্ৰযুক্তিগত সহযোগিতা আগবঢ়াই যাব৷

প্ৰধানমন্ত্ৰী মোদীয়ে জলবায়ু পৰিবৰ্তনৰ বাস্তৱতা উপস্থাপন কৰি কয় যে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰিবলৈ নৱীকৰণযোগ্য শক্তিৰ বিতৰণ বৃদ্ধি কৰিব লাগিব৷ বিকল্প শক্তি বিকশিত কৰাৰ দিশত ভাৰতে ইয়াৰ অভিজ্ঞতা বিনিময় কৰিবলৈ সাজু আছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে এই অঞ্চলৰ কেইবাখনো দেশে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীত যোগ দিছে৷ তেওঁ আন ৰাষ্ট্ৰসমূহকো এই মৈত্ৰীত যোগ দিবলৈ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে পিএছআইডিএছৰ নেতাসকলক ‘দুৰ্যোগ প্ৰশমনৰ আন্তঃগাথনিৰ বাবে উমৈহতীয়া মঞ্চ’ত যোগ দিবলৈও আহ্বান জনায়৷

চৰকাৰৰ মুখ্য মন্ত্ৰ ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ৰ উদ্যমত প্ৰধানমন্ত্ৰীয়ে পিএছআইডিএছ ৰাষ্ট্ৰসমূহলৈ উন্নয়নমূলক প্ৰকল্পৰ বাবে মুঠ ১২ মিলিয়ন মাৰ্কিন ডলাৰৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ উন্নয়নশীল ৰাষ্ট্ৰৰ প্ৰত্যেকে এই অনুদানৰ ১মিলিয়ন মাৰ্কিন ডলাৰকৈ লাভ কৰিব৷

ভাৰত আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক উন্নত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এক সন্মানিত ব্যক্তিৰ ভাৰত ভ্ৰমণ কাৰ্যসূচীৰ কথা ঘোষণা কৰে৷ কাৰ্যসূচীৰ অধীনত এই দেশসমূহৰ নিৰ্বাচিত কিছু সন্মানীয়, গণ্য-মান্য ব্যক্তিয়ে ভাৰত ভ্ৰমণৰ সুযোগ পাব৷

পিএছআইডিএছৰ নেতাসকলে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰস্তাৱক আদৰণি জনায় আৰু উভয় পক্ষৰ মাজত সম্পৰ্ক আৰু সহযোগিতা বৃদ্ধি কৰিবলৈ সহমত প্ৰকাশ কৰে৷

***

VRRK/AK/MS


(Release ID: 1587191) Visitor Counter : 183