প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ মুখ্য উপদেষ্ট হিচাপে শ্ৰী পি কে সিনহা নিযুক্ত

Posted On: 11 SEP 2019 2:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী কাৰ্যালয়ত শেহতীয়াকৈ অ’ এছ ডি হিচাপে নিযুক্ত শ্ৰী পি কে সিনহাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে৷

শ্ৰী সিনহাই ১৩ জুন ২০১৫ তাৰিখৰ পৰা ৩০ আগষ্ট ২০১৯লৈ কেবিনেট সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁৰ উত্তৰ প্ৰদেশ কেডাৰৰ ১৯৭৭ বেটছৰ আই এ এছ বিষয়া আছিল৷ তেওঁৰ বৰ্ণিল কেৰিয়াৰত শ্ৰী সিনহাই শক্তি আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰো বিশেষ সচিবৰ দায়িত্ব পালন কৰিছিল৷

তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ছেইণ্ট ষ্টীফেনছ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰি দিল্লী স্কুল অব্ ইক’ন’মিকছৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ সেই সময়তে তেওঁ জন প্ৰশাসনত মাষ্টাৰ ডিপ্ল’মা আৰু সমাজ বিজ্ঞানত এম ফিল ডিগ্ৰীও লাভ কৰে৷

আই এ এছ বিষয়া হিচাপে শ্ৰী সিনহাই উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰৰ বিভিন্ন দায়িত্ব পালন কৰাৰ লগতে কেন্দ্ৰ চৰকাৰৰো বিভিন্ন দায়িত্ব পালন কৰে৷

ৰাজ্যিক চৰকাৰৰ পৰ্যায়ত শ্ৰী সিনহাই জৌনপুৰ আৰু আগ্ৰাত জিলা অধিকাৰী, বাৰাণসীৰ আয়ুক্ত, সচিব (পৰিকল্পনা) আৰু মুখ্য সচিব (জলসিঞ্চন) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ কেন্দ্ৰ চৰকাৰৰ শক্তি আৰু আন্তঃগাঁথনি খণ্ড, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শক্তি মন্ত্ৰালয় আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ৰো দায়িত্ব পালন কৰিছিল৷ তেওঁ শক্তি, আন্তঃগাঁথনি আৰু বিত্ত বিভাগত বিশেষ বুৎপত্তি লাভ কৰিছে৷

 

 

******

VRRK/AK/MANN



(Release ID: 1584931) Visitor Counter : 68