প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


ভাৰতীয় মহাকাশ বিজ্ঞানীৰ প্ৰচেষ্টাৱলীৰ ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ভাৰতীয় মহাকাশ কাৰ্যসূচীক লৈ সদায় আশাবাদী আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ উৎসাহ যোগালে প্ৰধানমন্ত্ৰীয়ে


Posted On: 07 SEP 2019 10:32AM by PIB Guwahati

ইছৰোৰ মুখ্য কাৰ্যালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে চন্দ্ৰযান-২ অভিযানৰ যোগাযোগ বিচ্ছিন্ন হ’লেও বাংগালুৰুত ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে চন্দ্ৰযান-২ৰ অৱতৰণ প্ৰত্যক্ষ কৰাৰ বাবে উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, আমাৰ বিজ্ঞানীসকলক লৈ ভাৰতবাসীয়ে গৌৰৱ কৰে৷ তেওঁলোকে সদায় শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ লগতে ভাৰতক গৌৰৱান্বিত কৰিছে৷ এই ক্ষণবোৰ সাহসৰ আৰু আমিও ইয়াৰ জৰিয়তে সাহসী হওঁ৷

এই প্ৰচেষ্টাৰ বাবে বিজ্ঞানীসকলক উদ্গনি যোগাই প্ৰধানমন্ত্ৰীয়ে কয়, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছে, মইও আপোনালোকৰ সৈতে আছো৷ এই প্ৰচেষ্টাৰ লগতে যাত্ৰাও আছিল অতি মূল্যবান৷

আপোনালোক এনে ব্যক্তি, যিসকলে ভাৰত মাতাৰ বিজয়ৰ বাবে কাম কৰে আৰু ইয়াৰ বাবে যুঁজ দিয়ে আৰু ইয়াক গৌৰৱান্বিত কৰাৰ বাবে সংকল্প গ্ৰহণ কৰে৷

মই যোৱাৰাতি আপোনালোকৰ মনৰ হতাশা আৰু আবেগ উপলব্ধি কৰিছো৷ যানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ সময়ত মই আপোনালোকৰ মাজতে আছিলো৷ এয়া কেতবোৰ উত্তৰবিহীন প্ৰশ্ন, কিন্তু মই নিশ্চিত যে আপোনালোকে ইয়াৰ উত্তৰ পাব৷ মই জানো ইয়াৰ বাবে আপোনালোকে কিমান কঠোৰ পৰিশ্ৰম কৰিছে৷

আমি আমাৰ যাত্ৰাপথত এক সামান্য উজুটি খাইছো যদিও এইটোৱে আমাক আমাৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা আৰু উৎসাহত বাধা দিব নোৱাৰে৷

আমাৰ সংকল্প আৰু অধিক মজবুত হৈছে৷

আমাৰ বিজ্ঞানী ভাই-ভনীসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি সমগ্ৰ দেশবাসী যোৱা নিশা উজাগৰে আছে৷ আমি চন্দ্ৰপৃষ্ঠৰ নিচেই ওচৰ চাপিছিলো আৰু সেই প্ৰচেষ্টা অতি প্ৰশংসনীয়৷

আমি আমাৰ মহাকাশ কাৰ্যসূচী আৰু বিজ্ঞানীসকলক লৈ গৌৰৱান্বিত, তেওঁলোকৰ কঠোৰ পৰিশ্ৰম তথা সংকল্পই কেৱল আমাৰ দেশৰ উপৰি অন্য দেশসমূহৰ নাগৰিকৰো উন্নত জীৱন সু-নিশ্চিত কৰে৷ যদি তেওঁলোকৰ উদ্ভাৱনী কামসমূহ সফল হয়, তেতিয়া ইয়াৰ দ্বাৰা উন্নত স্বাস্থ্য সেৱা তথা শিক্ষাকে ধৰি বহু লোকে মানসম্পন্ন জীৱন নিৰ্বাহ কৰিব পাৰে৷

ভাৰতে জানে যে আনন্দিত হোৱাৰ বাবে বহুতো গৌৰৱপূৰ্ণ ক্ষণ আছে৷”

মহাকাশ কাৰ্যসূচীৰ কথা ক’লে শ্ৰেষ্ঠখিনি এতিয়াও আহিবলৈ বাকী আছে৷

এতিয়াও বহু নতুন ঠাই আৱিষ্কাৰ হ’বলৈ বাকী আছে৷ আমি এই ক্ষেত্ৰত ধাবিত হৈ সফলতাৰ নতুন শিখৰত উপনীত হ’ম৷

আমাৰ বিজ্ঞানীসকলক মই কও, ভাৰতবাসী আপোনালোকৰ সৈতে আছে৷ মই আপোনালোকৰ সৈতে আছো৷ স্বাভাৱিকতে আপোনালোকে এনে এটা স্থানলৈ যোৱাৰ প্ৰচেষ্টা কৰিছে, যি স্থানলৈ আজিলৈকে কোনো যোৱা নাই৷

আপোনালোক নিচেই কাষলৈ গ’ল৷ মই গৌৰৱেৰে কও এই প্ৰচেষ্টাৰ লগতে যাত্ৰাও আছিল অতি মূল্যবান৷

 “আমাৰ টীমে কঠোৰ পৰিশ্ৰম কৰাৰ লগতে বহু দূৰ যাত্ৰা কৰিলে আৰু ইয়াৰ পৰা পোৱা শিক্ষা সদাই আমাৰ সৈতে থাকিব৷

আমাৰ শিক্ষাৰ পৰা আমি এক শক্তিশালী আৰু উন্নত ভৱিষ্যত পাম৷

মই আমাৰ বিজ্ঞানীসকলৰ পৰিয়ালবৰ্গক ধন্যাবাদ জনাইছো৷ তেওঁলোকৰ নিৰৱ তথা মূল্যবান সমৰ্থন সদায়েই আমাৰ প্ৰচেষ্টাৰ প্ৰধান শক্তি৷

ভাই-ভনীসকল, ধৈৰ্য আৰু তপস্যা ভাৰতীয় পৰম্পৰাৰ কেন্দ্ৰবিন্দু৷ আমাৰ গৌৰৱশালী ইতিহাসত আমি এনে বহুতো ক্ষণৰ মুখামুখি হৈছো, যিবোৰে চুৰ্ণ-বিচুৰ্ণ কৰিব পাৰে, কিন্তু সেইবোৰক লৈ আমি হাৰ মনা নাই৷ সেইবাবেই আমাৰ সভ্যতাই এতিয়াও সগৌৰৱে মুৰ দাঙি আছে৷

আমি বহুতো ঐতিহাসিক সফলতা অৰ্জন কৰিছো৷ মই জানো যে ইছৰোই কেতিয়া পৰাজয় স্বীকাৰ নকৰে৷

এক নতুন সূৰ্যোদয় আৰু এক উন্নত ভৱিষ্যত আছে৷ ফলাফলক লৈ চিন্তি নহৈ আমি আগুৱাই যাব লাগিব আৰু সেয়াই আমাৰ ইতিহাস৷

আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে৷ আপোনালোকৰ সপোন মোতকৈও উচ্চ৷ আপোনালোক আশাবোৰৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে৷

আপোনালোকৰ পৰা অনুপ্ৰেৰণা পোৱাৰ বাবে মই আপোনালোকৰ সৈতে মিলিত হও৷ আপোনালোকৰ অনুপ্ৰেৰণাৰ সাগৰ আৰু অনুপ্ৰেৰণা জীৱন্ত সাক্ষী৷

মই আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সকলোৰে উজ্বল ভৱিষ্যত কামনা কৰিলো৷

***

VRRK/SH/VK/DB



(Release ID: 1584680) Visitor Counter : 85