প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী ৰাম জেঠমালানীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 08 SEP 2019 11:50AM by PIB Guwahati

জ্যেষ্ঠ আইনজ্ঞ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাম জেঠমালানীৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, শ্ৰী ৰাম জেঠমালানী জীৰ বিয়োগত ভাৰতে এগৰাকী ব্যতিক্ৰমী আইনজ্ঞ তথা কিংবদন্তী সামাজিক ব্যক্তিক হেৰুৱালে, যিগৰাকীয়ে আদালত আৰু সংসদ উভয়তে প্ৰচুৰ বৰঙণি আগবঢ়াই গৈছে৷ তেওঁ এগৰাকী বুদ্ধিমান, সাহসী ব্যক্তি আছিল আৰু কোনো দ্বিধাবোধ নথকাকৈ সকলো বিষয় বলিষ্ঠভাৱে প্ৰকাশ কৰিছিল৷

শ্ৰী ৰাম জেঠমালানী জীৰ আটাইতকৈ ভাল গুণটো আছিল তেওঁ মনৰ কথা ক’ব পাৰিছিল আৰু কোনো শংকা নকৰাকৈ কৰিব পাৰে৷ জৰুৰীকালীন সময়ৰ ক’লা দিনবোৰত তেওঁ ধৈৰ্য আৰু ৰাইজৰ স্বাধীনতাৰ বাবে কৰা যুঁজৰ বাবে সকলোৱে তেওঁক সদায় স্মৰণ কৰিব৷ অভাৱগ্ৰস্ত লোকসকলক সহায় কৰাটো তেওঁ ব্যক্তিত্বৰ অবিচ্ছেদ্য অংগ আছিল৷

শ্ৰী ৰাম জেঠমালানী জীৰ সৈতে একাধিকবাৰ বাৰ্তালাপ কৰিবলৈ পোৱাটো মই মোৰ সৌভাগ্য বুলি বিবেচিত কৰিছো৷ এই দুখৰ ক্ষণত মই তেওঁৰ পৰিয়াল, বন্ধু-বৰ্গ আৰু অসংখ্য অনুৰাগীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁ সোঁশৰীৰে নাথাকিলেও তেওঁৰ উল্লেখযোগ্য কামসমূহে সদায় তেওঁক জীয়াই ৰাখিব! ওম শান্তি৷

***

VRRK/ VJ/DB



(Release ID: 1584679) Visitor Counter : 97