প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীক সাক্ষাৎ হামিদ কাৰজাইৰ

Posted On: 19 AUG 2019 8:40PM by PIB Guwahati

ইছলামিক গণৰাজ্য আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীযুত হামিদ কাৰজায়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

আজি আফগানিস্তানৰ স্বাধীনতাৰ শতবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১৩০ কোটি ভাৰতীয়ৰ হৈ আফগানিস্তানবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে৷

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতে সকলো ক্ষেত্ৰতে সমৰ্থন আগবঢ়োৱা বাবে ধন্যবাদ জনোৱাৰ লগতে দুয়োখন দেশৰ ব্যতিক্ৰমী শুভচিন্তক হিচাপে সুখ প্ৰকাশ কৰে৷

এক একত্ৰিত, প্ৰকৃত স্বাধীন আৰু গণতান্তিক আফগানিস্তাৰ শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাৰ বাবে ভাৰতে সদায়ে সমৰ্থন আগবঢ়াই যাব বুলি দোঁহাৰে প্ৰধানমন্ত্ৰীয়ে৷

****

VRRK/SH/DB



(Release ID: 1582981) Visitor Counter : 39