প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 19 AUG 2019 8:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ আধাঘণ্টাৰ বাৰ্তালাপত দুয়োগৰাকী নেতাই গভীৰ আন্তৰিকতা আৰু সহৃদয়তাৰে কথা পাতে৷ দ্বিপাক্ষিক আৰু বিভিন্ন আঞ্চলিক বিষয় তেওঁলোকৰ আলোচনাত স্থান পায়৷ 

প্ৰধানমন্ত্ৰীয়ে যোৱা জুন মাহত ওছাকাত অনুষ্ঠিত জি-২০ সন্মিলনত ট্ৰাম্পক সাক্ষাতৰ কথা সোঁৱৰণ কৰে৷

ওছাকাত তেওঁলোকৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে ভাৰতৰ বাণিজ্য মন্ত্ৰী আৰু মাৰ্কিন বাণিজ্যিক প্ৰতিনিধিয়ে অতি শীঘ্ৰে এক বৈঠকত মিলিত হৈ পাৰস্পৰিক লাভালাভৰ বাবে দ্বিপাক্ষিক বাণিজ্যৰ সম্ভাৱনীয়তা সন্দৰ্ভত আলোচনা কৰিব৷

আঞ্চলিক পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অঞ্চলটোৰ নিৰ্দিষ্ট কিছুমান নেতাৰ ভাৰত-বিৰোধী অত্যধিক প্ৰৰোচনামূলক আৰু উত্তেজনাপূৰ্ণ মন্তব্য শান্তি প্ৰক্ৰিয়াৰ বাবে উপযোগী নহয়৷ সন্ত্ৰাস আৰু হিংসামুক্ত এক পৰিৱেশ সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে৷

দৰিদ্ৰতা, নিৰক্ষৰতা আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতে সকলো দেশক সহযোগিতা কৰিবলৈ সংকল্পবদ্ধ বুলিও প্ৰধানমন্ত্ৰীয়ে ট্ৰাম্পক জানিবলৈ দিয়ে৷

আজি আফগানিস্তানৰ স্বাধীনতাৰ এশ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আফগানিস্তানক সুসংগঠিত, সুৰক্ষিত, গণতান্ত্ৰিক আৰু প্ৰকৃতাৰ্থত স্বাধীন দেশ হিচাপে গঢ়ি তুলিবলৈ ভাৰতে দীৰ্ঘদিনৰে পৰা অবিচলিতভাৱে সহায় কৰি আহিছে৷

***

VRRK/SH/SKS/MS



(Release ID: 1582979) Visitor Counter : 76