প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্মবাৰ্ষিকী উপলক্ষে ভাৰতীয় বিপ্লৱী চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 23 JUL 2019 2:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মবাৰ্ষিকী উপলক্ষে ভাৰতীয় বিপ্লৱী চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতমাতাৰ বীৰ পুত্ৰ চন্দ্ৰশেখৰ আজাদৰ জন্মজয়ন্তীত তেওঁৰ প্ৰতি বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছো৷ তেওঁ এগৰাকী নির্ভীক আৰু দৃঢ়তাপূৰ্ণ বিপ্লৱী আছিল, যি দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিছিল৷ তেওঁৰ বীৰত্বৰ কাহিনী দেশবাসীৰ বাবে প্রেৰণাৰ উৎস৷”

***

VRRK/SH/DB


(ৰিলিজ আই ডি : 1580079) অতিথি কক্ষ : 71