কেবিনেট

২০১৯ৰ ৩০ নৱেম্বৰলৈকে পঞ্চদশ বিত্তীয় আয়োগৰ সময়সীমা বৃদ্ধিত কেবিনেটৰ অনুমোদন

Posted On: 17 JUL 2019 4:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ২০১৯ৰ ৩০ নৱেম্বৰলৈকে পঞ্চদশ বিত্তীয় আয়োগৰ সময়সীমা বৃদ্ধিত অনুমোদন জনাইছে৷ ইয়াৰ দ্বাৰা ২০২০-২৫ বৰ্ষৰ বাবে নিজৰ পৰামৰ্শৱলীৰ অন্তিম ৰূপ দিয়াৰ বাবে কৰা সংস্কাৰৰ লগতে নতুন বাস্তৱায়িত কৰাৰ প্ৰতি লক্ষ্য ৰাখি আনুমানিক বিত্তীয় পূঁজিৰ প্ৰস্তাৱসমূহো সজহ হৈ পৰিব৷

পটভূমিঃ

১৯৫১ চনৰ সংবিধান আৰু বিত্তীয় আয়োগ (বিভিন্ন ক্ষেত্ৰ) আইনৰ ২৮০ ধাৰাৰ ১নং উপধাৰাৰ ভিত্তিত ২০১৭ৰ ২৭ নৱেম্বৰত ৰাষ্ট্ৰপতিয়ে পঞ্চদশ বিত্তীয় আয়োগ গঠন কৰে৷ বিচার্য বিষয়ৰ ওপৰত ভিত্তি কৰি আয়োগৰ প্ৰতিবেদন জমা দিয়াৰ তাৰিখ আছিল ২০১৯ চনৰ ৩০ অক্টোবৰ৷ বিগত চাৰি বছৰত কেন্দ্রীয় চৰকাৰে আর্থিক ক্ষেত্রত একাধিক সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰাৰ পৰিপ্রেক্ষিতত এই আয়োগ গঠন কৰা হৈছিল৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে আয়-ব্যয় নির্ধাৰণ কাম-কাজৰ বিষয়টো বিবেচনা কৰি আয়োগৰ ম্যাদ বৃদ্ধিৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটে অনুমোদন জনায়৷

**********

AKT/PK/SH/DB



(Release ID: 1579660) Visitor Counter : 82