প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰপ্ৰদেশৰ আগ্ৰাৰ বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 08 JUL 2019 11:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ আগ্ৰাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, উত্তৰপ্ৰদেশৰ আগ্ৰাত সংঘটিত বাছ দুৰ্ঘটনাক লৈ অতিশয় দুঃখিত হৈছো৷ যিসকলে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে, সেই পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলক আশু আৰোগ্য কামনা কৰিছো৷ পীড়িতসকলক ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনে সম্ভাব্য সকলো সহায় আগবঢ়াইছে৷

***
 

AKT/SH/DB



(Release ID: 1578053) Visitor Counter : 81