প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-২০ সন্মিলনৰ পৃথকে ব্ৰিকছ নেতাসকলৰ সৈতে হোৱা এক অনানুষ্ঠানিক বৈঠকৰ যুটীয়া বিবৃতি

Posted On: 28 JUN 2019 7:24PM by PIB Guwahati

১. আমি, ব্ৰাজিল সংঘ গণৰাজ্য, ৰাছিয়ান সংঘ, ভাৰত গণৰাজ্য, চীন গণৰাজ্য আৰু দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰ প্ৰমুখ্যে জি-২০ শিখৰ সন্মিলনৰ পৃথকে জাপানৰ অ’ছাকাত ২৮ জুন ২০১৯ তাৰিখে মিলিত হৈছো৷ আমি জি২০ৰ জাপানী প্ৰেছিডেন্সীক অভিনন্দন জনাইছো আৰু আমাক প্ৰদান কৰা অতিথি সৎকাৰৰ বাবে তেওঁলোকক কৃতজ্ঞতা জনাইছো৷

২. আমি জাপানৰ অধ্যক্ষতাত ব্যৱসায়, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, আন্তঃগাঁথনি, জলবায়ু পৰিৱৰ্তনস সকলোৰে বাবে স্বাস্থ্য সেৱা, বৰ্ধিত জনসংখ্যা আৰু সামূহিক বিকাশৰ প্ৰাথমিকতাৰ বিষয়ে অৱগত হৈছো৷

৩. বিশ্বৰ আৰ্থিক বিকাশ স্থিৰ হৈছে আৰু এয়া অনুমান কৰা হৈছে যে এই বৰ্ষৰ শেষলৈ আৰু ২০২০ত ইয়াৰ সামান্য বৃদ্ধি হ’ব৷ তথাপিও ব্যৱসায়, ভৌগোলিক চাপ, সামগ্ৰীৰ মূল্যৰ অস্থিৰতা, অসমতা আৰু অপৰ্যাপ্ত সমাবেশী সংবৃদ্ধি তথা বিত্তীয় স্থিতিৰ সৈতে সংবৃদ্ধিক সৱলীকৰণৰ কৰাটো অনিশ্চিত যেন বিবেচিত হৈছে৷ বিশ্বজনীন পৰ্যায়ত অধিক অসমতা নিৰন্তৰে অব্যাহত থকাৰ বাবে সম্পূৰ্ণ ধৰণে নিৰীক্ষণ আৰু সময় অনুসৰি নীতিগত প্ৰতিক্ৰিয়াৰ আৱশ্যক হয়৷ আমি আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ নিৰন্তৰ সংবৃদ্ধিৰ বাবে এক অনুকূল বিশ্বজনীন আৰ্থিক পৰিবেশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছো৷

৪. এই পৰিপ্ৰেক্ষিতত আমি এই কথাৰ ওপৰত সন্তোষ ব্যক্ত কৰিব পাৰো যে ব্ৰিকছ দেশসমূহ যোৱা এক দশকৰ পৰা বিশ্বজনীন সংবৃদ্ধিৰ মুখ্য চালক হিচাপে বিবেচিত হৈছে আৰু বৰ্তমানে বিশ্বজনীন উৎপাদনত তেওঁলোকৰ অৱদান হ’ল প্ৰায় এক তৃতীয়াংশ৷ ইয়াৰ পৰা অনুমান লগাব পাৰি যে ২০৩০ পৰ্যন্ত মুঠ বিশ্বজনীন আৰ্থিক বিকাশত অৰ্ধেক অৱদান ব্ৰিকছেই প্ৰদান কৰিব৷ গঠনাত্মক সংশোধনৰ নিৰন্তৰ পদক্ষেপৰ দ্বাৰা আমাৰ বিকাশৰ সম্ভাৱনা বৃদ্ধি হ’ব৷ ব্ৰিকছ সদস্যসমূহৰ মাজত সন্তুলিত ব্যৱসায়ৰ প্ৰসাৰণে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় প্ৰবাহক অধিক শক্তিশালী কৰিব৷

৫. প্ৰত্যাহ্বানসমূহৰ সমাধান কৰিবলৈ আৰু অৱকাশসমূহৰ লাভ উঠোৱাত সহায় কৰিবলৈ আমি অন্য বিষয়ৰ সৈতে মুক্ত বজাৰ; শক্তিশালী আৰ্থিক লাস্যময়তা; বিত্তীয় স্থিৰতা; উপযুক্তৰূপত ডিজাইন কৰা তথা সমন্বিত মেক্ৰ’ আৰ্থিক নীতি; গাঁথনিৰ সংশোধন; মানৱ পুঁজিত পৰ্যাপ্ত বিনিয়োগ; দুখীয়াৰ স্তৰ আৰু অসমতাৰ হ্ৰাস; বিনিয়োগ আৰু উদ্ভাৱনক উৎসাহিত কৰাৰ বাবে প্ৰভাৱী প্ৰতিযোগিতা; মুক্ত, নিৰপেক্ষ, ন্যায়পূৰ্ণ আৰু ভেদভাৱহীন ব্যৱসায়িক পৰিবেশ; সাৰ্বজনিক-ব্যক্তিগত অংশগ্ৰহণত (পিপিপি) সহযোগ; আৰু বুনিয়াদী আন্তঃগাঁথনিৰ বিত্তপোষণ তথা বিকাশৰ মহত্বক গুৰুত্ব প্ৰদান কৰিছো৷ এই ক্ষেত্ৰসমূহত তথা অন্য ক্ষেত্ৰতো আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা উপায়ে বহনক্ষম তথা সমাৱেশী আৰ্থিক বিকাশত উদগনি যোগাব৷

৬. আমি দক্ষতাপূৰ্ণ, ভেদভাৱহীন, মুক্ত আৰু সমাৱেশী আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ সংৰক্ষণবাদ আৰু একপক্ষীয়বাদে বিশ্ব ব্যৱসায়িক সংগঠনৰ ভাৱনা আৰু নিয়মৰ বিপৰীকে কাম কৰে৷ আমি বহুপক্ষবাদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ বাবে নিজৰ প্ৰতিশ্ৰুতি পুনৰ ৰেখাংকিত কৰিছো আৰু আমি ইয়াৰ কেন্দ্ৰত বিশ্ব ব্যৱসায়িক সংগঠনৰ সৈতে নিয়ম-আধাৰিত বহুপক্ষীয় ব্যৱসায় প্ৰণালীৰ বাবে নিজৰ সমৰ্থন দোহাৰিছো৷ আমি সংগঠনৰ আৱশ্যকীয় সংশোধনত সকলো ডব্লিউটিঅ’ সদস্যসকলৰ সৈতে গঠনাত্মক ৰূপত কাম কৰিম যাতে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানক উচিত ধৰণে সমাধান কৰিব পাৰি তথা ডব্লিউটিঅ’ৰ প্ৰাসংগিকতা আৰু প্ৰভাৱশীলতা বৃদ্ধি কৰিব পাৰি৷ অন্য দিশসমূহৰ সৈতে, সংশোধনত বিশ্ব ব্যৱসায়িক সংগঠনৰ কেন্দ্ৰীয়তা, মূল মূল্য আৰু বুনিয়াদী সিদ্ধান্তসমূহক সংৰক্ষিত কৰিব লাগে আৰু বিকাশশীল দেশ তথা এলডিচিসহিতে সকলো সদস্যৰ হিতৰ বাবে বিচাৰ কৰিব লাগে৷ এয়া আৱশ্যক যে বিশ্ব ব্যৱসায়িক সংস্থাৰ বাৰ্তাৰ এজেণ্ডা সন্তুলিত হওক আৰু তাৰ ওপৰত যাতে মুক্ত, দক্ষতাপূৰ্ণ তথা সমাৱেশী ধৰণে আলোচনা কৰিব লাগে৷

৭. বিশ্ব ব্যৱসায়িক সংগঠনৰ বিবাদ মীমাংস তন্ত্ৰ হ’ল বহুপক্ষীয় ব্যৱসায় প্ৰণালীৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ আৰু ই সংগঠনৰ উচিত তথা প্ৰভাৱী কামকাজৰ বাবে এক Appellate Bodyৰ নিযুক্তিৰ আৱশ্যক৷ আমি বিশ্ব ব্যৱসায় সংগঠনত বিবাদসমূহৰ বাবে এক দ্বি-পৰ্যায়ৰ আৱদ্ধকাৰী ন্যায়িক প্ৰণালীৰ কাৰ্যৰ সংৰক্ষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ বিশ্ব ব্যৱসায় সংগঠনৰ Appellate Bodyৰ নিযুক্তিত বাধাৰ সমস্যা হ্ৰাস কৰাৰ তৎকালীনতাক গুৰুত্ব প্ৰদান কৰি আমি আপীল কৰিছো যে Appellate Bodyৰ নিযুক্তি যাতে তুৰন্তে আৰম্ভ হওক৷

৮. আমি বিশ্বজনীন সুৰক্ষা নেটৰ কেন্দ্ৰত এক শক্তিশালী, কোটা-আধাৰিত তথা পৰ্যাপ্ত ৰূপত সংসাধনযুক্ত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ (আইএমএফ)ৰ বাবে নিজৰ প্ৰতিশ্ৰুতিত পুনৰ গুৰুত্ব আৰোপ কৰিছো৷ আমি আইএমএফ কোটাৰ প্ৰণয়ন আৰু ২০১০ত সহমত সিদ্ধান্তৰ ভিত্তিত শাসন সংশোধনৰ বাবে কাৰ্যকৰী ব’ৰ্ডৰ সৈতে কাম কৰাৰ নিজৰ প্ৰতিশ্ৰুতি দোহাৰিছো৷ আমি ২০১৯ৰ বাৰ্ষিক বৈঠকত কোটাৰ 15th General Review of Quotas সম্পন্ন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷

৯. আমি আন্তঃগাঁথনি বিত্তপোষণ আৰু সামুহিক বিকাশত নিউ ডেভেলপমেণ্ট বেংক (এনডিবি)ৰ ভূমিকাৰ প্ৰশংসা কৰিছো আৰু শক্তিশালী, সন্তুলিত তথা উচ্চ গুণগতমানৰ পৰিযোজনাৰ প’ৰ্টফ’লিঅ’ নিৰ্মাণৰ বাবে নিৰন্তৰে তথা সামুহিক প্ৰয়াসক গুৰুত্ব প্ৰদান কৰো৷ আমাৰ সদস্য দেশসমূহত গুৰুত্বপূৰ্ণ বুনিযাদী গাঁথনিৰ বিনিয়োগত বেকলগৰ সমাধানৰ বাবে এক কেন্দ্ৰীত প্ৰয়াসক গুৰুত্ব দিয়া হৈছে৷ এনডিবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ স্থাপনৰ দ্বাৰা শক্তিশালী কৰা হ’ব৷ আমি এনএডিবিৰ দ্বাৰা নিজৰ সকলো সদস্যৰ ঘৰুৱা মুদ্ৰাৰ সংসধান গোটোৱাৰ বাবে চীনৰ পৰা আৰম্ভণিৰ সৈতে দক্ষিণ আফ্ৰিকা আৰু ৰাছিয়াত অনাগত বণ্ড কাৰ্যসূচীসহিতে সেই প্ৰতিশ্ৰুতিক স্বাগতম জনাইছো৷ আমি এনডিবিৰ প্ৰকল্প প্ৰস্তুতি পুঁজিৰ শীঘ্ৰ প্ৰণয়নৰ বাবে তৎপৰ হৈছো আৰু আশা কৰিছো যে এই পৰিযোজনা প্ৰস্তুত কৰাৰ বাবে এক দক্ষ সাধন হিচাপে বিবেচিত হ’ব যি এনডিবিৰ সদস্য দেশসমূহক প্ৰযুক্তিগত সাহায্য প্ৰদান কৰিব৷

১০. আমাৰ সদস্য দেশসমূহত পৰিশোধ চাপ কম কৰিবলৈ ব্ৰিকছ কণ্টিজেণ্ট ৰিজাৰ্ভ এৰেঞ্জমেণ্ট (চিআৰএ)ত নিৰন্তৰ গুৰুত্ব প্ৰদান কৰিছো৷ ২০১৮ত সফল পৰীক্ষণক লক্ষ্য কৰি আমি তাতকৈও অধিক গহীন পৰীক্ষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ যাতে সংসাধনসমূহত যথা আৱশ্যকতা অনুসৰি কোনো সদস্য দেশ পৰা অনুৰোধ অহাৰ পিছত তেওঁলোকক সহায় কৰাত চিআৰএৰ পৰিচালনা প্ৰস্তুতি সুনিশ্চিত কৰিব পাৰি৷  আমি মেক্ৰ’ইক’নমিক ইনফ’ৰ্মেছনত চিআৰএ ছিষ্টেম অব্ একচেঞ্জৰ কামকাজৰ আদৰণি জনাইছো৷ আমি ব্ৰিকছ স্থানীয় মুদ্ৰা বণ্ড ফাণ্ড স্থাপনৰ বাবে নিৰন্তৰ প্ৰয়াসসমূহক স্বাগতম জনাইছো আৰু ইয়াৰ সঞ্চালন আৰম্ভ কৰাৰ বাবে তৎপৰ হৈছো৷ আমি চিআৰএ আৰু আইএমএফৰ মাজৰ সহযোগিতাক সমৰ্থন জনাইছো৷

১১. আমি ব্ৰিকছ দেশসমূহে সন্ত্ৰাসবাদী আক্ৰমণ তথা তেওঁলোকৰ সমৰ্থনকাৰীক তীব্ৰ নিন্দা জনাইছো লাগিলে সেয়া যিয়েই নকৰক কিয়৷ আমি একত্ৰিত আন্তঃৰাষ্ট্ৰীয় আইনৰ আধাৰত সংযুক্ত ৰাষ্ট্ৰৰ তত্বাৱধানত সন্ত্ৰাসবাদৰ মোকাবিলা কৰাৰ বাবে কৰা প্ৰয়াসক আদৰণি জনাইছো৷ আমি এয়া দোহাৰিছো যে এই সকলো ৰাজ্যৰ দায়িত্ব যে তেওঁলোকে সন্ত্ৰাসবাদী নেটৱৰ্কৰ বিত্তপোষণ আৰু নিজৰ ক্ষেত্ৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ৰোধ কৰক৷ এয়া স্বীকাৰ কৰা হৈছে যে আইচিটিৰ ব্যৱহাৰত সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্যসমূহৰ অগ্ৰণী ভূমিকা আছে৷

১২. আমি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু সাৰ্বজনিক তথা নিজা ক্ষেত্ৰত ঐক্যৱদ্ধতাক গুৰুত্ব প্ৰদান কৰিম৷ আমি সাৰ্বজনিক আৰু নিজা দুয়োটা ক্ষেত্ৰত ভ্ৰষ্টাচাৰ ৰোধ কৰাৰ বাবে আৰু ইয়াৰ সৈতে মোকাবিলা কৰাৰ বাবে হুইচেল ব্ল’ৱাৰৰ ভূমিকাক তথা সেইসমূহ সংৰক্ষণৰ দিয়াৰ উপায়ৰ সংশোধনৰ আৱশ্যকতা অনুধাৱন কৰিছো৷

১৩. আমি স্বীকাৰ কৰিছো যে ভ্ৰষ্টাচাৰ, অবৈধ ধন আৰু বিত্তীয় প্ৰবাহ তথা বিদেশী অধিকাৰৰ ক্ষেত্ৰত একত্ৰ সম্পত্তি এক বিশ্বজনীন প্ৰত্যাহ্বান যি আৰ্থিক বিকাশত ঋণাত্মক প্ৰভাৱ পেলায়৷ আমি ভ্ৰষ্টাচাৰ বিৰোধী আইন প্ৰণয়ন; পলৰীয়া, আৰ্থিক আৰু ভ্ৰষ্টাচাৰ অপৰাধীৰ প্ৰত্যাৰ্পণ আৰু চুৰ কৰা সম্পত্তিৰ আহৰণত ঘৰুৱা আইন প্ৰণালীৰ অধীনত সহযোগিতা শক্তিশালী কৰাৰ আৱশ্যকতাসমূহকো বুজি পাও৷

১৪. আমি স্বচ্ছ, উদাৰবাদী শক্তি দক্ষ প্ৰণালীৰ দিশত পৰিৱৰ্তনত সহযোগিতা ভূমিকাৰ সৈতে অৱগত যি গ্ৰীণহাউচ গেছ নিৰ্গমন ৰোধ কৰি বিকাশৰ সৈতে জড়িত হয়৷ আমি সৌৰ শক্তি, বহনক্ষম বায়’শক্তি আৰু পৰিবহণত প্ৰাকৃতিক গেছ সহিতে এক ন্যূনতম নিৰ্গমনৰ সৈতে ভৱিষ্যতক বাস্তৱায়িত কৰাৰ হেতু শক্তি আৰু প্ৰযুক্তিগত বিকাশৰ বিভিন্ন স্ৰোতৰ গুৰুত্বক স্বীকাৰ কৰো৷ এই সম্বন্ধত আমি ব্ৰিকছ দেশসমূহে নৱীকৰণ শক্তি সংসাধনৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বাবে প্ৰয়াসসমূহৰ প্ৰশংসা কৰি বহনক্ষম শক্তিৰ ওপৰত সংযুক্ত অধ্যয়নত সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যৰ সৈতে ব্ৰিকছ শক্তি অনুসন্ধান সহযোগ মঞ্চক শক্তিশালী কৰাৰ বাবে তথা উন্নত শক্তি প্ৰযুক্তিৰ সহযোগিতা কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি দোহাৰিছো৷

১৫. আমি ইউএনএফচিচিচিৰ সিদ্ধান্তৰ অধীনত গ্ৰহণ কৰা পেৰিছ চুক্তিৰ পূৰ্ণ প্ৰণয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ য’ত ভিন্ন ৰাষ্ট্ৰীয় পৰিস্থিতিৰ সাদৃশ্যমূলক আদৰ্শ কিন্তু ভিন্ন ভিন্ন দায়িত্ব তথা সম্বন্ধীয় সিদ্ধান্ত অন্তৰ্ভুক্ত আছে৷

১৬. সামূহিক বিকাশৰ বাবে ২০৩০ চনৰ এজেণ্ডাৰ প্ৰতি লক্ষ্য ৰাখি আমি সামূহিক বিকাশৰ বাবে নিজৰ শক্তিশালী প্ৰতিশ্ৰুতি দোহাৰিছো৷ আমি আদিছ আবাবা একচন এজেণ্ডা অনুসৰি শাসকীয় বিকাশ সাহায্য প্ৰতিবদ্ধতা তথা বিকাশ সংসাধনৰ ব্যৱ্স্থাসমূহক সম্পূৰ্ণৰূপে সন্মানিত কৰাৰ গুৰুত্ব প্ৰদান কৰিছো৷ আমি ২০৩০ চনৰ এজেণ্ডাৰ ওপৰত কৰ্ম পৰিকল্পনা, আফ্ৰিকা আৰু কম বিকশিত দেশসমূহত ঔদ্যোগিকীকৰণ সাহায্যত জি২০ৰ পদক্ষেপ আৰু আফ্ৰিকাৰ সৈতে জি২০ৰ সহযোগিতাৰ সমৰ্থন কৰি থাকিম৷

১৭. আমি ২০১৯ৰ প্ৰেছিডেন্সীৰ বিষয়ৰ ৰূপত এক নৱ প্ৰৱৰ্তন তথা উজ্বল ভৱিষ্যতৰ বাবে আৰ্থিক বিকাশৰ পৰিচয়ৰ বাবে ব্ৰাজিলক প্ৰশংসা কৰিছো৷ আমি ব্ৰিকছ বৈজ্ঞানিক, প্ৰযুক্তিগত, নৱ প্ৰৱৰ্তন আৰু উদ্যমিতা সহযোগ, নতুন ঔদ্যোগিক ক্ৰান্তিৰ ওপৰত ব্ৰিকছৰ অংশীদাৰীত্ব, আইব্ৰিকছৰ নেটৱৰ্ক, ব্ৰিকছ ইন্সটিটিউট অব্ ফিউচাৰ নেটৱৰ্কছ তথা যুৱ বৈজ্ঞানিক মঞ্চ জাৰী ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো৷

১৮. আমি ব্ৰাজিলৰ BRICS Chairshipin 2019ৰ বাবে নিজৰ সমৰ্থন প্ৰদান কৰিছো আৰু নৱেম্বৰত ব্ৰাছিলিয়াত ১১তম ব্ৰিকছ শিখৰ সন্মিলনৰ বাবে তৎপৰ হৈছো৷

 

***

AKT/SH/SKS/MANN



(Release ID: 1577330) Visitor Counter : 99