কেবিনেট


ভাৰতক আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰাৰ পদক্ষেপ গ্ৰহণ

কেবিনেটে অনুমোদন প্ৰদান কৰিলে আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰ বিধেয়ক, ২০১৯

আন্তঃৰাষ্ট্ৰীয় বৈকল্পিক বিবাদ সমাধান কেন্দ্ৰৰ কাৰ্য ২ মাৰ্চ ২০১৯ৰ পৰা দিল্লী আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰলৈ হস্তান্তৰিত হ’ব

অধ্যাদেশৰ স্থান গ্ৰহণ কৰা বিধেয়কৰ সিদ্ধান্ত লোকসভাৰ পৰৱৰ্তী অধিৱেশনত গ্ৰহণ কৰা হ’ব


Posted On: 12 JUN 2019 7:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰৰ মুখ্য কাৰ্যসমূহৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰৰ নিৰ্মাণো মুখ্য ৰূপত অন্তৰ্ভুক্ত কৰা হৈছে৷ সংস্থাগত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাৰ বাবে এক স্বতন্ত্ৰ তথা স্বায়ত্ব ব্যৱস্থ্যাৰ স্থাপনৰ দিশত এয়া এক পদক্ষেপ হিচাপে বিবেচিত হৈছে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰ (এনডিআইএচি) বিধেয়ক, ২০১৯ক লোকসভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপন কৰাৰ বাবে অনুমোদন প্ৰদান কৰে৷

প্ৰভাৱঃ

চৰকাৰ আৰু তেওঁলোকৰ এজেন্সী তথা বিবাদৰ সৈতে জড়িত পক্ষৰ বাবে সংস্থাগত মধ্যস্থতাৰ পৰা অনেক লাভ হব৷

ইয়াৰ দ্বাৰা ভাৰতৰ গুণগতসম্পন্ন বিশেষজ্ঞ উপলব্ধ হব আৰু আয়ৰ দৃষ্টিৰ পৰা লাভ হব৷

ইয়াৰ দ্বাৰা ভাৰত সংস্থাগত মধ্যস্থতাৰ কেন্দ্ৰ হিচাপে বিবেচিত হব৷

প্ৰভাৱঃ

বিধেয়কত সংস্থাগত মধ্যস্থতাৰ বাবে এক স্বতন্ত্ৰ তথা স্বায়ত্ব নিগম গঠন কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় বৈকল্পিক বিবাদ সমাধান কেন্দ্ৰ (আইচিএডিআৰ)ৰ সকলো কাৰ্য/গোচৰ ২ মাৰ্চ ২০১৯ৰ পৰা নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় বিবাদ কেন্দ্ৰ (এনডিআইএচি)লৈ স্থানান্তৰিত হব৷

প্ৰণয়নঃ

এই বিধেয়কে নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় বিবাদ কেন্দ্ৰ অধ্যাদেশ, ২০১৯ৰ স্থান গ্ৰহণ কৰিব যাৰ ঘোষণা ৰাষ্ট্ৰপতি ২ মাৰ্চ ২০১৯ত কৰিছিল৷ অধ্যাদেশত সংস্থাগত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিবাদৰ বাবে এক স্বতন্ত্ৰ তথা স্বায়ত্ব শাসিত নিগম গঠনৰ প্ৰস্তাৱ দিয়া হৈছিল৷ ইয়াৰ উদ্দেশ্যত ভাৰতক আন্তঃৰাষ্ট্ৰীয় বিবাদৰ বাবে মধ্যস্থতা কেন্দ্ৰৰ ৰূপত স্থাপিত কৰাও অন্তৰ্ভুক্ত আছিল৷

এই বিধেয়কৰ দ্বাৰা নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় বিবাদ কেন্দ্ৰ অধ্যাদেশ, ২০১৯ক স্তব্ধ কৰা হব আৰু অধ্যাদেশৰ অন্তৰ্গত সকলো সিদ্ধান্ত তথা কাৰ্যসমূহক বিধেয়কৰ অধীনত গ্ৰহণ কৰা সিদ্ধান্ত তথা কাৰ্যৰ অনুৰূপ হিচাপে বিবেচনা কৰা হব৷

পৃষ্ঠভূমিঃ

ভাৰত চৰকাৰৰ বৈকল্পিক বিবাদ সমাধান (এডিআ) ব্যৱস্থাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা বাণিজ্যিক বিবাদসমূহক দ্ৰুত গতিত সমাধানৰ বাবে এক স্বতন্ত্ৰ তথা স্বায়ত্বশাসিত সংস্থা স্থাপন কৰাৰ বাবে প্ৰয়াস কৰা হৈছে৷ এই সন্দৰ্ভত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শ্ৰী ন্যায়মূৰ্তি বি. এন. শ্ৰীকৃষ্ণৰ অধ্যক্ষতাত এক উচ্চস্তৰীয় সমিতি (এছএলচি) ২০১৭ চনত গঠন কৰা হৈছিল৷ এছএলচিয়ে এই পৰামৰ্শ প্ৰদান কৰিছিল যে চৰকাৰে সাৰ্বজনিক ধনৰ ব্যৱহাৰ কৰি ১৯৯৫ চনত স্থাপিত এক চলিত সংস্থা আন্তঃৰাষ্ট্ৰীয় বৈকল্পিক বিবাদ সমাধান কেন্দ্ৰ (আইচিএডিআৰ)ৰ কাম-কাজ নিজৰ হাতত গ্ৰহণ কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বৰ এক সংস্থাৰ ৰূপত বিকশিত কৰিব পাৰে৷

ৰাষ্ট্ৰপতিয়ে ভাৰতক সংস্থাগত মধ্যস্থতা কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰাৰ বিশেষ গুৰুত্ব তথা ভাৰতত ব্যৱসায় কৰাৰ সুগমতাসুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি ২ মাৰ্চ ২০১৯ তাৰিখে নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰ অধ্যাদেশ, ২০১৯ জাৰী কৰিছিল৷ সংবিধানৰ অনুচ্ছেজ ১০৭ () আৰু ১২৩ ()ৰ প্ৰাৱধানসমূহৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰ বিধেয়ক, ২০১৯ক সংসদত উত্থাপন কৰা প্ৰস্তাৱ দিয়া হৈছে যি নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰ অধ্যাদেশ, ২০১৯ৰ স্থান গ্ৰহণ কৰিব৷

এনডিআইএচি- ভৱিষ্যতৰ মধ্যস্থতাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰঃ

নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰ (এনডিআইএচি)ৰ এজন মুৰব্বী থাকিব যি উচ্চতম ন্যায়ালয় অথবা কোনো উচ্চ ন্যায়ালয়ৰ বিচাৰক হব পাৰে অথবা এনে কোনো প্ৰখ্যাত ব্যক্তি হব পাৰে যাৰ মধ্যস্থতাৰ প্ৰশাসন, আইন আদি সম্পৰ্কে অভিজ্ঞতা আছে৷ মুৰব্বীগৰাকীক ভাৰতৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শৰ দ্বাৰা কেন্দ্ৰ চৰকাৰৰ দ্বাৰা নিযুক্তি প্ৰদান কৰা হব৷ ইয়াৰোপৰি ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে সংস্থাগত মধ্যস্থতাৰ পৰ্যাপ্ত তথ্য আৰু অভিজ্ঞতা থকা প্ৰখ্যাত ব্যক্তিৰ মাজৰ পৰা দুজন পূৰ্ণকালীন অথবা অংশকালীন সদস্যকো ইয়াত অন্তৰ্ভুক্ত কৰা হব৷ তাৰোপৰি বাণিজ্য আৰু উদ্যোগৰ মান্যতা প্ৰাপ্ত নিগমৰ এজন সদস্যকো অংশকালীন সদস্যৰ ৰূপত নিযুক্তি প্ৰদান কৰা হব৷ বিধি আৰু ন্যায় মন্ত্ৰালয়প আইনী গোচৰ বিভাগৰ সচিব, বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ দ্বাৰা নামাংকিত বিত্তীয় উপদেষ্টা, এনডিআইএচিৰ মুখ্য কাৰ্যবাহী বিষয়ে ইয়াৰ পদেন সদস্য হব৷

এনডিআইএচিৰ লক্ষ্য আৰু উদ্দেশ্যঃ

) আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা মধ্যস্থতাৰ বাবে মুখ্য সংস্থাৰ ৰূপত বিকশিত কৰাৰ বাবে যোজনাবদ্ধ সংশোধন৷

) মেল-বৈঠক, মধ্যস্থতা আৰু পঞ্চায়তী প্ৰক্ৰিয়াসমূহৰ বাবে সুবিধা তথা প্ৰশাসনিক সাহায্য প্ৰদান কৰা৷

) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত মান্যতাপ্ৰাপ্ত মঞ্চ, বিবাদ সমাধান কৰাসকল তথা মধ্যস্থ সংস্থা অথবা বিশেষজ্ঞৰ দৰে সৰ্বেক্ষণকাৰী আৰু অনুসন্ধানকাৰীসকলৰ পেনেল নিৰ্মাণ কৰা৷

) সৰ্বাধিক পেছাদাৰী প্ৰক্ৰিয়াৰে আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা মধ্যস্থতাকাৰী সংস্থাসমূহৰ সংবদ্ধকৰণ কৰা৷

) ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মধ্যস্থতা আৰু বিবাদ সমাধানৰ বাবে কম খৰচী আৰু সময় অনুসৰি সেৱা প্ৰদান কৰা৷

) বৈকল্পিক বিবাদ সমাধান আৰু সম্বন্ধীয় গোচৰসমূহৰ ক্ষেত্ৰত অধ্যয়ন সম্প্ৰসাৰিত কৰা আৰু বিবাদসমূহ সমাধানৰ প্ৰক্ৰিয়াৰ সংশোধন কৰা৷

) বৈকল্পিক বিবাদ সমাধানৰ প্ৰসাৰণ কৰাৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় অন্য সম্প্ৰদায়, সংস্থা আৰু সংগঠনসমূহৰ সৈতে সহযোগিতা৷

*****

AKT/AK/MANN



(Release ID: 1574174) Visitor Counter : 128