কেবিনেট
বিবাহিত মুছলিম মহিলাৰ অধিকাৰৰ সুৰক্ষা
তিনি তালাকৰ দ্বাৰা বিবাহ বিচ্ছেদ প্ৰতিৰোধ কৰি কেবিনেটে অনুমোদন প্ৰদান কৰিলে মুছলিম মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯ পৰৱৰ্তী অধিৱেশনত বিধেয়ক উত্থাপিত হ’ব
Posted On:
12 JUN 2019 7:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত এনডিএ চৰকাৰে ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ মূলমন্ত্ৰ ধাৰণ কৰিছে৷ জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহৰ এটা প্ৰতিশ্ৰুতি পূৰণ কৰি প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে মুছলিম মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) বিধেয়ক, ২০১৯ৰ অনুমোদন প্ৰদান কৰিছে৷ এই বিধেয়কে মুছলিম মহিলা (বিবাহ অধিকাৰৰ সুৰক্ষা)ক দ্বিতীয় অধ্যাদেশ, ২০১৯ (২০১৯ৰ অধ্যাদেশ ৪)ৰ স্থান গ্ৰহণ কৰিব৷
প্ৰভাৱঃ
এই বিধেয়কে মুছলিম মহিলাসকলক লিংগ সমতা প্ৰদান কৰিব আৰু ন্যায় সুনিশ্চিত কৰিব৷ এই বিধেয়কে বিবাহিত মুছলিম মহিলাসকলৰ অধিকাৰ ৰক্ষা কৰাত সহায় কৰিব আৰু তেওঁলোকৰ স্বামীৰ দ্বাৰা বিচ্ছেদ হোৱাৰ পৰা ৰক্ষা পৰিব৷ এই বিধেয়ক সংসদৰ পৰৱৰ্তী অধিৱেশনত উত্থাপিত হ’ব৷
প্ৰণয়নঃ
এই বিধেয়কত তিনি তালাকক ৰদ তথা বেআইনী হিচাপে ঘোষণা কৰা হৈছে৷
ইয়াত তিনি বছৰৰ কাৰাবাস আৰু জৰিমণাৰ সৈতে দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হৈছে৷
ইয়াত বিবাহিত মুছলিম মহিলাসকল আৰু তেওঁলোকৰ আশ্ৰিত সন্তানক ভাট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে৷
যি বিবাহিত মুছলিম মহিলাক তালাক প্ৰদান কৰা হৈছে, তেওঁৰ জ্ঞাতনুসাৰে মেজিষ্ট্ৰেটৰ আদেশমৰ্মে ইয়াক কঠোৰ অপৰাধ হিচাপে গণ্য কৰা হৈছে৷
বিধায়কত মেজিষ্ট্ৰেটৰ দ্বাৰা আৰোপীক জামিনত মুক্তি দিয়াৰ পূৰ্বে সেই বিবাহিত মুছলিম মহিলাৰ কথা শুনাৰ ব্যৱস্থা প্ৰদান কৰা হৈছে৷
মুছলিম মহিলা (বিবাহৰ অধিকাৰৰ সুৰক্ষা) বিধেয়ক, ২০১৯ মুছলিম মহিলা (বিবাহ অধিকাৰৰ সুৰক্ষা) দ্বিতীয় অধ্যাদেশ ২০১৯ (২০১৯ৰ অধ্যাদেশ ৪)ৰ সমপৰ্যায়ৰ৷
*****
AKT/AK/MANN
(Release ID: 1574170)