কেবিনেট

জিঅ’ছিনক্ৰ’নাছ ছেটেলাইট লন্স ভেহিকল (জিএছএলভি)ৰ ৪ৰ্থ পৰ্যায় অব্যাহত ৰখাত কেবিনেটৰ অনুমোদন

Posted On: 15 APR 2019 12:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ২০২১-২০২৪ বৰ্ষৰ সময়সীমাৰ বাবে চলিত জিএছএলভিৰ চতুৰ্থ পৰ্যায়ৰ সৈতে পাঁচখন জিএছএলভি বিমানৰ নিৰৱচ্ছিন্নতা অব্যাহত ৰখাত অনুমোদন প্ৰদান কৰিছে৷

জিএছএলভি কাৰ্যসূচী-পৰ্যায় ৪ৰ দ্বাৰা জিঅ’-ইমেজিং, দিশ নিৰ্ণয়, ডাটা ৰিলেযোগাযোগ আৰু মহাকাশ বিজ্ঞানৰৰ বাবে ২ টনৰ উপগ্ৰহ উৎক্ষেপণ কৰিব পৰা যায়৷

বিত্তীয় প্ৰণয়নঃ

মুঠ বিত্তৰ প্ৰয়োজন হল ২৭২৯.১৩ কোটি টকা আৰু ইয়াত পাঁচখন জিএছএলভি বাহন, প্ৰয়োজনীয় উৎক্ষেপণ ব্যৱস্থা, কাৰ্যসূচী ব্যৱস্থাপনা আৰু উৎক্ষেপণ শিবিৰ লগতে চলিত জিএছএলভি কাৰ্যসূচীৰ অতিৰিক্ত ব্যয়ো অন্তৰ্ভুক্ত আছে৷

লাভঃ

জিএছএলভি অব্যাহত কাৰ্যসূচী- পৰ্যায় ৪ৰ দ্বাৰা গুৰুত্বপূৰ্ণ উপগ্ৰহ দিশ নিৰ্ণায়ক সেৱা, মঙললৈ ভাৰতীয় মানৱ মহাকাশযান প্ৰেৰণৰ বাবে ডাটা ৰিলেযোগাযোগ আদি সমাপন কৰা হৈছে৷

প্ৰণয়ন কৌশল আৰু লক্ষ্যসমূহঃ

জিএছএলভি অব্যাহত কাৰ্যসূচী- পৰ্যায় ৪য়ে প্ৰতি বছৰে সৰ্বাধিক দুখনকৈ বাহন উৎক্ষেপণ কৰাৰ ক্ষমতা আহৰণ কৰিব পাৰে৷ সকলো কাৰ্যকৰী উৰণ ২০২১-২৪ বৰ্ষৰ সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হব৷

প্ৰধান প্ৰভাৱঃ

জিএছএলভিৰ কাৰ্যকৰণে ভাৰতক ২ টন উপগ্ৰহ উৎক্ষেপণৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰি তুলিছে৷ জিএছএলভি অব্যাহত কাৰ্যসূচীৰ দ্বাৰা ভৱিষ্যতলৈও সদৃশ ধৰণৰ উপগ্ৰহ উৎক্ষেপণৰ সামৰ্থ অব্যাহত থাকিব৷

পৃষ্ঠভূমিঃ

জিএছএলভিয়ে ২ টন উপগ্ৰহৰ জিঅছিনক্ৰনাছ ট্ৰেন্সফাৰ অৰবিট (জিটিঅ’) সম্ভৱ কৰি তুলিছে৷ ১৯ ডিচেম্বৰ ২০১৮ত জিএছএলভি-এফ১১ৰ সফল উৎক্ষেপণে ১০টা ৰাষ্ট্ৰীয় উপগ্ৰহ সফলভাৱে কক্ষপথত অৱৰোহণ কৰাটো নিশ্চিত কৰিলে৷ জিএছএলভি অব্যাহত কাৰ্যসূচীৰ ২০০৩ চনত অনুমোদন জনোৱা হৈছিল৷

 

*****

AKT/SH/MANN



(Release ID: 1571085) Visitor Counter : 110