কেবিনেট

বস্ত্ৰখণ্ডৰ সহায়ৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় কৰ ৰেহাই আঁচনিত কেবিনেটৰ অনুমোদন

Posted On: 07 MAR 2019 2:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত বস্ত্ৰখণ্ডৰ সহায়ৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় কৰ ৰেহাই আঁচনিত অনুমোদন জনাইছে৷ ইয়াৰ জৰিয়তে চৰকাৰে বস্ত্ৰৰ ৰপ্তানিৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব৷

সবিশেষঃ

বৰ্তমান বস্ত্ৰ আৰু অন্যান্য যাৱতীয় ক্ষেত্ৰত এই ৰেহাইমূলক আঁচনিৰ অধীনত সহায় আগবঢ়োৱা হ’ব৷ অৱশ্যে, সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত নিৰ্দিষ্ট ৰাজ্যিক আৰু কেন্দ্ৰীয় কৰ পূৰ্বৰ দৰে বাহাল থাকিব৷ কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ জৰিয়তে ভাৰতৰ বস্ত্ৰৰ ৰপ্তানিৰ প্ৰায় ৫৬% শ্বেয়াৰ থকা সকলো ক্ষেত্ৰত এই ৰাজ্য আৰু কেন্দ্ৰীয় কৰ তথা শুল্ক ৰেহাইৰ সুবিধা লাভ কৰিব৷ কৰ/শুল্ক ৰেহাইৰ ব্যৱস্থা তথ্য-প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত ব্যৱস্থাৰ জৰিয়তে সম্ভৱ হ’ব৷

লাভালাভঃ

প্ৰস্তাৱিত আঁচনিখনে বস্ত্র খণ্ডক প্রতিযোগিতামূলক কৰি তুলিব৷ বস্ত্র খণ্ডত বিভিন্ন কৰ আৰু শুল্ক ৰেহাই দিয়াৰ ফলত ৰপ্তানি বজাৰত ভাৰতৰ প্রতিযোগিতাত অৱতীৰ্ণ হোৱাৰ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে বস্ত্র খণ্ডত ন্যায়সংগত তথা সামগ্রিক বিকাশ ত্বৰান্বিত হ’ব৷

*****


AKT/SH/DB



(Release ID: 1569313) Visitor Counter : 124