কেবিনেট
অটল উদ্ভাৱন অভিযান অব্যাহত ৰখাত কেবিনেটৰ অনুমোদন
Posted On:
07 MAR 2019 2:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে অটল উদ্ভাৱন অভিযান (এআইএম) অব্যাহত ৰখাৰ বাবে অনুমোদন প্ৰদান কৰা লগতে বিদ্যালয় পৰ্যায়ত এই অভিযানৰ বৃহৎ সাফল্যৰ পৰিপ্ৰেক্ষিতত ২০১৯-২০ বৰ্ষৰ বাবে ১০,০০০ বিদ্যালয়ত অটল উদ্ভাৱন অভিযানৰ অধীনত অটল টিংকাৰিং লেবৰ বাবে ১০০০ কোটি টকা পৰ্যন্ত ব্যয়ৰ বাবেও অনুমোদন প্ৰদান কৰিছে৷
বিৱৰণঃ
· এআইএমৰ দ্বাৰা দেশত বিভিন্ন কাৰ্যসূচী উৎসাহিত কৰাৰ লগতে উদ্ভাৱনক সমৰ্থন প্ৰদান কৰা হৈছে৷
· সহস্ৰাধিক বিদ্যালয়ত অটল টিংকাৰিং লেব স্থাপন কৰা হৈছে৷ তদুপৰি বিশ্ববিদ্যালয় তথা উদ্যোগসমূহত অটল ইনকিউবেচন চেণ্টাৰ (এআইচি) আৰু অটল কমিউনিটী ইনভেচন চেণ্টাৰো (এচিআইচি)স্থাপন কৰা হৈছে৷
· অটল নিউ ইণ্ডিয়া চেলেঞ্জেছ (এএনআইচি)ৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰাসংগিকতা তথা সামাজিক গুৰুত্ব সাপেক্ষে বিভিন্ন ক্ষেত্ৰত সামগ্ৰী বিকাশক সমৰ্থন প্ৰদান কৰা হৈছে৷
বিত্তীয় প্ৰণয়নঃ
· প্ৰথম বৰ্ষত প্ৰতিটো এটিএলে সামগ্ৰী আৰু কাৰ্যকৰী ব্যয়ৰ বাবে ১২ লাখ টকাৰ সাহায্য লাভ কৰিছে আৰু পিছৰ চাৰি বছৰলৈকে প্ৰতি বৰ্ষত ২ লাখ টকাকৈ লাভ কৰিছে৷
· প্ৰতিটো এটিএলে লাভ কৰা মাইলষ্টোনৰ ভিত্তিত প্ৰত্যেক বৰ্ষতে কিস্তি হিচাপে ১০ কোটি টকা পৰ্যন্ত অনুদান লাভ কৰিছে৷
· উদ্ভাৱকসকলে এএনআইচিৰ অধীনত বাণিজ্যিকীকৰণ তথা প্ৰযুক্তি আৱণ্টনৰ বাবে ১ কোটি টকা পৰ্যন্ত অনুদান লাভ কৰিছে৷
প্ৰভাৱঃ
· এই অভিযানৰ অধীনত এটিএল আৰু এআইচিৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
· ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়/বিভাগে এআইএমৰ সাহায্যত বিভিন্ন কাৰ্যসূচী প্ৰণয়ন কৰিছে৷
· এটিএল কাৰ্যসূচীৰ অধীনত ২০২০ চনৰ ভিতৰত ১০,০০০ত কৈও অধিক বিদ্যালয়ত এই লেব স্থাপন হ’ব৷
· সমগ্ৰ দেশতে ১০০টাত কৈও অধিক এআইচি স্থাপন হ’ব যি প্ৰথম পাঁচটা বৰ্ষত অতিকমেও ৫০-৬০টা ষ্টাৰ্ট-আপক সমৰ্থন প্ৰদান কৰিব৷
· ১০০ত কৈও অধিক উদ্ভাৱক/ষ্টাৰ্ট আপ উদ্যোগে তেওঁলোকৰ উদ্ভাৱনসমূহৰ বাবে সমৰ্থন লাভ কৰিব৷
· প্ৰতিটো ইনকিউবেটৰৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে ৫০-৬০টাকৈ প্ৰযুক্তিচালিত ষ্টাৰ্ট-আপে অগ্ৰগতি পাব বুলি আশা প্ৰকাশ কৰা হৈছে৷
· ১০০টাত কৈও অধিক ইনকিউবেটৰ স্থাপন কৰা হ’ব যাতে ইয়াৰ দ্বাৰা ৫০০০-৬০০০টা ষ্টাৰ্ট আপ বিকশিত হয় আৰু নতুন ইনকিউবেটৰ স্থাপিত হয়৷
প্ৰণয়ন কৌশল আৰু লক্ষ্যঃ
এআইএমে মুক্ত, প্ৰতিযোগিতামূলক, অনলাইন আবেদনৰ জৰিয়তে হিতাধিকাৰীসকলক বাচনি কৰে আৰু প্ৰত্যক্ষভাৱে অনুদান প্ৰদান কৰে৷ আজিৰ তাৰিখলৈকে সমগ্ৰ দেশতে ৫৪৪১ টা অটল টিংকাৰিং লেব বাচনি কৰা হৈছে আৰু ইয়াৰে ২১৭১টা এটিএল যি ৬২৩খন জিলাত আছে, তেওঁলোকে ইতিমধ্যেই প্ৰথম কিস্তি লাভ কৰিছে৷ সমগ্ৰ ৰাষ্ট্ৰতে ১০১ টা অটল ইনকিউবেচন চেণ্টাৰ বাচনি কৰা হৈছে আৰু তাৰে ৩১টাই অনুদানৰ প্ৰথম কিস্তি লাভ কৰিছে৷
২৪ টা অটল নিউ ইণ্ডিয়া চেলেঞ্জেছ মুকলি কৰা হৈছে আৰু ৮০০ খন আবেদন লাভ কৰা হৈছে৷ এইআইএম মেণ্টৰে এটিএলৰ সাফল্য নিশ্চিতিৰ বাবে প্ৰয়াস কৰে৷ মেণ্টৰে বিদ্যালয়ৰ প্ৰশাসনৰ সৈতে সংবদ্ধ হৈ এটিএল উপযুক্ত ধৰণে প্ৰণয়ন হোৱাত সহায় কৰে৷ আজিৰ তাৰিখলৈতে ২,৫০০ গৰাকী মেণ্টৰে প্ৰায় ১,৩০০ খন বিদ্যালয়ত সক্ৰিয়ভাৱে কাম কৰি আছে৷
পৃষ্ঠভূমিঃ
এআইএমৰ উদ্দেশ্য হ’ল সমগ্ৰ দেশৰ বিদ্যালয়, বিশ্ববিদ্যালয়ত উদ্ভাৱন আৰু উদ্যমিতাৰ পৰিবেশতন্ত্ৰ সৃষ্টি কৰা৷ এই অভিযান বিত্ত মন্ত্ৰীৰ ২০১৫ চনৰ বাজেটত কৰা ঘোষণা অনুসৰি নিটি আয়োগৰ অধীনত স্থাপন কৰা হৈছিল৷
********
AKT/SH/MANN
(Release ID: 1568698)
Visitor Counter : 135