প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আমেথিত ভাৰত-ৰাছিয়া ৰাইফল প্ৰাইভেট লিমিটেড শীৰ্ষক যৌথ উদ্যোগ দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ

Posted On: 03 MAR 2019 7:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ আমেথিৰ কৌহাৰ ভ্ৰমণ কৰে৷ এই উপলক্ষে তেওঁ কালাছনিকভ এছল্ট ৰাইফল উৎপাদনৰ বাবে ভাৰত-ৰাছিয়া ৰাইফল প্রাইভেট লিমিটেড শীৰ্ষক যৌথ উদ্যোগ দেশবাসীৰ নামত উচর্গা কৰে৷

 

আমেথিত তেওঁ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামতো উচৰ্গা কৰে৷

 

এই উপলক্ষে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন প্ৰেৰণ কৰা বাৰ্তা পাঠ কৰি শুনায় প্ৰতিৰক্ষা মন্ত্রী নির্মলা সীতাৰমনে৷ বার্তাটোত ৰাষ্ট্ৰপতি পুটিনে কয়, ৰাছিয়া-ভাৰতৰ নতুন এই যৌথ উদ্যোগৰ জৰিয়তে অত্যাধূনিক ২০০ ছিৰিজৰ বিশ্ববিখ্যাত কালাছনিকভ এছল্ট ৰাইফল  নিৰ্মাণ কৰা ব৷ থলুৱা প্ৰযুক্তিৰে ইয়াৰ উৎপাদন বলৈ গৈ আছে৷ এই উদ্যোগৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্রত ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ চাহিদা পূৰণ কৰাটো সম্ভৱ হৈ পৰিব৷ একেদৰে, ৰাছিয়াৰ আধুনিক প্ৰযুক্তিৰ ভিত্তিত সৰু জোখৰ অস্ত্ৰ-শস্ত্ৰও নিৰ্মাণ কৰা ব৷

 

এই উপলক্ষে আয়োজিত সভাত সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্রীয়ে এই যৌথ উদ্যোগৰ বাবে ৰাষ্ট্ৰপতি পুটিনক ধন্যবাদ জনায়৷ তেওঁ কয় যে আমেথিৰ এই কাৰখানাৰ পৰা লাখ লাখ ৰাইফল নিৰ্মাণ কৰা , যি দেশৰ নিৰাপত্তা বাহিনীসমূহক আৰু অধিক শক্তিশালী কৰিব৷

 

প্ৰধানমন্ত্রীয়ে লগতে কয় যে এই উদ্যোগ বিভিন্ন কাৰণত বিলম্ব হৈছিল৷ দেশৰ সেনাবাহিনীৰ বাবে আধুনিক ৰাইফলৰ উৎপাদনত বিলম্ব কৰাটো প্ৰকৃতাৰ্থত জোৱানসকলৰ প্ৰতি কৰা এক চৰম অন্যায়৷ ২০০৯ত জোৱানসকলৰ বাবে বুলেট প্রুফ জেকেটৰ প্ৰয়োজনীয়তাৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪লৈকে এই ধৰণৰ জেকেট সংগ্ৰহ কৰাই হোৱা নাছিল৷ বর্তমান কেন্দ্রীয় চৰকাৰে জোৱানসকলৰ এই চাহিদা পূৰণ কৰিছে৷ তেওঁ লগতে কয় যে পূৰ্বতে বহু ক্ষেত্রত গুৰুত্বপূর্ণ অস্ত্ৰ-শস্ত্ৰ আৰু সা-সৰঞ্জাম সংগ্ৰহতো এনে ধৰণৰ পলম কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে ৰাফেল যুদ্ধ বিমানৰ কথা উল্লেখ কৰি কয় যে অহা কেইমাহ মানৰ ভিতৰতে বায়ু সেনাবাহিনীত অত্যাধুনিক এই যুদ্ধ বিমান অন্তৰ্ভূক্ত কৰা ব৷ বর্তমান কেন্দ্রীয় চৰকাৰৰ আন্তৰিক প্ৰচেষ্টাৰ ফলতেই এই সফলতা লাভ কৰা বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷

 

আমেথিত একাধিক উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্রত বিভিন্ন বাধা-বিঘিনিয়ে দেখা দিছিল৷ এতিয়া এই সমস্যাসমূহ দূৰ কৰা হৈছে যাতে এইবোৰৰ দ্ৰতগতিত ৰূপায়ণ কৰিব পৰা যায়৷ প্ৰকল্পসমূহ কাৰ্যকৰী লে ব্যাপক হাৰত কর্মসংস্থাপনৰো সুযোগ সৃষ্টি ব৷ প্ৰধানমন্ত্রীয়ে কয় যে আমেথিত প্ৰধানমন্ত্রী আবাস যোজনা, উজ্জ্বলা যোজনা, সৌভাগ্য যোজনা আৰু শৌচাগাৰ নির্মাণৰ ফলত সাধাৰণ লোকসকলৰ জীৱনধাৰণৰ মান উন্নত কৰিছে৷

 

কেন্দ্রীয় চৰকাৰে দৰিদ্ৰ লোকসকলক সবলীকৰণ আৰু দাৰিদ্র্যতা দূৰীকৰণৰ কাম কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে কৃষক সমাজৰ কল্যাণৰ ক্ষেত্ৰতো একে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ প্ৰসংগক্ৰমে তেওঁ প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি শুভাৰম্ভ কৰাৰ কথাও উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰ জৰিয়তে অহা ১০ বছৰত কৃষকসকলে .৫০হাজাৰ কোটি  টকা লাভ কৰিব৷

*****

AKT/ VJ/DB



(Release ID: 1568623) Visitor Counter : 62