কেবিনেট
কেবিনেটৰ সমগ্ৰ দেশত বান ব্যৱস্থাপনা কাৰ্য আৰু ২০১৭-১৮ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষলৈ সীমান্তৱৰ্তী ক্ষেত্ৰৰ সৈতে সম্বন্ধীয় নদী ব্যৱস্থাপনা গতিবিধি আৰু কাৰ্যসমূহৰ বাবে ‘‘এফএমবিএপি’’ক অনুমোদন প্ৰদান
Posted On:
07 MAR 2019 2:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে সমগ্ৰ দেশত বান ব্যৱস্থাপনা কাৰ্যসমূহ আৰু ২০১৭-১৮ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষলৈ সীমান্তৱৰ্তী ক্ষেত্ৰৰ সৈতে সম্বন্ধীয় নদী ব্যৱস্থাপনা গতিবিধি আৰু কাৰ্যসমূহৰ বাবে বান ব্যৱস্থাপনা তথা সীমা ক্ষেত্ৰ কাৰ্যসূচীক (এফএমবিএপি)অনুমোদন প্ৰদান কৰিছে৷ এই কাৰ্যসূচীৰ মুঠ ব্যয় হ’ব ৩৩৪২.০০ কোটি টকা৷
লাভঃ
এফএমবিএপি যোজনা কাৰ্যকৰী বান ব্যৱস্থাপনা, ভূ-ৰক্ষণ নিয়ন্ত্ৰণ আৰু সমুদ্ৰ ক্ষয়ৰোধৰ বাবে সমগ্ৰ দেশতে প্ৰণয়ন হ’ব৷ এই প্ৰস্তাৱে দেশত বান আৰু ভূ-ৰক্ষণৰ দ্বাৰা চহৰ, গাঁও, ঔদ্যোগিক প্ৰতিষ্ঠান, যোগাযোগ, কৃষি ক্ষেত্ৰ, বুনিয়াদী আন্তঃগাঁথনি আদিক ৰক্ষা কৰাত সহায় কৰিব৷
বিত্ত পোষণ পদ্ধতিঃ
সাধাৰণ শ্ৰেণীৰ ৰাজ্যসমূহত কৰা কাৰ্যসমূহৰ বাবে বিত্ত ব্যৱস্থপানা ঘটকৰ বিত্ত পোষণ পদ্ধতি কেন্দ্ৰ আৰু ৰাজ্যৰ ৫০-৫০ শতাংশৰ অনুপাতত অব্যাহত থাকিব৷ পূৰ্বোত্তৰ ৰাজ্যসমূহ, ছিক্কিম, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ প্ৰকল্পসমূহৰ বাবে বিত্ত পোষণ পদ্ধতি ৭০ শতাংশ (কেন্দ্ৰ) আৰু ৩০ শতাংশ (ৰাজ্য) অনুপাতত অব্যাহত থাকিব৷
উল্লেখযোগ্য বৈশিষ্টঃ
এফএমবিএপি যোজনাক বান প্ৰৱন্ধন কাৰ্যসূচী (এফএমপি) আৰু নদী ব্যৱস্থাপনা গতিবিধি তথা সীমান্তৱৰ্তী ক্ষেত্ৰৰ সৈতে সম্বন্ধীয় কাৰ্য (আৰএমবিএ) শীৰ্ষক দুটা বিদ্যমান দ্বাদশ যোজনা একত্ৰিত কৰি প্ৰস্তুত কৰা হৈছে৷ এই যোজনাৰ উদ্দেশ্য হ’ল সংৰচনাত্মক আৰু অবৈধ সংৰচনাত্মক প্ৰয়াসসমূহৰ অধিকতম সংযোগ আৰু সম্বন্ধীয় ক্ষেত্ৰসমূহত ৰাজ্য/কেন্দ্ৰ চৰকাৰৰ বিষয়াসমূহৰ ক্ষমতা বৃদ্ধি কৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ বানৰ পৰা উচিত সুৰক্ষা উপলব্ধ কৰোৱাৰ বাবে ৰাজ্য চৰকাৰক সহায় কৰা৷
এই যোজনাৰ দ্বাৰা ভূ-ক্ষৰণ আৰু বানৰ প্ৰকোপৰ পৰা বহুমূলীয়া ভূমি ৰক্ষা পৰিব আৰু সীমাৰ সৈতে শান্তি বৰ্তাই ৰখাতো সহায়ক হ’ব৷ এই যোজনাৰ উদ্দেশ্য হ’ল এফএমপিৰ অধীনত পূৰ্বৰে পৰা থকা অনুমোদনৰ অধীনত প্ৰকল্পসমূহৰ পূৰণ কৰা৷
********
AKT/SH/MANN
(Release ID: 1568605)
Visitor Counter : 119