প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী মোদীৰ কানপুৰ ভ্ৰমণ, বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি

Posted On: 08 MAR 2019 4:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশৰ কানপুৰ ভ্ৰমণ কৰে৷ তাত তেওঁ লক্ষ্ণৌ মেট্ৰ’ ৰেল প্ৰকল্প উদ্বোধন কৰে আৰু আগ্ৰা মেট্ৰ’ ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ পানকী তাপ বিদ্যুৎ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে আৰু নিৰলানগৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷

জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কানপুৰ হৈছে দেশলৈ মূল্যৱান বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও সাহসী নেতাৰ জন্মভূমি৷ আজি মুকলি হোৱা প্ৰকল্পসমূহে কানপুৰ আৰু উত্তৰ-প্ৰদেশৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কানপুৰত বিদ্যুৎ সেৱা উন্নত কৰিবলৈ পৰিশ্ৰমেৰে কাম কৰি আছে৷ এই প্ৰসংগত তেওঁ উল্লেখ কৰে যে পানকী তাপ বিদ্যুৎ প্ৰকল্পই কানপুৰ আৰু উত্তৰ-প্ৰদেশৰ বিজুলী সংকটৰ পৰিৱেশ সলনি কৰিব৷ সৌভাগ্য আঁচনিৰ অধীনত উত্তৰ-প্ৰদেশত প্ৰায় ৭৬ লাখ বিনামূলীয়া বিদ্যুৎ সংযোগ আগবঢ়োৱা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷

পবিত্ৰ গংগা নদীৰ পৰিষ্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা পদক্ষেপৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে গংগা নদী পৰিষ্কাৰ কৰাতো অসম্ভৱ বুলি পূৰ্বে ভবা হৈছিল, কিন্তু এতিয়া তেওঁৰ চৰকাৰে এই অসম্ভৱক সম্ভৱ কৰি তুলিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-প্ৰদেশত স্থাপিত প্ৰতিৰক্ষা ক’ৰিডৰে কানপুৰৰ জনসাধাৰণক যথেষ্ট পৰিমাণে উপকৃত কৰিব৷ স্থলপথ, ৰেলপথ আৰু বিমানসেৱাত গুৰু্ত্বপূৰ্ণ আন্তঃগাথনি নিৰ্মাণ কৰা হৈছে আৰু ইয়ে উত্তৰ-প্ৰদেশক সলনি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷

২০২২ৰ ভিতৰত দেশৰ প্ৰতিটো পৰিয়ালৰ এটাকৈ আৱাসগৃহ থকাটো নিশ্চিত কৰিবলৈ তেওঁৰ চৰকাৰ সংকল্পবদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে পুনৰ এবাৰ সোঁৱৰাই দিয়ে৷ তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশত এতিয়ালৈকে প্ৰায় ১.৫ কোটি আৱাসগৃহ নিৰ্মাণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে পুলৱামা আক্ৰমণত শ্বহীদ হোৱা কানপুৰৰ বীৰ জোৱানসকললৈ সন্মান যাচে আৰু কয় যে চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত ঐক্য-সংহতিৰ এক পৰিৱেশ সৃষ্টি হোৱাতো অত্যন্ত প্ৰয়োজন৷ অস্থিৰ পৰিৱেশ সৃষ্টি কৰা যিকোনো শক্তিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ তেওঁ ৰাজ্য চৰকাৰসমূহক আহ্বান জনায়৷

*****

AKT/VJ/BM/MS



(Release ID: 1568592) Visitor Counter : 68