কেবিনেট
ৰাষ্ট্ৰীয় খনিজ নীতি, ২০১৯ত কেবিনেটৰ অনুমোদন
খনিজাত উদ্যোগজনিত কাম-কাজৰ ক্ষেত্ৰত স্বচ্ছতা, উন্নত নিয়ম-নীতি আৰু প্ৰয়োগ, সুষম বিকাশ আৰু সুস্থিৰ অনুদানত গুৰুত্ব
Posted On:
28 FEB 2019 10:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় খনিজ নীতি, ২০১৯ত অনুমোদন জনাইছে৷
লাভালাভঃ
এই নতুন ৰাষ্ট্ৰীয় খনিজ নীতি কার্যকৰী হ’লে বিধিসমূহে ভৱিষ্যতে দীৰ্ঘদিন ধৰি খনি খণ্ডৰ উন্নয়ন সাধন কৰিব৷ তদুপৰি, খনিজাত প্রকল্পসমূহৰ জৰিয়তে অসুবিধাৰ সন্মুখীন হোৱা লোক, বিশেষকৈ জনজাতি অঞ্চলত বসবাস কৰা লোকসকলকৰ বিষয়সমূহৰ প্রতিও গুৰু্ত্ব আৰোপ কৰা হ’ব৷
উদ্দেশ্যসমূহঃ
ৰাষ্ট্ৰীয় খনিজ নীতি, ২০১৯ৰ লক্ষ্য আৰু স্বচ্ছতা অনা, আৰু ভালদৰে নিয়ন্ত্রণ ব্যৱস্থাৰ লগতে ইয়াৰ প্ৰয়োগ, সামাজিক আৰু আর্থিক বিকাশৰ মাজত ভাৰসাম্য বজাই ৰখাৰ লগতে দীর্ঘদিনীয়া খনি সম্পৰ্কীয় কাম-কাজ চলাই যাব৷
সবিশেষঃ
ৰাষ্ট্ৰীয় খনিজ নীতিৰ ভিতৰত যি ব্যৱস্থা আছে, তাৰ লক্ষ্য খনি খণ্ডক আৰু উন্নীত কৰা। খনিজ সম্পদৰ অনুসন্ধানত বেচৰকাৰী খণ্ডক আৰু উৎসাহিত কৰা, বিভিন্ন খনিসমূহক একত্ৰীকৰণ কৰা আৰু তাৰ অধিগ্রহণ, বেচৰকাৰী খণ্ডক খনিৰ লিজত হস্তান্তৰ কৰা আৰু সমৰ্পিত খনিজ কৰিড’ৰ নিৰ্মাণ কৰাটোও ইয়াৰ লক্ষ্য। ২০১৯ৰ নীতিত খনি সম্পৰ্কীয় কাম-কাজক উদ্যোগৰ মর্যাদা প্ৰদান কৰাৰ প্রস্তাৱ লোৱা হৈছে যাতে, ইয়াৰ দ্বাৰা বেচৰকাৰী খণ্ড উৎসাহিত হয় আৰু বিদেশত খনিজ সম্পদ অধিগ্রহণত বেচৰকাৰী খণ্ডসমূহ অগ্রসৰ হয়। এই নীতিত লগতে উল্লেখ কৰা হৈছে, দীর্ঘম্যাদী আমদানি-ৰপ্তানি নীতি বেচৰকাৰী খণ্ডক সহায় কৰিব, যাতে তেওঁলোকৰ ব্যৱসায়ৰ পৰিকল্পনা আৰু স্থায়ীত্ব আৰু অধিক ভালদৰে কৰিব পৰাৰ যায়। চৰকাৰী খণ্ডৰ যিবোৰ খনি খনি অব্যৱহূত হৈ আছে, সেইবোৰ নিলামত কৰাৰ কথাও কোৱা হৈছে এই নীতিত, যাতে ইয়াত বেচৰকাৰী খণ্ডইও অংশ গ্ৰহণ কৰিব পাৰে। বেচৰকাৰী খণ্ডক সহায় কৰিবলৈ বিশ্ব বেংকিঙকে ধৰি কৰ ব্যৱস্থাত সমতা স্থাপনৰ প্রচেষ্টাৰ সন্দৰ্ভতো এই নতুন নীতিত ব্যৱস্থা কৰা হৈছে৷
‘মেক ইন ইণ্ডিয়া’ প্ৰচেষ্টাৰ জৰিয়তে ৰাষ্ট্ৰীয় খনিজ নীতিত পৰিৱর্তন সাধন কৰা হৈছে। এই নীতিত ই-প্ৰশাসন নিয়ন্ত্রিত পদ্ধতি, সজাগতা আৰু তথ্য প্রচাৰকো অন্তর্ভুক্ত কৰা হৈছে। এই নতুন নীতিত উপকূলীয় জলপথ আৰু অন্তর্দেশীয় জল পৰিবহণৰ ওপৰতো জোৰ দিয়া হৈছে৷
*****
AKT/SH/DB
(Release ID: 1567732)