কেবিনেট


আগ্ৰাত ৰাজহুৱা নগৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নলৈ ব্যাপক উদগনি

আগ্রা মেট্ৰ’ ৰে’ল প্রকল্পলৈ কেন্দ্রীয় কেবিনেটৰ অনুমোদন

৮৩৭৯.৬২ কোটি টকাৰ প্ৰকল্প সম্পূৰ্ণ কৰা হ’ব ৫ বছৰত

प्रविष्टि तिथि: 28 FEB 2019 10:33PM by PIB Guwahati

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত কেন্দ্রীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত আগ্রা মেট্র’ ৰে’ল প্রকল্পলৈ যাৱতীয় অনুমোদন প্ৰদান কৰা হৈছে এই প্ৰকল্পটোত থাকিব দুটাকৈ কৰিড’ৰ। মূলতঃ পৰিচিত গুৰুত্বপূৰ্ণ স্থান, পর্যটনক্ষেত্ৰ আৰু আবাসিক এলাকাসমূহক সংযোজিত কৰিবলৈ গ্ৰহণ কৰা হৈছে এই পদক্ষেপমেট্র’ ৰে’ল প্রকল্প ৰূপায়িত হ’লে ৰাস্তা-ঘাটৰ যানজঁট যথেষ্ট পৰিমাণে হ্ৰাস পাব, বাহন চলাচলৰ গতি বৃদ্ধি হ’ব আৰু প্ৰদূষণ হ্ৰাস পাবৰিডৰৰ দুয়ো ফালে আবাসিক আৰু বাণিজ্যিক এলাকাসমূহৰ উন্নয়ন হ’ব পৰিবহণৰ দিশেৰে চাবলৈ গ’লেও ব্যাপকভাৱে সহায়ক বিবেচিত হ’ব এই মেট্ৰ’ ৰে’ল ব্যৱস্থা।

 

আগ্রা মেট্ৰ’ ৰে’ল প্রকল্পত যি দুটা কৰিডৰ সংযোজন কৰা হ’ব, এই কৰিডৰে সামৰি ল’ব তাজমহল, আগ্রা দুর্গ, ছেকেণ্ড্ৰাৰ কাষতে থকা ৰাজামণ্ডি ৰে’ল ষ্টেশ্যন, আগ্রা কেন্টনমেন্ট ৰে’ল ষ্টেশ্যন, মেডিকেল কলেজ আৰু জনবহুল আবাসিক এলাকাবোৰক

 

ছেকেণ্ড্ৰাৰ পৰা তাজ ইষ্ট গেট কৰিডৰৰ দৈর্ঘ্য হৈছে ১৪ কিলোমিটাৰইয়াৰে কিছু অংশ থাকিব স্তম্ভৰ ওপৰত। ১৩টা ষ্টেশ্যনৰ ভিতৰত ৬ টা ষ্টেশ্যন ওপৰত আৰু সাতটা ষ্টেশ্যন মাটিৰ তলত থাকিব। আগ্রা কেন্টনমেন্টৰ পৰা কালিন্দিবিহাৰ পর্যন্ত কৰিডৰটো হ’ব ১৫.৪ কিলোমিটাৰ দীঘল১৪ টা ষ্টেশ্যনৰ আটাইকেইটা ষ্টেশ্যনেই থাকিব মাটিৰ ওপৰতপ্রকল্পৰ সৰ্বমুঠ ব্যয় নিৰ্ধাৰণ কৰা হৈছে ৮,৩৭৯.৬২ কোটি টকা। প্রকল্পটোৰ কাম সম্পূৰ্ণ কৰি তুলিবলৈ সময়ৰ প্ৰয়োজন হ’ব পাচ বছৰ। উল্লেখ্য যে এই প্ৰকল্পৰ দ্বাৰা প্ৰায় ২০ লাখ লোক উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে।

এই প্ৰকল্প ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰ আৰু উত্তৰ প্রদেশ চৰকাৰৰ লক্ষ্ণৌ মেট্ৰ’ ৰে’ল কর্প’ৰেশ্যনক উত্তৰ প্রদেশ মেট্ৰ’ ৰে’ল কর্প’ৰেশ্যনলৈ পৰিৱর্তিত কৰা হ’বউল্লেখ্য যে এই প্ৰকল্প ব্যয় কেন্দ্র আৰু ৰাজ্য চৰকাৰে সমহাৰত বহন কৰিবইয়াৰ উপৰিও, আংশিকভাৱে সহজ চর্তসাপেক্ষ ঋণো গ্ৰহণ কৰা হ’ব। ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে উত্তৰ প্রদেশ চৰকাৰে ইতিমধ্যেই ১৭৫ কোটি টকা আবণ্টন দিছে।

 

*****

 

AKT/SH/RD


(रिलीज़ आईडी: 1567226) आगंतुक पटल : 100
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Marathi , Bengali , Tamil