প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১ মাৰ্চ, ২০১৯ত তামিলনাডুৰ কন্যাকুমাৰী ভ্ৰমণ কৰিব প্ৰধানমন্ত্রীয়ে
পোষ্ট কৰা হৈছে:
28 FEB 2019 7:11PM by PIB Guwahati
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ১ মাৰ্চ, ২০১৯ত তামিলনাডুৰ কন্যাকুমাৰী ভ্ৰমণ কৰিব৷ এই উপলক্ষে তেওঁ তাত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব৷ এই প্ৰকল্পসমূহে তামিলনাডুৰ কন্যাকুমাৰীৰ ৰে’ল আৰু পথ যোগাযোগ ব্যৱস্থাৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷
ৰে’ল প্ৰকল্প
প্ৰধানমন্ত্রীয়ে কন্যাকুমাৰীত একাধিক ৰে’ল প্ৰকল্পৰ শুভাৰম্ভ কৰিব৷ এই প্ৰকল্পসমূহৰ ভিতৰত আছেঃ-
- মাদুৰাই আৰু চেন্নাইৰ মাজত তেজছ এক্সপ্রেছৰ যাত্রা শুভাৰম্ভ৷
এই এক্সপ্রেছ ৰে’লখন মাদুৰাই আৰু চেন্নাইৰ মাজত পোনপটীয়া আৰু দ্রুত যাতায়াত সম্ভৱ কৰি তুলিব৷
আধুনিক সা-সুবিধাযুক্ত এই ৰে’লখনত দিনৰ সময়ত ভ্ৰমণৰ সময়ত যাত্রীসকলে মনোৰম প্রাকৃতিক দৃশ্য উপভোগ কৰাৰ সুযোগ পাব৷
এইখন দ্বিতীয় তেজছ এক্সপ্রেছ সেৱা৷ এই ধৰণৰ ৰে’ল প্ৰথম সেৱা মুম্বাই আৰু কাৰমালিৰ মাজত আৰম্ভ কৰা হৈছিল৷
- ৰামেশ্বৰম আৰু ধনুষকোডিৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থাৰ পুনৰুজ্জীৱিতকৰণ কাম-কাজৰ আধাৰশিলা স্থাপন৷
তামিলনাডুৰ এই দুটা স্থান অন্যতম ধর্মীয় পীঠস্থান তথা পর্যটনৰো কেন্দ্ৰ৷
১৯৬৪ চনৰ প্ৰবল সামুদ্রিক ঘূর্ণী বতাহত ধনুষকোডি ৰে’ল ষ্টেচনটো সম্পূর্ণভাবে বিধ্বস্ত হৈ পৰে৷
সেই সময়ৰ পৰা এই ষ্টেচনটো পৰিত্যক্ত অৱস্থাত পৰি আছিল৷ এই অঞ্চলত ৰে’ল যোগাযোগ ব্যৱস্থা পুনৰ আৰম্ভ হ’লে পর্যটন ক্ষেত্রৰ ব্যাপক বিকাশ ঘটিব আৰু হাজাৰ হাজাৰ ধর্মানুৰাগী লোক যথেষ্ট পৰিমাণে উপকৃত হ’বে৷
- পামবান দলঙৰ পুনৰ নির্মাণ কাম-কাজৰ আধাৰশিলা৷
এই দলংখনিয়ে মূল ভূখণ্ডৰ সৈতে ৰামেশ্বৰম দ্বীপৰ ৰে’ল যোগাযোগ স্থাপন কৰিব৷
বর্তমানৰ দলংখনি ১০৪ বছৰৰ পুৰণি৷ পুৰণি দলঙৰ সলনি নতুন দলংখন নিৰ্মাণ কৰা হ’ব৷ বর্তমান য’ত পুৰণি দলংখন আছে, তাৰ সমান্তৰালভাবে নতুন দলং নির্মাণ কৰা হ’ব৷ এই দলঙে ৰামেশ্বৰম অঞ্চলৰ পর্যটন খণ্ডৰ সম্ভাৱনা বৃদ্ধি কৰিব৷
পথ পৰিবহণ
প্ৰধানমন্ত্রীয়ে নামফলক উন্মোচন কৰি কন্যাকুমাৰীত একাধিক পথ পৰিবহণ প্ৰকল্পৰ শুভাৰম্ভ কৰিব৷ এই প্ৰকল্পসমূহৰ ভিতৰত আছেঃ–
৮৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাদুৰাই-ৰামানাথপুৰম শাখাৰ দ্বৈত বা ফ’ৰলেন অংশটো দেশবাসীৰ নামত উচৰ্গা কৰিব৷ তামিলনাডুৰ তিনিখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশটো পাৰ হৈছে৷
৭৮৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাদুৰাই-চেট্টিকুলাম শাখাৰ ফ’ৰলেন অংশৰ আধাৰশিলা৷ এই অংশত এখনি পথ সুৰক্ষা পার্ক তথা কন্যাকুমাৰীত এটি পৰিবহণ সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে৷
পথৰ এই আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহে তামিলনাডুৰ বিভিন্ন অংশৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিব৷ তদুপৰি, এই প্ৰকল্পসমূহৰ কাম শেষ হ’লে পথচাৰীসকলৰ নিৰাপদ তথা দ্রুত ভ্ৰমণ সুনিশ্চিত কৰিব৷
এই উপলক্ষে কন্যাকুমাৰীত এক ৰাজহুৱা সভাতো ভাষণ আগবঢ়াব প্ৰধানমন্ত্রীয়ে৷
****
AKT/AK/DB
(ৰিলিজ আই ডি : 1567132)
অতিথি কক্ষ : 77