প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কোৰিয়াত প্ৰৱাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ

Posted On: 21 FEB 2019 7:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোৰিয়াত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰে৷

তেওঁৰ প্ৰতি আগবঢ়োৱা উষ্ম আদৰণিৰ বাবে ছিউলস্থিত প্ৰৱাসী ভাৰতীয় লোকসকলক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে৷

তেওঁ কয় যে ভাৰত আৰু কোৰিয়াৰ মাজৰ সম্পৰ্ক কেৱল মাথো ব্যৱসায়িক দিশৰ ওপৰত গঠিত নহয়৷ দুয়োখন দেশৰ জনসাধাৰণৰ আন্তৰিকতা হ’ল দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰধান ভেটি৷

ভাৰত আৰু কোৰিয়াৰ মাজত থকা প্ৰাচীন সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাণী সূৰ্যৰত্নাই অযোধ্যাৰ পৰা হাজাৰ কিলোমিটাৰৰ দূৰত্ব ভ্ৰমণ কৰি এজন কোৰিয়ান ৰজাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ শেহতীয়াকৈ কোৰিয়াৰ ফাৰ্ষ্ট লেডী কিম জাং-ছোকে অযোধ্যা ভ্ৰমণ কৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে৷ তেওঁ লগতে কয় যে বৌদ্ধ ধৰ্মইও দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কোৰিয়াৰ উন্নয়ন, গৱেষণা আৰু উদ্ভাৱনত প্ৰৱাসী ভাৰতীয় লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি জানিব পাৰি তেওঁ অতিশয় সন্তুষ্ট৷

কোৰিয়াত যোগাসন আৰু ভাৰতীয় উৎসৱৰ জনপ্ৰিয়তাৰ কথা তথা বিগত এছিয়ান গেমছত কোৰিয়াই ভাৰতীয় ক্ৰীড়া কাবাডীত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বিশ্বব্যাপী থকা প্ৰৱাসী ভাৰতীয়সকলক দেশৰ এম্বেছাডৰ হিচাপে আখ্যা দি কয় যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু অনুশাসনে বিশ্বত ভাৰতৰ মৰ্যদা বৃদ্ধি কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এইবাৰ মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰিব৷ বিশ্ববাসীয়ে যাতে বাপুজীৰ বিষয়ে অধিক জানিব পাৰে, তাৰ দায়িত্ব আমি সকলোৱে গ্ৰহণ কৰিব লাগিব৷

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে কোৰিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক দিনক দিনে শক্তিশালী হৈ গৈ আছে৷ দুয়োখন ৰাষ্ট্ৰই শান্তি, সমৃদ্ধি আৰু সুস্থিৰতাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি আছে৷

তেওঁ উল্লেখ কৰে যে ভাৰত শীঘ্ৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হ’ব৷

বাণিজ্যিক সৰলতা আৰু জীৱন ধাৰণৰ মান অভূতপূৰ্ব হাৰত উন্নত হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ তেওঁ দেশত ৰূপায়িত হোৱা জিএছটি আৰু নগদবিহীন লেনদেনৰ দৰে সংস্কাৰৰ কথাও উল্লেখ কৰে৷

ভাৰতত হোৱা বিত্তীয় বিপ্লৱ সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আছে বুলি তেওঁ প্ৰৱাসী ভাৰতীয়সকলক কয়৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে বেংক একাউণ্ট, বীমা আৰু মুদ্ৰা ঋণৰ প্ৰসংগ উত্থাপন কৰে৷

কেইবাটাও সাফল্যৰ বাবে শেহতীয়াকৈ ভাৰতৰ মান-মৰ্যদা বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে দৰিদ্ৰৰ বাবে বিনামূলীয়া স্বাস্থ্য, বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি ষ্টেচু অৱ ইউনিটী আৰু ডিজিটেল ইণ্ডিয়াই ভাৰতৰ প্ৰতিচ্ছবি যথেষ্ট কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ শক্তিৰ ক্ষেত্ৰত ভাৰতৰ উন্নতি আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী গঠন সন্দৰ্ভতো ব্যক্তব্য আগবঢ়ায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত সম্প্ৰতি নতুন শক্তিৰ জোৱাৰ উঠিছে৷ কাইলৈ তেওঁ ভাৰতবাসী আৰু প্ৰৱাসী ভাৰতীয়সকলৰ হৈ ছিউল শান্তি পুৰস্কাৰ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে৷

***

AKT/SH/SKS/MS



(Release ID: 1566114) Visitor Counter : 93