প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছৌডি আৰৱৰ যুৱৰাজৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত-ছৌডি আৰৱ যৌথ বিবৃতি

Posted On: 20 FEB 2019 11:14PM by PIB Guwahati

ছৌডি আৰৱৰ যুৱৰাজৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত-ছৌডি আৰৱ যৌথ বিবৃতি
 

  1. 1. প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ আমন্ত্রণমৰ্মে ছৌডি আৰৱৰ যুবৰাজ তথা সেই দেশৰ প্রতিৰক্ষা মন্ত্রী পৰিষদৰ মন্ত্রী মহম্মদ বিন চলমান বিন আব্দুল আজিজ আল সৌদে ১৯ আৰু ২০ ফেব্রুৱাৰীত ভাৰত ভ্ৰমণ কৰেবিমানবন্দৰত তেওঁলোকক স্বাগতম জনায় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েউল্লেখ্য যে ছৌডি সম্ৰাট চলমান বিন আব্দুল আজিজ আল সৌদৰ আমন্ত্রণমৰ্মে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও ২০১৬ চনৰ এপ্রিল মাহত আৰৱ ভ্ৰমণ কৰিবলৈ গৈছিল।
  2. ছৌডি যুৱৰাজক ৰাষ্ট্রপতি ভৱনত ২০ ফেব্রুৱাৰী তাৰিখে আনুষ্ঠানিক অভ্যর্থনা প্ৰদান কৰা হয়। ৰাষ্ট্রপতিয়ে যুৱৰাজৰ সন্মানাৰ্থে এক ভোজমেলৰো আয়োজন কৰে।
  3. প্রধানমন্ত্রী মোদী আৰু ছৌডি যুৱৰাজ মহম্মদ বিন চলমান বিন আব্দুল আজিজ আল সৌদে বিগত ২০ ফেব্রুৱাৰীত হায়দৰাবাদ হাউছত এক প্রতিনিধি পর্যায়ৰ বৈঠকতো মিলিত হয়ইয়াৰ পিছতে যুৱৰাজে ভাৰতৰ বৈদেশিক মন্ত্রী শ্রীমতী সুষমা স্বৰাজকো সাক্ষাৎ কৰে
  4. ভাৰত আৰু ছৌডি আৰৱৰ মাজত যি মৈত্রী আৰু আন্তৰিকতাৰ সম্পর্ক আছে সেয়া এই দুই দেশৰ মাজত বহু বছৰ বছৰ ধৰি আছে আৰু সেয়া কেবা শতাব্দী প্রাচীন অর্থনৈতিক আৰু আর্থ-সামাজিক বান্ধোনৰ মাজেৰে প্রতিফলিত হয়। দুই দেশৰ মাজত ভৌগলিক ঘনিষ্ঠতা, সভ্যতাগত যোগসূত্র, সাংস্কৃতিক সম্পৰ্ক, পৰিৱেশগত বৈশিষ্ট্য আৰু প্রগতিবাদী মানুহৰ সৈতে মানুহৰ যোগাযোগ হৈছেউমৈহতীয়া প্ৰত্যাহ্বান আৰু সুযোগ-সুবিধাবোৰে দুই দেশৰ এই মজবুত সম্পর্কক আৰু অধিক গতি প্ৰদান কৰিছে।
  5. এক সৌহাদ্যপূৰ্ণ পৰিৱেশত দ্বিপাক্ষিক বৈঠকখন অনুষ্ঠিত হয়। মৈত্রীৰ এই বাতাবৰণেই দুই দেশ আৰু তেওঁলোকৰ নেতৃবৃন্দক একেডাল এনাজৰীৰে আবদ্ধ কৰেউভয় পক্ষই দ্বিপাক্ষিক সহযোগিতা আৰু মৈত্রীৰ আদর্শ বাতাবৰণ গঢ়ি ওঠাত সন্তোষ প্রকাশ কৰেদ্বিপাক্ষিক সহযোগিতাৰ এই বাতাবৰণ আস্থা, পাৰস্পৰিক বুজাবুজি, সৌবাবেবোধ আৰু পাৰস্পৰিক শ্রদ্ধাৰ ভিত্তিত গঢ়ি উঠিছে। উভয় পক্ষই বাণিজ্য, শক্তি, নিৰাপত্তা আৰু সাংস্কৃতিক সহ বিভিন্ন ক্ষেত্রত অগ্রগতিৰ ক্ষেত্ৰত সন্তোষ প্রকাশ কৰেউল্লেখ্য যে ২০১৬ চনৰ এপ্রিল মাহত প্রধানমন্ত্রীৰ ৰিয়াধ ভ্ৰমণে পৰৱর্তী সময়ত দুয়োখন দেশৰ সম্পর্ক আৰু অধিক শক্তিশালী কৰি তুলিছে আৰু ইয়াক এক নতুন উচ্চতালৈ লৈ গৈছে।
  6. ছৌডি আৰৱত আধুনিকতাবাদ আৰু উদাৰীকৰণৰ যি সিদ্ধান্ত যুৱৰাজে গ্ৰহণ কৰিছে, সেয়া প্রধানমন্ত্রী মোদীয়ে প্রশংসা কৰে। একেদৰে ছৌডি যুৱৰাজেও ভাৰতৰ সৰ্বাঙ্গীন আর্থিক অন্তর্ভুক্তিকৰণ, বহুত্ববাদ আৰু সহনশীলতাৰ আদর্শ অনুসৰণৰ প্রচেষ্টাৰ প্রশংসা কৰে।
  7. ২০১০ চনৰ ফেব্রুৱাৰী মাহত ৰীয়াধ ঘোষনাপত্রত যি কৌশলগত অংশীদাৰীত্ব গঢ়ি তোলাৰ কথা উল্লেখ কৰা হৈছিল, তাক আৰু শক্তিশালী কৰিবলৈ দুই পক্ষই তেওঁলোকৰ অঙ্গীকাৰৰ কথা পুনৰায় ব্যক্ত কৰে
  8. দুয়োখন দেশৰ মাজত বর্তমানৰ কৌশলগত অংশীদাৰীত্বক কৌশলগত অংশীদাৰীত্ব কাউন্সিল গঠনৰ মাধ্যমেৰে উচ্চস্তৰীয় তদাৰকী ব্যৱস্থালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত উভয়েই সহমত প্ৰকাশ কৰিছে। এই কাউন্সিলত থাকিব ভাৰতৰ প্রধানমন্ত্রী আৰু আৰৱৰ যুৱৰাজ।
  9. ভাৰতৰ নীতি আয়োগ আৰু সেইদেশৰ ইন্টাৰনেশ্যনেল ষ্ট্ৰেটেজিক পার্টনাৰশ্বিপ শীর্ষক প্রতিষ্ঠানৰ মাজত যৌথভাৱে কর্মশালা আয়োজনৰ বিষয়টোক দুয়োদেশৰ ৰাষ্ট্ৰনেতাই প্রশংসা কৰে। উল্লেখ্য যে অলপতে ৰিয়াধত এনেধৰণৰ এক কৰ্মশালাৰ আয়োজন কৰা হৈছিল। এই কর্মশালাতে বিভিন্ন ক্ষেত্রত যৌথ উদ্যোগ গঢ়ি তোলা আৰু বিনিয়োগৰ বাবে ৪০ৰো অধিক ক্ষেত্র চিহ্নিত কৰা হৈছে
  10. ছৌডি যুৱৰাজৰ ভাৰত ভ্ৰমণকালত নিম্নোল্লিখিত বুজাবুজিপত্ৰসমূহ স্বাক্ষৰিত হৈছে-
    • ভাৰতৰ ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি বিধেয়ক সম্পৰ্কীয় বুজাবুজি চুক্তি
    • পর্যটন ক্ষেত্রত সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে বুজাবুজি চুক্তি
    • আবাস ক্ষেত্রত সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে বুজাবুজি চুক্তি
    • ইনভেষ্ট ইণ্ডিয়া আৰু ছৌডি আৰৱ জেনেৰেল ইনভেষ্টমেন্ট কর্তৃপক্ষৰ মাজত আন্তঃগাঁথনিমূলক সহযোগিতা কাৰ্যসূচী
    • অডিঅ’-ভিজুৱেল আদান-প্রদানৰ বাবে সম্প্রচাৰ ক্ষেত্রত সহযোগিতাৰ লক্ষ্যৰে বুজাবুজি চুক্তি
    • আর্ন্তজাতিক সৌৰ মৈত্ৰী চুক্তিত ছৌডি আৰৱক চামিল কৰিবলৈ চুক্তি
  11. সাম্প্রতিক বছৰকেইটাত দ্বিপাক্ষিক ব্যৱসায়ৰ ইতিবাচক অগ্রগতিৰ বিষয়টো বিবেচনাধীন কৰি ৰাখি উভয়পক্ষই পণ্য সামগ্রী লেনদেন, বিশেষকৈ তেল বহিৰ্ভূত ক্ষেত্রত বাণিজ্যিক দিশেৰে যে বিপুল সম্ভাৱনা আছে, সেই সম্ভাৱনীয়তাক কামে-কাজে প্ৰয়োগ কৰাৰ ওপৰত জোৰ দিয়া হৈছে। ২০১৮ৰ ফেব্রুৱাৰী মাহত ৰিয়াধত ভাৰত-ছৌডি যৌথ কমিশ্যনৰ দ্বাদশ বৈঠকত অর্থনৈতিক, বাণিজ্যিক, বিনিয়োগ, সংস্কৃতি আৰু প্রযুক্তিগত ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত যি আলোচনা হৈছিল তাত দুই পক্ষই স্বাগতম জনাইছে
  12. উভয় পক্ষই দুয়োখন দেশৰ মাজত ব্যৱসায়ৰ পৰিমাণ বৃদ্ধিৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে আৰু ৰপ্তানি ক্ষেত্রৰ বাধা-বিপত্তিসমূহ দূৰ কৰাৰ ক্ষেত্ৰত সহমত প্রকাশ কৰে।
  13. উভয় পক্ষই ছৌডি সম্ৰাটৰ ভিজন ২০৩০ আৰু ভাৰতৰ ফ্লেগশ্বিপ কাৰ্যসূচীসমূহৰ (মেক ইন ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, স্মার্ট চিটি, ডিজিটেল ইণ্ডিয়া আদি) সৈতে সংগতি ৰাখি বাণিজ্য আৰু বিনিয়োগ সহযোগিতাক আৰু গাঢ় কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। ছৌডি আৰৱৰ ভালেমান প্রকল্পত ভাৰতীয় বেচৰকাৰী আৰু ৰাষ্ট্রীয় সংস্থাৰ বিনিয়োগ তথা বিশেষজ্ঞসকলক কামত নিয়োগ কৰিবলৈ ছৌদি আৰৱ প্ৰস্তুত বুলিও জনোৱা হৈছে। ভাৰত আৰু ছৌডি আৰৱৰ আর্থিক ক্ষেত্রত ইতিবাচক পৰিৱর্তনৰ বিষয়টো দুয়োটা পক্ষই সহমত প্রকাশ কৰে।
  14. দুয়োখন দেশৰ চৰকাৰে, সহজে ব্যৱসায়-বাণিজ্যৰ অনুকূল পৰিৱেশ গঢ়ি তোলা, বর্তমান বাণিজ্য সংক্রান্তীয় নিয়ম-নীতিবোৰক আৰু অধিক সৰল আৰু যুক্তিসংগত কৰি তোলাৰ উপৰি গুৰুত্বপূর্ণ ক্ষেত্রত প্রত্যক্ষ বৈদেশিক বিনিয়োগ নিয়ম-নীতি শিথিল কৰিবলৈ যিবোৰ পদক্ষেপ গ্রহণ কৰিছে, তাক উভয় পক্ষই স্বাগতম জনাইছে
  15. ২০১৬ চনত প্রধানমন্ত্রী মোদীয়ে ৰিয়াধ ভ্ৰমণ কৰাৰ সময়ত ছৌডি আৰৱৰ জেনেৰেল ইনভেষ্টমেন্ট প্ৰতিষ্ঠান আৰু ইনভেষ্ট ইণ্ডিয়াৰ মাজত আন্তঃগাঁথনিমূলক সহযোগিতা চুক্তি স্বাক্ষৰৰ পিছত বিনিয়োগ সম্পৰ্কীয় আৰ্থিক পৰিৱেশত যি ইতিবাচক পৰিৱর্তন আহিছে, তাক উভয়পক্ষই স্বাগতম জনাইছেউভয়পক্ষই নিজৰ দেশত বিনিয়োগৰ সুযোগ-সুবিধাসমূহৰ পূর্ণ সদ্ব্যৱহাৰৰ বাবে শিল্প-বাণিজ্য খণ্ডৰ প্ৰতি আহ্বান জনাইছে।
  16. ছৌডি আৰৱত উদ্যোগ চহৰ আৰু বন্দৰসমূহত যি অত্যাধুনিক আন্তঃগাঁথনি আৰু পৰিবহন সেৱা ব্যৱস্থা গঢ়ি তোলা হৈছে, সেয়া কামে কাজে লগোৱাৰ বাবে সেই দেশৰ ৰাজপুত্রই ভাৰতীয় সংস্থাসমূহক আমন্ত্রণ জনাইছে।
  17. ছৌডি যুৱৰাজে শক্তি, পৰিশোধন, পেট্র’ ৰসায়ন, আন্তঃগাঁথনি, কৃষি, খনিজ আৰু খনি, উৎপাদন, শিক্ষা আৰু স্বাস্থ্যক্ষেত্রত ১০০ বিলিয়ন মার্কিন ডলাৰতকৈও অধিক যি ধন আবণ্টনৰ কথা ঘোষণা কৰা হৈছে, তালৈ প্রধানমন্ত্রীয়ে স্বাগতম জনাইছে।
  18. ৪৪ বিলিয়ন মার্কিন ডলাৰ ব্যয় কৰি প্রথমবাৰৰ বাবে যৌথ উদ্যোগত পশ্চিম উপকূলীয় তেল শোধনাগাৰ আৰু পেট্র’ ৰসায়ন প্রকল্প গঢ়ি তোলাৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, উভয় পক্ষই তাক স্বাগতম জনাইছে। দুয়ো পক্ষই এই প্রকল্পৰ ৰূপায়ণ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰতো সহমত প্রকাশ কৰিছে। প্রকল্পৰ কাম শেষ হ’লে ই এক বিশ্বৰ বৃহত্তম গ্রীণফিল্ড বা পৰিৱেশ অনুকূল তেল শোধনাগাৰ হৈ উঠিব।
  19. ভাৰতৰ ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি ব্যৱস্থা তথা অন্যান্য গুৰুত্বপূর্ণ ক্ষেত্রত ছৌডি আৰৱৰ বিনিয়োগক প্রধানমন্ত্রী স্বাগতম জনাইছে। এই পৰিপ্রেক্ষিতত যি বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে, উভয়পক্ষই তাত সন্তোষ প্রকাশ কৰিছে। এই বুজাবুজি চুক্তিৰ ফলত দ্বিপাক্ষিক অর্থনৈতিক সহযোগিতাৰ পথ আৰু প্রশস্ত হ’ব।
  20. ছৌডি আৰৱৰ ফালৰ পৰা ভাৰতত শক্তি, শোধনাগাৰ, পেট্র’ ৰসায়ন, আন্তঃগাঁথনি, কৃষি, খনিজ আৰু খনি, উৎপাদন, শিক্ষা আৰু স্বাস্থ্যক্ষেত্ৰত বিনিয়োগৰ ক্ষেত্ৰত যি আগ্রহ প্রকাশ কৰা হৈছে, প্রধানমন্ত্রীয়ে তাক স্বাগতম জনাইছে।
  21. গৃহ নিৰ্মাণ ক্ষেত্রত সহযোগিতা গঢ়ি তুলিবলৈ আৰু ছৌডি আৰৱৰ গৃহ নিৰ্মাণ প্রকল্পবোৰত ভাৰতীয় সংস্থাসমূহৰ অংশগ্রহণক উৎসাহ যোগাবলৈ যি বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে, উভয়পক্ষই ইয়াক স্বাগতম জনাইছে।
  22. বিভিন্ন বিপৰ্যয়ৰ মোকাবিলাৰ ক্ষেত্রত এক উপযুক্ত আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে মৈত্ৰী গঠনৰ বাবে প্রধানমন্ত্রীয়ে যি উদ্যোগ গ্ৰহণ কৰিছে তাক ছৌডি যুৱৰাজে উচ্চ প্রশংসা কৰিছে আকু কৈছে যে বিপর্যয়ৰ মোকাবিলা আৰু তাৰ প্রতিৰোধৰ লক্ষ্যৰে এয়া এক গুৰুত্বপূর্ণ পদক্ষেপ।
  23. শক্তি নিৰাপত্তাক কৌশলগত অংশীদাৰীত্বৰ এক গুৰুত্বপূর্ণ স্তম্ভ হিচাপে স্বীকাৰ কৰি উভয় পক্ষই শক্তিক্ষেত্রত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ ক্ষেত্ৰত গভীৰ আগ্রহ প্রকাশ কৰিছে। ইয়াৰ লগতে কোৱা হৈছে যে ছৌডি আৰৱ বিশ্বৰ আটাইতকৈ বিশ্বস্ত তেল আৰু গেছ সৰবৰাহকাৰী দেশ। আনকি ভাৰতৰ বাবেও এক গুৰুত্বপূর্ণ সৰবৰাহকাৰী দেশ। ভাৰত-ছৌডি আৰৱে শক্তি সম্পৰ্কীয় আলোচনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো দুয়োখন দেশেই সহমত পোষণ কৰিছেশক্তি ক্ষেত্রত ক্রেতা-বিক্রেতাৰ সম্পর্কৰ পৰিৱর্তন ঘটাই পেট্র’ৰসায়ন প্রকল্পবোৰত বিনিয়োগ তথা যৌথ উদ্যোগ গঢ়ি তুলি এই সম্পর্কক কৌশলগত অংশীদাৰীত্বত পৰিণত কৰাৰ বিষয়ে উভয় পক্ষই সন্মতি প্ৰকাশ কৰিছে।
  24. অপৰিশোধিত তেল আৰু পেট্র’লিয়ামজাত সামগ্ৰীৰ ক্ষেত্রত ভাৰতৰ ক্রমবর্ধমান চাহিদা পূৰণৰ ক্ষেত্ৰত ছৌডি যুৱৰাজে পুনৰায় আশ্বাস দি কয়, অন্যান্য উৎসৰ পৰা সৰবৰাহ বিঘ্নিত হ’লে ভাৰতৰ চাহিদা পূৰণৰ বাবে আৰৱে সাহায্য আগবঢ়াব
  25. পেট্র’লিয়াম সংৰক্ষণৰ বাবে ভাৰতৰ কৌশলগত পদক্ষেপত ছৌডি আৰৱৰ অংশগ্রহণক প্রধানমন্ত্রীয়ে স্বাগতম জনাইছে।
  26. আন্তর্জাতিক সৌৰ মৈত্ৰীত ছৌডি আৰৱক চামিল কৰোৱাৰ সিদ্ধান্তক প্রধানমন্ত্রীয়ে স্বাগতম জনাইছে। এই প্রসঙ্গত উভয় পক্ষই কৈছে যে, পুনর্নবীকৰণযোগ্য শক্তি ক্ষেত্রত সাম্ভাৱ্য সহযোগিতা গঢ়ি তোলাই নহয়, বৰঞ্চ গৱেষণা আৰু উন্নয়ন খণ্ডতো বিনিয়োগৰ আছে বিপুল সুযোগ
  27. উভয় পক্ষই দূৰ নিয়ন্ত্রণ, উপগ্রহ-ভিত্তিক যোগাযোগ আৰু দিক নির্দেশ ব্যৱস্থাসহ মহাকাশ, বিজ্ঞান আৰু প্রযুক্তিক্ষেত্রত সহযোগিতাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰিছে
  28. পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্রসমূহ চিহ্নিত কৰি দক্ষতা বিকাশৰ লক্ষ্যৰে এক যৌথ কর্মীগোষ্ঠী গঠনৰ বিষয়েও উভয় পক্ষ সন্মত হৈছে।
  29. ২০১৪ চনৰ ফেব্রুৱাৰী মাহত ছৌডি সম্রাট চলমান বিন আব্দুল আজিজ আল সৌদৰ ভাৰত ভ্ৰমণকালত প্রতিৰক্ষা সহযোগিতা ক্ষেত্রত স্বাক্ষৰিত বুজাবুজি চুক্তৰ পিছত বিশেষজ্ঞ বিনিময় আৰু প্রশিক্ষণ প্রদানৰ লগতে প্রতিৰক্ষা ক্ষেত্রত ভাৰত-ছৌডি সহযোগিতাত সাম্প্রতিক অগ্রগতিৰ ক্ষেত্ৰতো উভয়পক্ষই সন্তোষ প্রকাশ কৰে। এই সন্দৰ্ভত দুয়োখন দেশৰ মাজত বিগত ২ আৰু ৩ জানুৱাৰীত ৰিয়াধত অনুষ্ঠিত প্রতিৰক্ষা সহযোগিতা সংক্রান্তীয় যৌথ কমিটিৰ চতুর্থ বৈঠকৰ সিদ্ধান্তসমূহকো উভয়পক্ষই স্বাগতম জনাইছে।
  30. উভয়পক্ষই শীঘ্ৰেই যৌথ নৌ অনুশীলন আয়োজনৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছেঅন্যান্য ক্ষেত্রতো এইধৰনেৰ দ্বিপাক্ষিক আয়োজন বৃদ্ধি কৰাৰ ক্ষেত্ৰতো একমত হৈচে দুয়োখন দেশৰ ৰাষ্ট্ৰনেতা।
  31. যৌথ উদ্যোগত প্রতিৰক্ষা সা-সৰঞ্জাম আৰু উপকৰণ নির্মাণৰ ক্ষেত্রত ব্যাপক সম্ভাৱনা আৰু পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহ বিবেচনাধীন কৰি ৰাখি এই ক্ষেত্রত সহযোগিতা আৰু সমন্বয় গঢ়ি তোলাৰ ক্ষেত্ৰতো উভয়পক্ষই সন্মতি দিছে। আৰু সিদ্ধান্ত হৈছে যে, ভাৰতৰ মেক ইন ইণ্ডিয়া আৰু সেই দেশৰ ভিজন ২০৩০ উদ্যোগৰ অংশ হিচাপে এই সহযোগিতা গঢ়ি তোলা হ’ব।
  32. দুই দেশৰে নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ সৈতে নৌ আৰু বাণিজ্য নিৰাপত্তাগত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰতো উভয়পক্ষই সহমত প্ৰকাশ কৰিছে।
  33. যোগাযোগ সংক্রান্তীয় আঞ্চলিক প্রকল্পসমূহ সম্পর্কত উভয়পক্ষই সন্মত হৈছে যে, এই প্রকল্পসমূহ আন্তর্জাতিক নিয়ম-নীতিৰ আওঁতাত থাকি ৰূপায়ন কৰিব লাগিব যাতে সংশ্লিষ্ট অঞ্চলৰ দেশসমূহৰ সার্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতা অক্ষুণ্ণ থাকে।
  34. উভয়পক্ষই আঞ্চলিক স্থিতিশীলতা আৰু প্রতিবেশী দেশসমূহৰ সৈতে সুসম্পর্ক বজাই ৰখাৰ গুৰুত্বৰ ওপৰত জোৰ দিছে। ২০১৪ চনৰ মে’ মাহৰ পৰৱর্তী সময়ত পাকিস্থানৰ সৈতে মৈত্রীৰ সম্পর্ক বজাই ৰখাৰ বাবে প্রধানমন্ত্রী মোদীৰ ব্যক্তিগত পদক্ষেপ গ্ৰহণক প্রশংসা কৰে ছৌডি যুৱৰাজেভাৰত আৰু পাকিস্থানৰ মাজত গঠনমূলক আলাপ-আলোচনাৰ উপযুক্ত পৰিৱেশ প্ৰস্তুত কৰিবলৈ প্রয়োজনীয় গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি উভয়পক্ষ সম্মত হৈছে
  35. উগ্রবাদ আৰু সন্ত্রাসবাদে সমগ্ৰ জাতি আৰু সমাজৰ বাবেই বিপজ্জনক বুলি স্বীকাৰ কৰে উভয়পক্ষইতেওঁলোকে কয় যে সন্ত্রাসবাদ আৰু উগ্রবাদক যিকোনো জাতি, ধর্ম বা সংস্কৃতিৰ সৈতে জডি়ত কৰাৰ প্রচেষ্টাক তেওঁলোকে খাৰিজ কৰেউভয়পক্ষই সন্ত্রাসবাদক যিকোনো দেশৰ বিৰুদ্ধে ব্যৱহাৰৰ বিষয়টোকো নাকচ কৰাৰ বাবে সমগ্ৰ দেশকেই আহ্বান জনাইছে। দুয়োখন দেশেই সন্ত্রাস পৰিকাঠামো ভাঙিবলৈ আৰু সন্ত্ৰাসবাদীক যাৱতীয় সহায় আৰু সমৰ্থন কৰাৰ পৰা বিৰত থকাৰ বাবেও বিশ্বৰ সকলোবোৰ দেশকে আহ্বান জনাইছে। সন্ত্রাসবাদৰ বিৰুদ্ধে সুদৃঢ় পদক্ষেপ গ্রহণৰ প্রয়োজনীয়তাৰ ক্ষেত্ৰতো আন্তর্জাতিক সমুদায়ৰ ওচৰত আবেদন কৰা হৈছে। আন্তর্জাতিক সন্ত্রাসবাদ সম্পর্কীয় ৰাষ্ট্রসংঘৰ সুসংঘবদ্ধ সন্মিলনৰ বিষয়সমূহকো গ্রহণ কৰাৰ ক্ষেত্ৰত দুয়ো পক্ষৰ তৰফৰ পৰা আবেদন জনোৱা হৈছে। উগ্ৰবাদী সংগঠনসমূহক ৰাষ্ট্রসংঘৰ ঘোষিত তালিকাত অন্তর্ভুক্ত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে।
  36. ভাৰত আৰু ছৌডি আৰৱ, দুয়ো পক্ষই ৰাষ্ট্রীয় নীতিৰ হাথিয়াৰ হিচাপে সন্ত্রাসৰ ব্যৱহাৰৰ পৰা বিৰত থকাৰ বাবে বিশ্বৰ আটাইবোৰ দেশকেই আহ্বান জনাইছে। উগ্ৰবাদীসকলৰ পৰা অস্ত্র-শস্ত্রসহ ক্ষেপনাস্ত্র আৰু দ্রোণ সৰবৰাহ কৰাৰ পৰা বিৰত থকাৰ বাবে অন্যান্য ৰাষ্ট্রকো আহ্বান জনোৱা হৈছে।
  37. প্রধানমন্ত্রী আৰু ছৌডি যুৱৰাজ, দুয়োৱেই জম্মু আৰু কাশ্মীৰৰ পুলৱামাত বিগত ১৪ ফেব্রুৱাৰী তাৰিখে ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওপৰও হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা কৰিছে।
  38. ভাৰত আৰু ছৌডি আৰৱে পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু আন্তর্জাতিক বিষয়সমূহৰ লগতে পশ্চিম এছিয়া আৰু মধ্যপ্রাচ্যৰ দেশসমূহত নিৰাপত্তা পৰিস্থিতিক লৈ আলোচনা কৰিছে। দুয়ো পক্ষৰ আলোচনাত আঞ্চলিক তথা আন্তর্জাতিক শান্তি, নিৰাপত্তা আৰু স্থিতিশীলতাৰ দৰে বিষয়সমূহে গুৰুত্ব লাভ কৰিছে।
  39. পেলেষ্টাইনবাসী জনতাৰ প্রাপ্য অধিকাৰ সুনিশ্চিত কৰিবলৈ ৰাষ্ট্রসংঘৰ বিভিন্ন সিদ্ধান্ত আৰু আৰৱত শান্তি উদ্যোগৰ ওপৰত ভিত্তি কৰি মধ্য প্রাচ্যেত স্থায়ী শান্তি প্রতিষ্ঠাৰ লক্ষ্যৰে কার্যকৰী ব্যৱস্থা গ্রহণৰ বিষয়ে উভয়পক্ষই আশা প্রকাশ কৰিছে।
  40. সন্ত্রাসবাদ দমনত পাৰস্পৰিক সহযোগিতা বৃদ্ধি আৰু সন্ত্ৰাসবাদ বিৰোধী তথ্য আদান-প্রদানৰ মাধ্যমেৰে পাৰস্পৰিক সুবিধার্থে উভয়পক্ষই জাতীয় নিৰাপত্তা উপদেষ্টা পর্যায়ত সুসংহত নিৰাপত্তা-আলোচনা আৰম্ভ কৰাৰ ক্ষেত্ৰত আৰু সন্ত্রাস দমনৰ লক্ষ্যৰে যৌথ কর্মীগোষ্ঠী গঠনত সন্মতি প্ৰকাশ কৰিছে।
  41. প্রধানমন্ত্রী মোদী আৰু ছৌডি যুৱৰাজে বিভিন্ন ক্ষেত্রত নিৰাপত্তা সহযোগিতা আৰু ঘনিষ্ঠ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অঙ্গীকাৰৰ কথা পুনৰ উল্লেখ কৰে। উভয়ে সামূদ্রিক নিৰাপত্তা, আইন প্ৰণয়নকাৰী সংস্থা, ধনদাবী, মাদকদ্ৰব্য সৰবৰাহ, মানৱ সৰবৰাহ, অবৈধ সামগ্ৰীৰ সৰবৰাহ আৰু সীমান্তৰ সিপাৰৰ সংগঠিত অপৰাধ দমনৰ বাবে দুয়োপক্ষই গুৰুত্ব দিছে।
  42. চাইবাৰ ক্ষেত্রৰ অপব্যৱহাৰৰ বিষয়টোতো উভয় পক্ষই গভীৰ উদ্বেগ প্রকাশ কৰে আৰু চাইবাৰ ক্ষেত্রৰ অপৰাধ দমন সংক্রান্তীয় বিষয়ত প্রযুক্তিগত সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে যি বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে, তাক দুয়োপক্ষই স্বাগতম জনাইছে।
  43. বিপুল সংখ্যক ভাৰতীয়ৰ আপ্যায়নত আৰু তেওঁলোকৰ সৰ্বাঙ্গীন কল্যাণত ছৌডি নেতৃত্বৰ ভুমিকাক ভাৰতে শলাগ লয় আৰু তেওঁলোকক ধন্যবাদ দিয়ে।
  44. ৩২ তম ছৌডি জাতীয় ঐতিহ্য আৰু সাংস্কৃতিক অনুষ্ঠানত ভাৰতক সন্মানীয় অতিথি দেশ হিচাপে গণ্য কৰাৰ বাবে প্রধানমন্ত্রীয়ে সেইদেশৰ নেতৃবৃন্দক ধন্যবাদ জনাইছে। উভয়পক্ষই দুয়ো দেশৰ মানুহৰ মাজত যোগাযোগ আৰু বৃদ্ধি হোৱা আৰু সাংস্কৃতিক সহযোগিতাক মজবুত কৰাৰ ওপৰত গুৰুত্ব দিছে। নির্দিষ্ট সময়ৰ ব্যৱধানত ছৌডি আৰৱত ভাৰতীয় সংস্কৃতি সপ্তাহ উদযাপন আৰু একেধৰণে ভাৰততো ছৌডি আৰৱ সংস্কৃতি উদযাপনৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
  45. ভাৰতৰ পৰা হজ তীর্থযাত্রীসকলৰ কোটা বৃদ্ধি কৰি ২ লাখ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ছৌডি যুৱৰাজকে ধন্যবাদ জনাইছে।
  46. ছৌডি আৰৱৰ বিভিন্ন কাৰাগাৰত বন্দী ৮৫০ জন ভাৰতীয় বন্দীকে মুক্তিৰ যি সিদ্ধান্ত ছৌডি যুবৰাজে গ্ৰহণ কৰিছে, সেই সিদ্ধান্তক ভাৰতৰ প্রধানমন্ত্রীয়ে আদৰণি জনাইছে।
  47. উভয়পক্ষই দুয়োখন দেশৰ জনসাদাৰণৰ মাজত যোগাযোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আগ্রহ প্রকাশ কৰিছে আৰু পর্যটন ক্ষেত্রৰ সৈতে জড়িত সমস্যাসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে।
  48. ছৌডি আৰৱৰ বিমান সংস্থাসমূহত বর্তমান মাহেকীয়া আসনৰ সংখ্যা ৮০ হাজাৰৰ পৰা বৃদ্ধি কৰি ১ লাখ ১২ হাজাৰ কৰাৰ ক্ষেত্ৰতো ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। এই সংখ্যা কেনেদৰে আৰু বৃদ্ধি কৰিব পাৰি সেই ক্ষেত্ৰত সমীক্ষাৰ কাম চলিছে।
  49. ছৌডি আৰৱত বসবাসকাৰী ভাৰতীয়সকলৰ সুবিধার্থে ধন পৰিশোধ ব্যৱস্থাত সহযোগিতাৰ সুযোগ-সুবিধা বিচাৰি উলিওৱাৰ বাবে উভয়পক্ষই সন্মত হৈছে। এই ব্যৱস্থা আৰম্ভ হ’লে হজ আৰু উমৰাহ তীর্থযাত্রীসকল বিশেষভাৱে উপকৃত হ’ব।
  50. ছৌডি আৰৱত কর্মৰত তথা নিজৰ ভুল অবিহনেও আবদ্ধ হৈ থকা ভাৰতীয় শ্রমিকসকলৰ সমস্যাসমূহ মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে সমাধান কৰাৰ বাবে ছৌডি যুৱৰাজে গ্ৰহণ কৰা পদক্ষেপৰ উচ্চ প্রশংসা কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে
  51. ৰাষ্ট্রসংঘ, জি-২০ আৰু বিশ্ব বাণিজ্য সংগঠনসহ অন্যান্য বহুপাক্ষিক মঞ্চসমূহত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ মাধ্যমেৰে এনে ধৰণৰ বহুপাক্ষিক মঞ্চৰ সংস্কাৰ ক্ষেত্রত উভয়পক্ষই তেওঁলোকৰ অঙ্গীকাৰৰ কথা প্রকাশ কৰিছে। এই পৰিপ্রেক্ষিততে উভয়পক্ষই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব বাণিজ্য সংস্থা, আন্তর্জাতিক বিত্ত প্রতিষ্ঠানসহ আন্তর্জাতিক ফ’ৰামসমূহৰ সংস্কাৰৰ প্রয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।
  52. বিশ্বব্যাপী জটিল সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত বহুপাক্ষিক ব্যৱস্থাসমূহৰ কার্যকৰী সংস্কাৰৰ গুৰুত্বৰ ওপৰতো উভয়পক্ষই গুৰুত্ব আৰোপ কৰিছে। দুয়োপক্ষই ৰাষ্ট্রসংঘই সংস্কাৰৰ লক্ষ্যৰে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ প্রয়োজনীয়তাৰ ওপৰতো জোৰ দিছে।
  53. পলাতক অর্থনৈতিক অপৰাধীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত একত্ৰিত হৈ কাম কৰাৰ ক্ষেত্ৰতো উভয় পক্ষই তেওঁলোকৰ অঙ্গীকাৰৰ কথা পুনৰায় ব্যক্ত কৰে।
  54. ছৌডি যুৱৰাজ, উপ-প্রধানমন্ত্রী তথা আৰৱৰ প্রতিৰক্ষা মন্ত্রী মহম্মদ বিন চলমান বিন আব্দুল আজিজ ডাঙৰীয়া আৰু তেওঁৰ সৈতে অহা প্রতিনিধিদলক ভাৰত চৰকাৰ আৰু ভাৰতবাসীৰ তৰফৰ পৰা যি উষ্ম আতিথ্য প্ৰদান কৰা হৈছে, তাৰ বাবে তেওঁলোকে কৃতজ্ঞতা প্রকাশ কৰিছে।

 

****

AKT/SH/RD


(Release ID: 1566111)