কেবিনেট

কেবিনেটৰ আৰআৰটিএছত দিল্লী-গাজিয়াবাদ মীৰাট কৰিডৰৰ বাবে অনুমোদন প্ৰদান

পোষ্ট কৰা হৈছে: 19 FEB 2019 8:55PM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেটে নিম্নোক্ত প্ৰস্তাৱনাসমূহৰ বাবে অনুমোদন প্ৰদান কৰিছেঃ

১. সৰ্বমুঠ ৩০,২৭৪ কোটি টকা ব্যয়েৰে ৮২.১৫ কিলোমিটাৰৰ ৰিজিঅ’নেল ৰেপিড ট্ৰেনজিট ছিষ্টেম (আৰআৰটিএছ)ৰ নিৰ্মাণ;

২. অনুদান আৰু আনুষংগিক ঋণ হিচাপে ৫,৬৩৪ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য;

৩. প্ৰকল্পৰ বাবে আনুষ্ঠানিক ব্যৱস্থাপনা আৰু আইনী পৰিকাঠামো; আৰু

৪. প্ৰকল্পৰ অনুমোদনৰ স্থিতি৷

উল্লেখযোগ্য বৈশিষ্টঃ

আৰআৰটিএছ হ’ল ভাৰতত প্ৰথমবাৰলৈ প্ৰণয়ন হ’বলগীয়া ৰে’লভিত্তিক, দ্ৰুতগতিৰ পৰিবহণ ব্যৱস্থা৷ ই কাৰ্যকৰী হোৱাৰ পিছত নেচনেল কেপিটেল ৰিজিঅ’ন (এনচিআৰ)ত পৰিবহণৰ আটাইতকৈ দ্ৰুতগামী, আৰামদায়ক আৰু সুৰক্ষামূলক ব্যৱস্থা হিচাপে পৰিগণিত হ’ব৷ এই প্ৰকল্পত অন্যান্য নগৰ পৰিবহণ ব্যৱস্থাও দক্ষ তথা কাৰ্যকৰীভিত্তিত অন্তৰ্ভুক্ত হ’ব যি ডিজাইন, প্ৰযুক্তি তথা আনুষ্ঠানিক ব্যৱস্থাপনাৰ উদ্ভাৱনী পদক্ষেপ গ্ৰহণৰ দ্বাৰাহে সম্ভৱ হ’ব৷

আৰআৰটিএছৰ দ্বাৰা চহৰৰ পৰিবহণ ব্যৱস্থা সহজ কৰি তোলাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

লাভঃ

আৰআৰটিএছৰ প্ৰণয়নৰ দ্বাৰা দেশৰ ৰাজধানী অঞ্চলত অতিৰিক্ত ৰাজহুৱা পৰিবহণৰ ব্যৱস্থা সংযোজিত হ’ব যি ভিৰ, বায়ু প্ৰদূষণ তথা সুষম অনুঘটক আৰু বহনক্ষম আঞ্চলিক বিকাশৰ সমস্যাসমূহৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হ’ব৷

AKT/SH/MANN


(ৰিলিজ আই ডি : 1565777) অতিথি কক্ষ : 48
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada