প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিহাৰৰ বাৰাউনিত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 17 FEB 2019 4:15PM by PIB Guwahati

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

মঞ্চত উপৱিষ্ট সকলো মহানুভৱ তথা বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

আপোনালোকে ইয়ালৈ ইমান বৃহ সংখ্যাত আমাক আশীৰ্বাদ দিয়াৰ বাবে উপস্থিত হৈছে, এইবাৰে মই আপোনালোকক শিৰ দোৱাই অভিনন্দন জনাইছো৷ মই দেখিবলৈ পাইছো যে ভিডিঅৰ মাধ্যমৰ জৰিয়তেও পাটনাৰ পৰা অনেক লোক ইয়াত জড়িত হৈছে৷ পাটনা আৰু হাজাৰিবাগত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীত উপস্থিত থকা লোকসকলক মই প্ৰণাম জনাইছো৷

বন্ধুসকল, আদি কুম্ভস্থলী সিমৰিয়া ধাম যত আছে, বিহাৰ কেশৰী শ্ৰী কৃষ্ণ সিঙে যত সত্যাগ্ৰহ কৰিছে, ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰৰ দৰে মনিষীক যিয়ে প্ৰদান কৰিছে, সেই বেগুচৰাইৰ, বিহাৰৰ পবিত্ৰ ভূমিক মই প্ৰণাম জনাইছো৷ মই দেশৰ বাবে বলিদান দিয়া শ্বহীদ কনিষ্টবল সঞ্জয় কুমাৰ সিনহা আৰু ভাগলপুৰৰ শ্বহীদ ৰত্ন কুমাৰ ঠাকুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ তেওঁলোকৰ পৰিয়ালৰ সৈতে মোৰ সংবেদনা প্ৰকাশ কৰিছো৷ আৰু মই অনুভৱ কৰিছো আপোনালোকৰ আৰু দেশবাসীৰ হৃদয়তে কেনেকুৱা জুই জ্বলিছে৷ যি জুই আপোনালোকৰ হৃদয়ত আছে সেয়া মোৰ হৃদয়তো আছে৷ আজি জননায়ক কৰ্পুৰী ঠাকুৰজীৰো পুণ্য তিথি৷ সামাজিক ন্যায়ৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰা কৰ্পুৰী বাবুৰ আশীৰ্বাদ যাতে আমাৰ শিৰত বৰষি ৰয় সেই কামনাৰে সৈতে মই তেওঁলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছো৷

বন্ধুসকল, আজি বিহাৰৰ সামূহিক বিকাশৰ বাবে হাজাৰ কোটিৰ প্ৰায় ডজনসংখ্যক প্ৰকল্পৰ লোকাৰ্পণ, উদঘাটন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ ইয়াত পাটনা আৰু এই চহৰক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ প্ৰকল্পও আছে৷ বিহাৰৰ ঔদ্যোগিক বিকাশ আৰু যুৱ প্ৰজন্মক কৰ্ম সংস্থাপনৰ সৈতে জড়িত কৰাৰ প্ৰকল্পও ইয়াত আছে তথা বিহাৰৰ প্ৰতিজন ব্যক্তিৰ বাবে স্বাস্থ্যৰ সুবিধা প্ৰদান কৰা প্ৰকল্পও ইয়াত আছে৷ এইসমূহ প্ৰকল্পৰ বাবে মই আপোনালোক সকলোকে, নীতিশ বাবু তথা তেওঁৰ সমগ্ৰ দলটোক অশেষ অভিনন্দন জনাইছো৷ আজি আমাৰ মাজত ভোলা বাবু থাকিলে তেওঁ অধিক প্ৰসন্ন হলহেঁতেন৷

বন্ধুসকল, যিদৰে ভাৰতৰ পশ্চিম প্ৰান্তত আৰ্থিক গতিবিধি অধিক হয়, তাৰ সমকক্ষ হ, মইতো ইয়াকো কম যে তাৰো ঊৰ্ধলৈ যোৱাৰ ক্ষমতা আমাৰ বিহাৰ আৰু পূব ভাৰতৰ আছে৷ যিদৰে এনডিএ চৰকাৰে বিহাৰসহিতে পূব ভাৰতৰ বিকাশৰ বাবে, আধুনিক আন্তঃগাঁথনিৰ বাবে এটাৰ পিছত এটাকৈ প্ৰকল্প আৰম্ভ কৰি আছে, সেইদিন বেছি দূৰ নহয় যেতিয়া এই অঞ্চলটো দেশৰ বিকাশক অগ্ৰগতি প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিগণিত হব৷

ভাতৃ আৰু ভগ্নীসকল, বিহাৰসহিতে পূব ভাৰতৰ কায়াকল্প নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰ সৈতে সূচনা কৰা অনেক যোজনাৰ ভিতৰত এটা প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনাও আছে৷ এই যোজনাৰ জৰিয়তে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আৰু উৰিষ্যাত গেছ পাইপ লাইনৰ সৈতে সংযোজিত কৰা হৈছে৷ এই যোজনাৰ প্ৰথম পৰ্যায়ত জগদীশপুৰ-হালদিয়া পাইপ লাইনৰ পাটনা-ফুলপুৰ অংশৰ লোকাৰ্পণো কিছুদেৰী পূৰ্বে কৰা হৈছে৷ আপোনালোকৰ মনত আছে যে প্ৰায় চাৰে তিনিবছৰ পূৰ্বে ২০১৫ চনৰ জুলাই মাহত পাটনাৰ পৰাই মই ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলো৷ গেছ পাইপ লাইনৰ সুবিধা বৃদ্ধি কৰি হালদিয়া-দুৰ্গাপুৰ এলপিজি পাইপ লাইনৰো বিস্তাৰ মুজফ্ফৰপুৰ আৰু পাটনালৈ কৰা হৈছে৷ আজি ইয়াৰো আধাৰশিলা স্থাপন কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, এই প্ৰকল্পৰ দ্বাৰা তিনিটা ডাঙৰ কাম একে লগতে সমাধা হব৷ প্ৰথমে ইয়াত যি বাৰাউনীত সাৰ কাৰখানাৰ পুনৰাম্ভ কৰা হৈছে, তাৰ বাবে গেছৰ সুবিধা উপলব্ধ হ; দ্বিতীয়তে- পাটনাত পাইপৰ জৰিয়তে ঘৰে ঘৰে গেছ যোগানৰ কাম হব৷ পেট্ৰ-ডিজেলৰ পৰিৱৰ্তে চিএনজিৰে গাড়ী চলিব৷ পাটনাত চিটী গেছ বিতৰণ প্ৰকল্পৰো উদঘাটন কৰা হৈছে৷ ইয়াৰ দ্বাৰা সহস্ৰাধিক পৰিয়ালে পাইপযুক্ত গেছৰ চুলা ব্যৱহাৰ কৰিবলৈ সক্ষম হব৷ এই প্ৰকল্পৰ দ্বাৰা তৃতীয়টো লাভ এয়াই হব যে যেতিয়াই উদ্যোগসমূহে পৰ্যাপ্ত পৰিমাণে গেছ লাভ কৰিব, তাৰ দ্বাৰা গেছভিত্তিক অৰ্থনীতিৰ নতুন পৰিস্থিতিতন্ত্ৰ বিকশিত হ, যুৱ প্ৰজন্মই কৰ্ম সংস্থাপনৰ নতুন সুবিধা লাভ কৰিব, অৰ্থাৎ এক প্ৰকাৰে উৰ্জা গংগা পৰিযোজনাৰ দ্বাৰা ইয়াৰ জনতাই বিশেষকৈ মধ্যবিত্ত লোকসকলৰ জীৱনলৈ বৃহৎ পৰিৱৰ্তন আহিব৷ চিএনজিৰ দ্বাৰা গাড়ী চালকসকলৰ ব্যয় কম হব আৰু পেট্ৰ-ডিজেলৰ ব্যয়ো কম হব৷ তাৰোপৰি পৰিবেশৰ ওপৰতো ধনাত্মক প্ৰভাৱ পৰিব৷

বন্ধুসকল, বাৰাউনীৰ এই সাৰ কাৰখানা ইয়াৰেই সন্তান তথা বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী ডাক্টৰ শ্ৰীকৃষ্ণ সিংহজীৰ প্ৰতি আমাৰ এক নম্ৰ শ্ৰদ্ধাঞ্জলি৷ তেওঁ ইয়াক স্থাপন কৰাৰ বাবে অনেক প্ৰয়াস কৰিছিল কিন্তু পুৰণি প্ৰযুক্তিৰ ফলত ই বন্ধ হৈ গল৷ এতিয়া ইয়াত গেছ যোগান সহজ হৈ পৰাত ইয়াক গেছ আধাৰিত উদ্যোগ হিচাপে নিৰ্মাণ কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, বাৰাউনীৰ উপৰিও গোৰখপুৰ, সিন্ধ্ৰী আৰু উৰিষ্যাৰ তালচৰতো এনেধৰণৰ কাৰখানা পুনৰ্জীৱিত কৰাৰ কাম দ্ৰুত গতিত চলিবলৈ ধৰিছে৷ এই সকলোবোৰ সম্ভৱ হোৱাৰ অন্তৰালত আছে প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনা৷

বন্ধুসকল, এই বিভিন্ন সাৰ কাৰখানাৰ দ্বাৰা ইয়াৰে কৃষক ভাতৃসকলে পৰ্যাপ্ত পৰিমাণে সাৰ পোৱাৰ উপৰিও যুৱ প্ৰজন্মই ন ন কৰ্ম সংস্থাপনো লাভ কৰিব পাৰিব৷ আমাৰ কৃষক ভাতৃ-ভগ্নীসকলৰ বাবে এই বাজেটত চৰকাৰে এক ঐতিহাসিক যোজনাৰ ঘোষণা কৰিছে৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনাৰ অধীনত অনাগত ১০টা বৰ্ষত চাৰে সাত লাখ কোটি টকা কৃষকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে জমা কৰা হব৷ ইয়াৰে এক বৃহৎ লাভ বিহাৰৰ কৃষকসকলেও লাভ কৰিব৷ চিন্তা কৰক, যেতিয়া ইমান বৃহৎ ৰাশি দেশৰ গ্ৰামীণ ব্যৱস্থাত, গ্ৰামীণ অৰ্থব্যৱস্থাত প্ৰত্যক্ষভাৱে জমা হ, বিনা মধ্যভোগীৰ হস্তক্ষেপৰ দ্বাৰা, তেন্তে গাঁওসমূহে, গাঁৱৰ বাসিন্দাসকলে কিমান সকাহ পাব৷

ভাতৃ আৰু ভগ্নীসকল, যেতিয়া কোনো উদ্যোগ স্থাপন হয় তেতিয়া নিকটৱৰ্তী অঞ্চলত কৰ্ম সংস্থাপনৰ এক পৰিবেশৰ সৃষ্টি হয় আৰু ইয়াৰ দ্বাৰা বিহাৰৰ সৈতে সমগ্ৰ পূব ভাৰতেই লাভান্বিত হব৷ সেইদৰে বাৰাউনীৰ শোধনাগাৰৰো প্ৰসাৰণৰ দ্বাৰা ইয়াত খাৰুৱা তেলৰ শোধন ক্ষমতা বৃদ্ধি হব আৰু বিহাৰৰ সৈতে নেপাল পৰ্যন্ত পেট্ৰলিয়ামৰ সৈতে জড়িত সামগ্ৰী সহজে উপলব্ধ হব৷

বন্ধুসকল, আমাৰ চৰকাৰৰ দ্বাৰা যোগাযোগ ব্যৱস্থা সুদৃঢ়কৰণ কৰাতো গুৰুত্ব প্ৰদান কৰা হৈছে৷ আজি ইয়াৰ পৰা ৰাঁচী-পাটনা সাপ্তাহিক এক্সপ্ৰেছক সেউজীয়া পতাকা প্ৰদৰ্শন কৰা হৈছে৷ ইয়াৰোপৰি বাৰাউনী-কুমেদপুৰ, মুজফ্ফৰপুৰ-ৰক্সোল, ফতুহা-ইছলামপুৰ, বিহাৰ শ্বৰীফ-দানিয়াবান ৰেল লাইনসমূহৰ বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ কৰা হৈছে৷

বন্ধুসকল, ৰেলৰ সৈতে আমি চহৰসমূহতো ট্ৰেফিক ব্যৱস্থাৰ উত্তৰণ কৰি আছো৷ মই পাটনাৰ বাসিন্দাসকলক অশেষ অভিনন্দন জনাইছো কিয়নো পাটলিপুত্ৰ এতিয়া মেট্ৰৰেলৰ সৈতে জড়িত হব৷ ১৩ হাজাৰ কোটি টকাতকৈও অধিক এই প্ৰকল্পক বৰ্তমানৰ সৈতে ভবিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ প্ৰদান কৰি বিকশিত কৰা হৈছে৷ এই বিকশিত মেট্ৰপ্ৰকল্পৰ দ্বাৰা পাটনা চহৰৰ উন্নতি হোৱাৰ লগতে নতুন দিশত অগ্ৰসৰ হব৷ ইয়াৰ সৈতে পাটনা ৰিভাৰ ফ্ৰণ্টৰ উন্নয়নৰ দ্বাৰা পাটনাত থকা লোকসকল আৰু ইয়ালৈ অহা পৰ্যটকসকলে নতুন অভিজ্ঞতা লাভ কৰিব৷

বন্ধুসকল, এনডিএ চৰকাৰৰ যোজনাৰ বীক্ষণ আৰু আমাৰ বিকাশৰ যাত্ৰা দুটা লাইনত একেসময়তে অগ্ৰসৰ হৈছে৷ প্ৰথম লাইনত আছে আন্তঃগাঁথনিৰ সৈতে জড়িত যোজনাসমূহ- ঔদ্যোগিক বিকাশ, জনতাক আধুনিক সুবিধা প্ৰদান; আৰু দ্বিতীয়টো লাইনত আছে- সেই বঞ্চিত, শোষিত, পীড়িতসকলৰ জীৱন সহজ কৰি তোলা, যিসকলে বিগত ৭০ বছৰ ধৰি মুলভূত সুবিধাসমূহৰ বাবে সংঘৰ্ষ কৰি আছে, সেই সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ আমাৰ সেই ভাই-ভনীসকলৰ বাবে পকী ঘৰ নিৰ্মাণ কৰা, তেওঁলোকৰ পাকঘৰ ধোঁৱাৰ পৰা মুক্ত কৰা, গেছৰ সংযোগ প্ৰদান কৰা, তেওঁলোকৰ ঘৰ বিদ্যুতৰ দ্বাৰা পোহৰ কৰা, শৌচালয়ৰ নিৰ্মাণ, তেওঁলোকক চিকিৎসাৰ সুবিধা প্ৰদান কৰা, ঔষধৰ খৰচৰ পৰা মুক্ত কৰা, কন্যাৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰা, এনেকুৱা অনেক যোজনা আমাৰ চৰকাৰে চলাইছে৷ নতুন ভাৰতৰ পথ এই দুটা লাইনৰ মাজেৰেই পাৰ হয়৷ কেন্দ্ৰ চৰকাৰৰ আৱাস যোজনাৰ অধীনত বিহাৰত দুখীয়া লোকৰ বাবে ১৮ লাখতকৈও অধিক গৃহ নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ ৫০ হাজাৰতকৈও অধিক ইয়াতে, বেগুচৰাইত নিৰ্মাণ হৈছে৷

সেইদৰে অমৃত অভিযানৰ অধীনত বিহাৰৰ ২৭খন চহৰ যেনে- আৰা, হাজীপুৰ, পাটনা, সাসাৰাম, মোতিহাৰী, ভাগলপুৰ, মুংগেৰ, সিৱান আদিক আধুনিক সুবিধাৰ সৈতে সংযোজিত কৰা হৈছে৷ আজিও পাটনাৰ সৈতে বিহাৰৰ অন্য চহৰৰ বাবে খোৱা পানী, শৌচালয়ৰ পৰা পানীৰ নিষ্কাশনৰ বাবে স্বচ্ছতাৰ সৈতে জড়িত ২২টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ ঠিক সেইদৰে কৰমালীচক, বাড়, চুলতানগঞ্জ আৰু নৌগঠিয়াৰ বাবে নৰ্দমাৰ নেটৱৰ্ক আৰু দূষিত পানীৰ পৰিষ্কাৰকৰণৰ সৈতে জড়িত প্ৰকল্প যেতিয়া সম্পূৰ্ণ হৈ উঠিব তেতিয়া ইয়াৰ দ্বাৰা নমামি গংগেৰ দৰে অভিযানৰ সৱলীকৰণ হব৷ আমাৰ এই চহৰো পৰিষ্কাৰ হৈ থাকিব, ইয়াৰ পানীও পৰিষ্কাৰ হৈ থাকিব৷

ভাতৃ আৰু ভগ্নীসকল, গেছভিত্তিক অৰ্থব্যৱস্থাই হওক, যোগাযোগ ব্যৱস্থাই হওক, স্মাৰ্ট চিটীয়েই হওক, গংগাজীৰ পৰিষ্কাৰকৰণৰ কথাই হওক, এনেকুৱা সমগ্ৰ ব্যৱস্থাৰ সৈতে এনডিএ চৰকাৰে দুখীয়া আৰু মধ্যবিত্তবৰ্গৰ স্বাস্থ্যৰ ওপৰতো মনোযোগ প্ৰদান কৰিছে৷ বিহাৰত স্বাস্থ্য সেৱাৰ দৃষ্টিৰে আজিৰ দিনটো এক ঐতিহাসিক দিন৷ ছপৰা আৰু পুৰ্ণিয়াত এতিয়া নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হ, ভাগলপুৰ আৰু গয়াৰ চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণ কৰা হৈছে৷ ইয়াৰোপৰি বিহাৰৰ পাটনাৰ এইমছৰ উপৰিও আৰু এখন এইমছ নিৰ্মাণৰ কাম চলি আছে৷ এই সকলো সুবিধা বিকশিত হোৱাৰ পিছত বিহাৰৰ জনতাই গুৰুতৰ ৰোগৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজনীয়তা কম হৈ পৰিব৷

ভাতৃ আৰু ভগ্নীসকল, মই দুখীয়াৰ অন্তৰৰ সেই দুখ বুজি পাওঁ যেতিয়া তেওঁলোকে নিজৰ চিকিৎসা কৰিব নোৱাৰে কাৰণ তেওঁ নিজৰ ঘৰ চলাব লাগে, সন্তানক পঢ়ুৱাব লাগে৷ এনে স্থিতিত তেওঁৰ বেমাৰ আৰু গুৰুতৰ হৈ পৰে৷ দেশৰ সকলো দুখীয়া লোকক এই চিন্তাৰ পৰা মুক্ত কৰাৰ বাবে এনডিএ চৰকাৰে আয়ুষ্মান ভাৰত যোজনা প্ৰধানমন্ত্ৰী স্বাস্থ্য যোজনাৰ প্ৰণয়ন কৰিছে৷ এই যোজনাৰ দ্বাৰা দেশৰ প্ৰায় ৫০ কোটি দুখীয়া লোকৰ বাবে আশাৰ কিৰণ হৈ উঠিছে৷ ইয়াৰে পাঁচ কোটিতকৈও অধিক লোক মোৰ বিহাৰৰ৷ এই পৰ্যন্ত এই যোজনাৰ মাত্ৰ ১৫০ দিনো হোৱা নাই, ইমান কম সময়তে দেশৰ প্ৰায় ১২ লাখ দুখীয়া ভাই-ভনীয়ে ইয়াৰ দ্বাৰা বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ হৈছে৷ ইয়াত বিহাৰৰো প্ৰায় চাৰে বাৰ হাজাৰতকৈ অধিক লোকে চিকিৎসাৰ সুবিধা লাভ কৰিছে৷ অলপতে আমাৰ চৰকাৰে সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে আৰ্থিক ভিত্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাও কৰিছে৷ এয়া অন্য বৰ্গৰ সংৰক্ষণ ব্যৱস্থাৰ ক্ষতি নোহোৱাকৈ প্ৰণয়ন কৰা হৈছে৷

বন্ধুসকল, বিকাশ আু বিশ্বাসৰ এই সকলোবোৰ কাৰ্য এইবাবেই সম্ভৱ হৈছে কাৰণ আপোনালোকে চাৰে চাৰি বছৰ পূৰ্বে এক শক্তিশালী চৰকাৰৰ গঠন কৰিছিল যি সম্পূৰ্ণ ক্ষমতাৰ সৈতে দ্ৰুত গতিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, সিদ্ধান্তসমূহ প্ৰণয়ন কৰিব পাৰে৷ আৰু সেইবাবে পুনৰবাৰ আপোনালোক সকলো শুভকামনাৰ সৈতে এই বিকাশৰ যোজনাসমূহে নতুন বিহাৰৰ পৰিচয় সাব্যস্ত কৰিব, যুৱপ্ৰজন্মক কৰ্ম সংস্থাপন প্ৰদান কৰিব, কৃষকসকলৰ সৱলীকৰণ কৰিব, আৰোগ্যৰ দৃষ্টিৰে সুস্থ বিহাৰৰ সপোন বাস্তৱায়িত কৰিব৷ এই সকলোবোৰৰ বাবে আপোনালোক সকলোকে অনেক শুভকামনা যাচিছো৷ নীতিশ বাবু আৰু তেওঁৰ সমগ্ৰ দললৈ বহুত বহুত অভিনন্দন৷

বহুত বহুত ধন্যবাদ৷ মোৰ সৈতে সমস্বৰে কওক-

ভাৰত মাতাৰ-জয়

ভাৰত মাতাৰ জয়-

ভাৰত মাতাৰ জয়-

অশেষ ধন্যবাদ৷

***

अतुल तिवारी/शाहबाज़/निर्मल शर्मा/MANN


(रिलीज़ आईडी: 1565374) आगंतुक पटल : 92
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Tamil