প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


ঝাৰখণ্ডৰ হাজাৰিবাগ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে, একাধিক উন্নয়নমূলক প্ৰকল্প মুকলি

দেশবাসীৰ নামত উচৰ্গা ডুমকাৰ হাজাৰিবাগ আৰু পালামু চিকিৎসা মহাবিদ্যালয়, খোৱাপানী আৰু জলসিঞ্চন প্ৰকল্প মুকলি; ৰামগড়ত কেৱল মহিলাৰ বাবে পূব ভাৰতৰ প্ৰথমখন মহিলা অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন; হাজাৰিবাগৰ আচাৰ্য বিনোৱা ভাৱে বিশ্ববিদ্যালয়ত জনজাতি সম্পৰ্কীয় অধ্যয়ণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 17 FEB 2019 7:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জানুৱাৰী, ২০১৯ত ঝাৰখণ্ডৰ হাজাৰিবাগ ভ্ৰমণ কৰে৷ ঝাৰখণ্ডত তেওঁ একাধিক উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মূৰ্মূ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জয়ন্ত সিনহা আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী ৰঘুবৰ দাসো উপস্থিত থাকে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে কয়, দেশৰ বাবে প্ৰাণ আহুতি দিয়া ঝাৰখণ্ডৰ সাহসী সন্তান শ্ৰী বিজয় ছোৰেঙৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ প্ৰতিটো খোজতে আমি শ্বহীদৰ পৰিয়ালবৰ্গৰ যত্ন লাগিব৷

প্ৰধানমন্ত্ৰীয়ে ডুমকাৰ হাজাৰিবাগ আৰু পালামুত চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে৷ ২০১৭ত প্ৰধানমন্ত্ৰীয়ে এই মহাবিদ্যালয়সমূহৰ আধাৰশিলা স্থাপন কৰিছিল৷ নতুন মহাবিদ্যালয়সমূহৰ বাবে ৮৮৫ কোটি টকা ব্যয় কৰা হয়৷ প্ৰতিখন মহাবিদ্যালয়ৰ চৌহদ দিব্যাংগসকলৰ উপযোগীকৈ নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ অত্যাধূনিক সা-সুবিধাৰ জৰিয়তে ঝাৰখণ্ডৰ ১১খন জিলাৰ ১.৫ কোটি লোক উপকৃত হব৷ প্ৰধানমন্ত্ৰীয়ে কয়, এয়াই সেই ঝাৰখণ্ডৰ ভূমি, আয়ুষ্মান ভাৰত যোজনাৰ শুভাৰম্ভ কৰা হৈছিল, যাৰদ্বাৰা ঝাৰখণ্ডৰ লগতে ভাৰতৰ লাখ লাখ লোক উপকৃত হৈছে৷ তদুপৰি, আমি ৰাজ্যখনৰ চিকিৎসা খণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত ধাৰাবাহিকভাৱে প্ৰচেষ্টা হাতত লৈ আহিছো৷তেওঁ লগতে হাজাৰিবাগ, ডুমকা, পালামু আৰু জামছেদপুৰত ৫০০খন বিচনাযুক্ত চাৰিখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্থ্য আৰু বিশুদ্ধ খোৱাপানী দুয়োটাই অবিচ্ছেদ্য৷ ঝাৰখণ্ডত মুকলি কৰা পানীৰ প্ৰকল্পটোৱে ইয়াৰ লোকসকলৰ সু-স্বাস্থ্য সুনিশ্চিত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ৰামগড় আৰু হাজাৰিবাগ জিলাত চাৰিখন গ্ৰাম্য পানী যোগান আঁচনি উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে এই দুয়োখন জিলাৰ বিশেষকৈ পিছপৰা জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বসতিপ্ৰধান অঞ্চলৰ বাবে অতিৰিক্ত ৬খন গ্ৰাম্য পানী যোগান আঁচনিৰো আধাৰশিলা স্থাপন কৰে৷ তেওঁ হাজাৰিবাগত নগৰীয়া পানী যোগান আঁচনিৰো আধাৰশিলা স্থাপন কৰে৷ ৫০০ কোটি টকা ব্যয়সাপেক্ষ এই পানী যোগান আঁচনিৰ জৰিয়তে হাজাৰিবাগৰ ৫৬,০০০পৰিয়ালক বিশুদ্ধ পানী যোগান ধৰিব৷

প্ৰধানমন্ত্ৰীয়ে নমামি গংগা প্ৰচেষ্টাৰ অধীনত ছাহিবগঞ্জ আৱৰ্জনা নিষ্কাষণ প্লাণ্ট আৰু মধুসূদন ঘাটো উদ্বোধন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কৃষকে ই-নামৰ অধীনত মবাইল ফোন ক্ৰয় কৰাৰ বাবে ডিবিটি আঁচনিৰ শুভাৰম্ভণি উপলক্ষে একাংশ নিৰ্বাচিত হিতাধিকাৰীক চেকো বিতৰণ কৰে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, এই আঁচনিৰ জৰিয়তে ২৭ লাখ কৃষক উপকৃত ব৷ এই স্মাৰ্ট ফোনৰ সহায়ত তেওঁলোকে বতৰ সম্পৰ্কীয় তথ্য লাভ কৰাৰ উপৰি শস্যৰ দাম, চৰকাৰৰ আঁচনি আৰু কৃষিৰ নতুন পদ্ধতিসমূহৰ বিষয়েও জানিব পাৰিব৷

প্ৰধানমন্ত্ৰীয়ে ৰামগড়ত একমাত্ৰ মহিলা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এইখন হৈছে পূব ভাৰতৰ প্ৰথমখন আৰু সমগ্ৰ ভাৰতৰ তৃতীয়খন এনে মহাবিদ্যালয়, কেৱল মহিলাই অভিযান্ত্ৰিক পাঠ্যক্ৰমত অধ্যয়ন কৰে৷ হাজাৰিবাগৰ আচাৰ্য বিনোৱা ভাৱে বিশ্ববিদ্যালয়ত জনজাতি সম্পৰ্কীয় অধ্যয়ন কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয় যে এই প্ৰতিষ্ঠানটি জনজাতীয় ৰীতি-নীতি আৰু সংস্কৃতিৰ জ্ঞানৰ ভাণ্ডাৰ হোৱাৰ লগতে ইয়াৰ সম্প্ৰসাৰিত কৰাত সহায় কৰিব৷ প্ৰধানমন্ত্ৰীয়ে কয় যেসবকা সাথ, সবকা বিকাশনীতিয়ে দুখীয়া, মহিলা, যুৱক-যুৱতী আৰু জনজাতি ইত্যাদি সমাজৰ সকলো শ্ৰেণীকে সবলীকৰণ কৰিছে৷ মহিলা আৰু জনজাতিসকলৰ বাবে মহাবিদ্যালয় স্থাপনো এই প্ৰচেষ্টাৱলীৰে অংশ৷

চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীক গাখীৰ প্ৰদানৰ কানহা দুগ্ধ আঁচনিৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে একাংশ নিৰ্বাচিত শিক্ষাৰ্থীক পেকেট গাখীৰো বিতৰণ কৰে৷ ইয়াৰ অধীনত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ২০০ মিলিলিটাৰকৈ গাখীৰ লাভ কৰিব, যাৰ দ্বাৰা তেওঁলোকে অপুষ্টিৰ বিৰুদ্ধে যুঁজিব পাৰিব৷ প্ৰধানমন্ত্ৰীয়ে কয়, মই আশা কৰো, প্ৰতিগৰাকী শিশুৱে তেওঁলোকৰ সক্ষমতাক উপলব্ধি কৰিব আৰু আমাৰ দেশক গৌৰৱান্বিত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে তেওঁৰ চৰকাৰে আমাৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা জনজাতীয় বীৰসকলৰ স্মৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে৷ এই ক্ষেত্ৰত ঝাৰখণ্ডৰ বীৰছামুণ্ডা সংগ্ৰহালয়ো অন্যতম৷

******

AKT/ VJ/DB


(ৰিলিজ আই ডি : 1565175) অতিথি কক্ষ : 118